ETV Bharat / state

Governor in Tinsukia: তিনিচুুকীয়াত কৃষি ক্ষেত্ৰৰ বিকাশত গুৰুত্ব দিবলৈ জিলা প্ৰশাসনক ৰাজ্যপালৰ আহ্বান

author img

By

Published : Feb 5, 2023, 7:36 AM IST

Governor Jagdish Mukhi in Tinsukia
তিনিচুকীয়াত ৰাজ্যপাল জগদীশ মুখী

ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীৰ তিনিচুকীয়া জিলা প্ৰশাসনৰ সৈতে পৰ্যালোচনা বৈঠক (Governor Jagdish Mukhi in Tinsukia) । জিলাখনৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা ৷

তিনিচুকীয়া, 5 ফেব্ৰুৱাৰী : অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে এদিনীয়া ভ্ৰমণ সূচীৰে শনিবাৰে তিনিচুকীয়া জিলাত উপস্থিত হয় (Governor Jagdish Mukhi in Tinsukia) । ৰাজ্যপাল জগদীশ মুখীয়ে পোন প্ৰথমে তিনিচুকীয়াৰ হোটেল ডি মিৰানাত সৰ্বভাৰতীয় নিৰ্মাতা সংগঠনৰ (অসম ৰাজ্যিক পৰিষদ) হীৰক জয়ন্তী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ ইয়াৰ পাচতে ৰাজ্যপালগৰাকীয়ে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয় । বৈঠকৰ আৰম্ভণিতে জিলা উপায়ুক্ত নৰ্ছিং পাৱাৰে ৰাজ্যৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীক এখন ফুলাম গামোছা আৰু এখন শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰে (DC of Tinsukia Narsing Pawar) ৷

বৈঠকখনত ৰাজ্যপাল গৰাকীয়ে তিনিচুকীয়া জিলাখনত অমৃত সৰোবৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দৰে ৰূপায়ণ হৈ থকা প্ৰতিখন চৰকাৰী আচঁনিৰ কাম-কাজৰ অগ্ৰগতিৰ খতিয়ান লয় । ৰাজ্যপালগৰাকীয়ে দেশৰ অৰ্থনৈতিক বিকাশৰ বাবে কৃষি ক্ষেত্ৰৰ উত্তৰণ অতিশয় জৰুৰী বুলি উল্লেখ কৰি জিলাখনত কৃষি ক্ষেত্ৰৰ বিকাশৰ ওপৰত গুৰুত্ব দিবলৈ জিলা প্ৰশাসনৰ প্ৰতি আহ্বান জনায় । জিলাখনত কৃষি ভূমি বৃদ্ধি কৰাৰ লগতে কৃষকৰ আয় বৃদ্ধিৰ বাবে সমন্বিত কৃষিৰ বাবে উৎসাহ যোগাবলৈ সংশ্লিষ্ট বিভাগলৈ পৰামৰ্শ আগবঢ়ায় (Amrit Sarobar in Tinsukia) ।

ৰাজ্যপালগৰাকীয়ে তিনিচুকীয়া জিলাখনত জলজীৱন মিছনৰ অগ্ৰগতি সন্দৰ্ভতো আলোচনা কৰে (Jal jeevan mission) । চৰকাৰৰ সকলো ধ্বজাবাহী আঁচনিৰ সফলতাপূৰ্বক ৰূপায়ণৰ বাবে জিলা প্ৰশাসন তথা সংশ্লিষ্ট বিভাগক নিয়মিত নিৰীক্ষণ কৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰে । পৰৱৰ্তী সময়ত ৰাজ্যৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে তিনিচুকীয়া জিলাস্থিত সুৰক্ষা বাহিনীৰ বিষয়া বৰ্গৰ সৈতেও এক পৰ্যালোচনা সভাত ভাগ লয় । উক্ত পৰ্যালোচনা বৈঠকখনত ৰাজ্যপালগৰাকীৰ সৈতে তিনিচুকীয়া জিলাৰ উপায়ুক্ত নৰ্ছিং পাৱাৰ, জিলাখনৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপ, অতিৰিক্ত উপায়ুক্ত ক্ৰমে সুশান্ত দত্ত, ছৰফৰাজ হক, মনজিৎ বৰকাকতি উপস্থিত থাকে ৷

ইয়াৰোপৰি, তিনিচুকীয়া জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া মুনীন্দ্ৰ বৰদলৈ, তিনিচুকীয়াৰ ৰাজহ চক্ৰ বিষয়া চিন্ময় পাঠক, নিৰ্বাচনী বিষয়া কংকন দলে, কাৰ্যবাহী বিষয়া অপৰূপা বুঢ়াগোঁহাইকে আদি কৰি কেইবাটাও বিভাগৰ কাৰ্যবাহী বিষয়া তথা শীৰ্ষ বিষয়াসকলে পৰ্যালোচনা সভাখনত অংশগ্ৰহণ কৰে ৷ পৰ্যালোচনা বৈঠকৰ পাচতে জিলাখনৰ চৰকাৰী আৱৰ্ত ভৱনত উপস্থিত হৈ তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিষানে অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীক সম্বৰ্ধনা জনোৱাৰ লগতে তিনিচুকীয়াৰ উন্নয়নৰ পৰিকল্পনা তথা কাৰ্যকৰীকৰণ সন্দৰ্ভত কিছু আলোচনা কৰে ৷ ইয়াৰোপৰি, ৰাজ্যপালগৰাকীয়ে বিভিন্ন বিষয়ত মন্ত্ৰীগৰাকীক বহুমূলীয়া পৰামৰ্শ প্ৰদান কৰে (Labour minister of Assam Sanjoy Kishan) ৷

লগতে পঢ়ক : Anti-child marriage operation in Assam: বাল্য বিবাহ বিৰোধী অভিযানত বেআইনী স্বামীকে ধৰি গ্ৰেপ্তাৰ 750 তকৈ অধিক ব্যক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.