ETV Bharat / state

সদৌ টাই আহোম ছাত্ৰ সন্থা(আটাছু)ৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

author img

By

Published : Jul 16, 2021, 1:58 PM IST

formation-day-of-aatasu
আটাছুৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

সদৌ টাই আহোম ছাত্ৰ সন্থা (ATASU)ৰ 33 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন । ক’ভিড প্ৰটকলৰ মাজেৰেই পালন কৰা হ’ল প্ৰতিষ্ঠা দিৱস ।

তিনিচুকীয়া, 16 জুলাই : বৃহস্পতিবাৰে তিনিচুকীয়া চহৰৰ শ্ৰীপুৰীয়াস্থিত সদৌ টাই আহোম ছাত্ৰ সন্থা (ATASU)ৰ কাৰ্যালয়ত 33 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে । 1988 চনতে জন্ম লাভ হোৱা এই সদৌ টাই আহোম ছাত্ৰ সন্থা (ATASU)ৰ প্ৰতিষ্ঠা দিৱস ক’ভিড পৰিস্থিতিৰ মাজতো অনুষ্টুপীয়াকৈ আয়োজন কৰা হয় প্ৰতিষ্ঠা দিৱস ৷ প্ৰতিষ্ঠা দিৱসত সম্পূৰ্ণ নীতি নিয়ম মানি অনুষ্টুপীয়াকৈ 33 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে ।

আটাছুৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

এই উদযাপন অনুষ্ঠানৰ জৰিয়তে তেওঁলোকে পূৰ্বৰ পৰা দাবী কৰি অহা দাবীসমূহ পূৰণ কৰিবলৈ বৰ্তমানৰ শাসনাধীন চৰকাৰখনক আহ্বান জনায় আৰু উক্ত দাবীসমূহ পূৰণ নকৰিলে চৰকাৰৰ বিৰুদ্ধে মাত মাতিব বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে । উক্ত উদযাপন অনুষ্ঠানত কেইবাটাও দল-সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক:মাৰাণাস্ত্ৰ সহ দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.