ETV Bharat / state

তিনিচুকীয়াৰ লেজাইশোলাত প্ৰশাসনৰ উচ্ছেদ অভিযান

author img

By

Published : Dec 18, 2020, 9:43 PM IST

তিনিচুকীয়াত প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ চৰকাৰী ভূমিত অবৈধভাৱে বসবাস কৰা লোকৰ বাসগৃহ উচ্ছেদ কৰিলে প্ৰশাসনে ৷

eviction-in-tinsukia
তিনিচুকীয়াৰ লেজাইশোলাত প্ৰশাসনৰ উচ্ছেদ অভিযান

তিনিচুকীয়া, 18 ডিচেম্বৰ : শুকুৰবাৰে তিনিচুকীয়া জিলাৰ জানমুখৰ লেজাইহোলাত প্ৰশাসনে উচ্ছেদ অভিযান চলায় ৷ স্থানীয় ৰাইজৰ তৎপৰতাত জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায় ৷ অভিযোগ অনুসৰি, ফিল'বাৰী, লাইকা, দডিয়া আদি বিভিন্ন ঠাইৰ পৰা সন্দেহজনক লোকে প্ৰশাসনক নজনোৱাকৈ নিশাৰ ভাগত ঘৰ সাজি চৰকাৰী ভূমিত বসবাস কৰাৰ অভিযোগ উত্থাপন হৈছিল ।

লগতে পঢ়ক : বৰপেটাৰ যৌন নিৰ্যাতনৰ অভিযুক্তক 5 বছৰ সশ্ৰম কাৰাদণ্ড

সংবাদ মাধ্যমৰ আগত ৰাজহ চক্ৰ বিষয়াই জনোৱা অনুসৰি, চৰকাৰী 12 নং দাগত সৰ্বমুঠ 173 টা পৰিয়ালে ইতিমধ্যে বেদখল কৰি আছে । ইতিমধ্যে, উক্ত বিষয় সন্দৰ্ভত এখন ভূমি উপদেষ্টা সমিতিৰ বৈঠক অনুষ্ঠিত হৈ গৈছে । য'ত 173 পৰিয়ালক ভূমি আৱন্টন কৰি দিবলৈ ৰাজহ চক্ৰ বিষয়াৰ যোগেদি চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে ।

তিনিচুকীয়াৰ লেজাইশোলাত প্ৰশাসনৰ উচ্ছেদ অভিযান

আনহাতে, 173 টা পৰিয়ালৰ বাহিৰে অন্য বহুতো লোকে ভূমি দখল কৰি নিশাৰ ভাগত ঘৰ সজাৰ অভিযোগ উত্থাপন হৈছিল আৰু সেই সমূহ অবৈধলোকৰ ঘৰসমূহ প্ৰশাসনে উচ্ছেদ অভিযান চলায় ৷

লগতে পঢ়ক : চিৰাঙত চাওঁতাল ছাত্ৰ সন্থাৰ বিজয় উৎসৱ উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.