ETV Bharat / state

Illegally stored PDS rice seized: ডিগবৈত জব্দ অবৈধভাৱে মজুত ৰখা সুলভ মূল্যৰ চাউল

author img

By

Published : May 31, 2023, 4:40 PM IST

Illegally stocked PDS rice seized
চাউলৰ চোৰাং বেহা

ডিগবৈত সুলভ মূল্যৰ চাউলৰ চোৰাং বেহা ৷ অবৈধভাৱে মজুত ৰখা ৩৪ বস্তা চাউল ৰামেশ্বৰ গুপ্তাৰ গুদামৰ পৰা জব্দ ৷ বৰবিল সমবায় সমিতিৰ প্ৰাক্তন সভাপতি তথা হাপজান ব্লক কংগ্ৰেছৰ সম্পাদক বিনোদ খাৰিয়াৰ সৈতে গোপন বুজাবুজিৰ অভিযোগ (Illegally stocked PDS rice seized) ।

অবৈধভাৱে মজুত ৰখা সুলভ মূল্যৰ চাউল জব্দ

তিনিচুকীয়া, 31 মে’: ডিগবৈৰ বৰবিল সমবায় সমিতিৰ অন্তৰ্গত এচাম বিতৰকে (এজেণ্ট) ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ যোগেদি দুখীয়া পৰিয়াললৈ অহা সুলভ মূল্যৰ চাউল কৌশলেৰে দীৰ্ঘদিন ধৰি আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহিছে ৷ সমিতিখনৰ নতুনকৈ দ্বায়িত্ব লোৱা সভাপতি ধনঞ্জয় মাহাতোৱে গোপন সূত্ৰৰ ভিত্তিত এজেণ্ট ৰামেশ্বৰ গুপ্তাৰ গুদামত অভিযান চলাই অবৈধ ভাৱে মজুত ৰখা 34 বেগ চাউল জব্দ কৰে (Illegally stocked PDS rice seized at Digboi) ৷

উল্লেখ্য যে মে’ মাহৰ চাউল বিতৰণ কৰিবলৈ এজেণ্ট ৰামেশ্বৰ গুপ্তাই বহু দিনৰ পূৰ্বে সমবায় সমিতিৰ পৰা চাউল সংগ্ৰহ কৰিছিল ৷ কিন্তু আজি মাহটোৰ শেষ হ’বলৈ মাজত মাত্ৰ এটা দিন বাকী থকা আৱস্থাত এতিয়াও 34 বেগ চাউল গুদামত মজুত থকাটো কেতিয়াও গ্ৰহণ যোগ্য নহয় ৷ গতিকে এই সন্দৰ্ভত সন্দেহ ওপজাত সমবায় সমিতিখনৰ সভাপতি ধনঞ্জয় মাহাতোৱে ডিগবৈ আৰক্ষীক লিখিত ৰূপে জনোৱাত আৰক্ষীয়ে চাউলখিনি জব্দ কৰে (Illegally stocked PDS rice seized) ৷

সভাপতি ধনঞ্জয় মাহাতোৱে জনোৱা মতে এজেণ্টজনৰ গুদামত ইমান সংখ্যক চাউল মজুত থকাতো আইন বিৰোধী ৷ কৌশলেৰে এজেণ্ট ৰামেশ্বৰ গুপ্তাই নিৰ্দিষ্ট পৰিমাণৰ গ্ৰাহকৰ উপৰিও অধিক চাউল সমবায় সমিতিখনৰ পৰা লৈ যায় ৷ বাকী অতিৰিক্ত চাউল এজেণ্টজনে অধিক দামত বজাৰত বিক্ৰী কৰে ৷ চাউলৰ এই চোৰাং বেহাত সমবায় সমিতিখনৰ প্ৰাক্তন সভাপতি তথা হাপজান ব্লক কংগ্ৰেছৰ বৰ্তমানৰ সম্পাদক বিনোদ খাৰিয়া জড়িত থকাৰ অভিযোগ তুলিছে বৰ্তমানৰ সভাপতি ধনঞ্জয় মাহাতোৱে (Illegally stored PDS rice seized) ৷

বিগত প্ৰায় বিশ বছৰে ডিগবৈ বৰবিল সমবায় সমিতিখনক খীৰতি গাইৰ দৰে ব্যৱহাৰ কৰি অগাধ সম্পত্তিৰ পাহাৰ গঢ়ি তোলা বিনোদ খাৰিয়াৰ জালিয়াতি সন্দৰ্ভত ডিগবৈৰ এগৰাকী সচেতন ব্যক্তিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী, যোগান মন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধান আৰু জিলা উপায়ুক্তলৈও অভিযোগ পত্ৰ প্ৰেৰণ কৰিছিল বুলি জানিব পৰা গৈছে (Illegally Stocked Rice Seized in Digboi) ৷

গতিকে সমগ্ৰ ঘটনাটোৰ তদন্তৰ পোষকতা কৰিছে বৰ্তমানৰ সভাপতি মাহাতোৱে ৷ তদুপৰি সমবায় সমিতিখনৰ ভিতৰ চ’ৰাত পূৰ্বৰে পৰা বহু অনিয়ম হৈ থকা বুলিও অভিযোগ কৰে বৰ্তমানৰ সভাপতিজনে ৷ এতিয়া যোগান বিভাগৰ বিষয়াসকলে তদন্ত কৰি দোষীক ধৰা পেলাব নে ঘটনাটো গাপ দিব সেইয়া সময়তহে জানিব পৰা যাব ৷ ঘটনা সন্দৰ্ভত অধিক তথ্য আহৰণৰ বাবে ডিগবৈ আৰক্ষীৰ তদন্ত বৰ্তমানেও অব্যাহত আছে ৷

লগতে পঢ়ক: Cattle smuggling in Dhemaji: ধেমাজিৰ হাতীগড়ত ৰাইজে জব্দ কৰিলে চোৰাং গৰুভৰ্তি ট্ৰাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.