ETV Bharat / state

পৰশুৰামকুণ্ডত দৰ্শনাৰ্থীৰ ব্যাপক ভিৰ

author img

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 11:53 AM IST

Huge crowd of visitors at Parshuramkund
পৰশুৰামকুণ্ডত দৰ্শনাৰ্থীৰ ব্যাপক ভিৰ

ঐতিহাসিক পৰশুৰামকুণ্ডত আৰম্ভ হৈছে মাঘী মেলা-২৪ । মকৰ সংক্ৰান্তি দিনটোৰ পৰা আয়োজন কৰা পৰশুৰামকুণ্ড মাঘী মেলা-২৪ উপলক্ষে জিলা প্ৰশাসনৰ লগতে অৰুণাচল চৰকাৰেও গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ।

পৰশুৰামকুণ্ডত দৰ্শনাৰ্থীৰ ব্যাপক ভিৰ

তিনিচুকীয়া,১৭ জানুৱাৰী: অৰুণাচল প্ৰদেশৰ লোহিত জিলাত অৱস্থিত পৰশুৰামকুণ্ড উত্তৰ পূৰ্বাঞ্চলৰ এক অন্যতম তীৰ্থস্থান । পৰশুৰামকুণ্ডলৈ বছৰৰ বাৰমাহেই বহুতো ভক্তৰ লগতে তীৰ্থযাত্ৰীসকলৰ আগমন ঘটা পৰিলক্ষিত হয় যদিও বিশেষকৈ প্ৰতি বছৰৰ মাঘ মাহৰ মকৰ সংক্ৰান্তিৰ দিনটোৰ পৰা আয়োজন কৰা পৰশুৰামকুণ্ড মাঘী মেলাত ভিৰ কৰেহি দেশ-বিদেশৰ ভক্ত তথা তীৰ্থযাত্ৰীসকলে ৷

বিশ্বাস কৰা হয় যে পৰশুৰামকুণ্ডত স্নান কৰিলে জীৱনত কৰা পাপসমূহৰ খণ্ডন হয় ৷ পৰশুৰামকুণ্ড তিনিচুকীয়াৰ পৰা প্ৰায় ১৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত আৰু যাত্ৰাৰ সময় লাগে প্ৰায় তিনি ঘণ্টা ৷ বিভিন্ন দেশ-বিদেশৰ ভক্তসকলে পৰশুৰামকুণ্ডলৈ তিনিচুকীয়া জিলাৰ মাজেৰেই যাত্ৰা কৰি আহিছে ৷ মকৰ সংক্ৰান্তি দিনটোৰ পৰা আয়োজন কৰা পৰশুৰামকুণ্ড মাঘী মেলা-২৪ উপলক্ষে জিলা প্ৰশাসনৰ লগতে অৰুণাচল চৰকাৰেও গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ।

তীৰ্থযাত্ৰীসকলৰ থকা, খোৱাৰ সু-ব্যৱস্থাৰ লগতে চিকিৎসা আৰু নিৰাপত্তাৰ ক্ষেত্ৰতো গ্ৰহণ কৰে পদক্ষেপ ৷ কেৱল অৰুণাচল চৰকাৰেই নহয় চুবুৰীয়া ৰাজ্য হিচাপে তিনিচুকীয়া জিলাৰো বহুতো সংস্থাই তীৰ্থযাত্ৰী তথা ভক্তসকলৰ বিনামূলীয়াকৈ থকা, খোৱাৰ লগতে যাত্ৰাৰো সুবিধা প্ৰদান কৰি আহিছে । কিন্তু এইবাৰ উৰুকাৰ নিশাৰ পৰা নামচাইত দুটা ফৈদৰ মাজত সংঘটিত হোৱা সংঘাতৰ বাবে নামচাইৰ জিলা প্ৰশাসনে জিলাখনত ১৪৪ ধাৰা জাৰি কৰাৰ লগতে পৰশুৰামকুণ্ডলৈ যোৱা পথৰো সলনি কৰিব লগা হয় ।

যাৰ বাবে বহুতো ভক্ত তথা তীৰ্থযাত্ৰীসকল অসুবিধাৰ সন্মুখীণ হয় ৷ অৱশ্যে তিনিচুকীয়া জিলাৰ মাজেৰে যোৱা তীৰ্থযাত্ৰীসকলে পৰশুৰামকুণ্ডলৈ শদিয়া হৈ যাত্ৰা কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰে তিনিচুকীয়া জিলা প্ৰশাসনেও ৷

লগতে পঢ়ক: পহিলা মাঘত চুঙা চাউল খোৱাৰ পৰম্পৰা অব্যাহত টীয়কত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.