ETV Bharat / state

তৃতীয়টো বানত সৰ্বস্বান্ত লাইকা-দধিয়াবাসী

author img

By

Published : Jul 2, 2021, 1:43 PM IST

A_tsk_flood-in-laika-dadhiya-assam-etv-bharat-news_vis_as10027
তৃতীয়টো বানত সৰ্বস্বান্ত লাইকা-দধিয়াবাসী

ৰাজ্যত এতিয়া বানৰ তাণ্ডৱ ৷ বছৰটোৰ তৃতীয়টো বানত সৰ্বস্বান্ত হৈ পৰিছে লাইকা-দধিয়াৰ বৃহৎ অঞ্চল ৷ ক’ত-কেতিয়া হব লাইকা-দধিয়াবাসীৰ পুনৰ সংস্থাপন ? লাইকা-দধিয়াৰ বনগাঁও সমূহৰ পুনঃসংস্থাপনৰ আশ্বাস দিছিল যদিও আজিলৈকে পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়াটো কাৰ্যকৰী নহল ৷ চৰকাৰৰ লগত কেইবালানিও আলোচনা হ’ল ৷ আলোচনাবোৰত বহু আশ্বাস দিলে লাইকা-দধিয়া বাসী ৰাইজক কিন্তু চৰকাৰৰ আশ্বাসবোৰ মৰিচীকাত পৰিণত হৈ ৰ’ল ৷

তিনিচুকীয়া, 2 জুলাই : বিভিন্ন সমস্যাৰে জৰ্জৰিত লাইকা-দধিয়াবাসীৰ জীৱনলৈ নামি আহিছে অমানিশা ৷ কিছুদিন পূৰ্বে গৰাখহনীয়াত ঘৰ, ভেঁটি-মাটি সকলো হেৰুৱাই সৰ্বস্বান্ত হৈ জীয়াই থকাৰ বাবে এডোখৰ নিৰাপদ ঠাই বিচাৰি ৰাজপথত মাহজোৰা আন্দোলন কৰিছিল ডিব্ৰুগড়ৰ চাবুৱা সমষ্টি (Chabua constituency)ৰ দধিয়াৰ ৰাইজে । বিগত বৰ্ষত পুনঃসংস্থাপনৰ প্ৰতিবাদ কৰি তিনিচুকীয়া জিলাৰ উপায়ুক্ত কাৰ্যলয়ৰ সমীপত এগৰাকী গৰ্ভৱতী মহিলা আৰু এজন যুৱকে মৃত্যুক সাবটি ল'বলগীয়া হৈছিল ।

চৰকাৰ গ’ল ,আকৌ আহিল কিন্তু লাইকা-দধিয়াবাসীৰ সমস্যাবোৰ কেতিয়াও সমাধান নহল ৷ চৰকাৰৰ,নেতা-পালিনেতাৰ আশ্বাসবোৰ আশ্বাস হৈয়ে ৰ’ল ৷ লাইকা-দধিয়াবাসীৰ আশাবোৰ আশা হৈয়ে ৰৈছে ৷ অতিমাৰী কৰ’ণাৰ দ্বিতীয়টো লহৰে সমগ্ৰ দেশৰ লগতে অসমটো ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তেই বছৰটোৰ তৃতীয়টো বানত সম্পূৰ্ণকৈ ডুব গৈছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ (Dibru Choikhoa national Park) কাষৰ বনগাঁও লাইকা-দধিয়াৰ বৃহৎ অঞ্চল ৷

তৃতীয়টো বানত সৰ্বস্বান্ত লাইকা-দধিয়াবাসী

কেইবাদিনো নেৰানেপেৰা বৰষুণৰ ফলত বৰ্তমান লাইকা-দধিয়াবাসীৰ অৱস্থা অতি দুখজনক ৷ উল্লেখযোগ্য যে 1999 চনতে চৰকাৰে ডিব্ৰু-ছৈখোৱাক ৰাষ্ট্ৰীয় অভয়াৰণ্য (Dibru Choikhoa national Park) হিচাপে ঘোষণা কৰাৰ পিছৰে পৰা কাষৰীয়া লাইকা-দধিয়াৰ বনগাঁও সমূহৰ পুনঃসংস্থাপনৰ আশ্বাস দিছিল যদিও আজিলৈকে পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়াটো কাৰ্যকৰী নহল ৷

চৰকাৰৰ লগত কেইবালানিও আলোচনা হ’ল ৷ আলোচনাবোৰত বহু আশ্বাস দিলে লাইকা- দধিয়া বাসী ৰাইজক কিন্তু চৰকাৰৰ আশ্বাসবোৰ মৰিচীকাত পৰিণত হৈ ৰ’ল ৷ আজিলৈকে চৰকাৰে কোনো সু-সিদ্ধান্ত গ্ৰহণ নকৰিলে লাইকা দধিয়া বাসীৰ বাবে ৷

সেয়ে পুনৰবাৰ বানত ক্ষতিগ্ৰস্ত লাইকা-দধিয়াবাসীয়ে বানৰ সময়ত উচিত সাহাৰ্য দিয়াৰ উপৰিও পুনৰ সংস্থাপনৰ কাৰ্য সম্পূৰ্ণ কৰিবলৈ চৰকাৰক দাবী জনাইছে ৷ আনহাতে, আজি প্ৰায় 6 মাহ দিন ধৰি জাগুনত অস্থায়ী শিবিৰ পাতি বসবাস কৰি আছে লাইকাৰ 150 টা পৰিয়াল । বিগত 24 তাৰিখে ডিগবৈ DFO য়ে কেম্প পৰিদৰ্শন কৰি 29 তাৰিখে পুনঃ সংস্থাপন দিয়া হ'ব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছিল যদিও সংস্থাপন নহ’ল।

বৃহস্পতিবাৰে পুনৰ কেম্পত উপস্থিত হৈ ডিগবৈ বন প্ৰাধিকাৰী বিষয়াই ৰাইজৰ পৰা আকৌ 5 দিনৰ সময় বিচাৰিলে। ইয়াৰ পাছতে ৰাইজে উত্তেজিত হৈ অহা 5 তাৰিখে লাইকাৰ 150 টা পৰিয়ালক সংস্থাপন দিব নোৱাৰিলে ৰাইজে টিংকুপানী হাবি দখল কৰি ঘৰ বনাব বুলি DFO ক অৱগত কৰে। সচাঁকৈ প্ৰশ্ন হয় এই প্ৰতিশ্ৰুতি পালন কৰিব পাৰিবনে ? যদিহে নোৱাৰে,লাইকাৰ 150 টা পৰিয়ালৰ ভৱিষ্যাত কি হ'ব সেয়া হব লক্ষণীয় বিষয়।

লগতে পঢ়ক:গৰাখহনীয়াত সৰ্বস্বান্ত দধিয়াৰ ৰাইজক পাহৰিলে চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.