ETV Bharat / state

Palash Moran missing case: অৰুণাচলৰ আপাৰ চিংহাঙত উদ্ধাৰ আলফা কেডাৰ পলাশ মৰাণৰ মৃতদেহৰ অৱস্থিতি

author img

By

Published : Apr 26, 2023, 8:43 AM IST

Updated : Apr 26, 2023, 4:01 PM IST

2021 চনত আলফা (স্বা:)ত যোগদান কৰা তিনিচুকীয়া জিলাৰ তৰাণি গাঁৱৰ পলাশ মৰাণৰ মৃতদেহৰ অৱস্থিতি উদ্ধাৰ । কোনে হত্যা কৰিলে আলফা কেডাৰ পলাশ মৰাণক তাকে সৃষ্টি হৈছে চাঞ্চল্যৰ (Palash Moran dead body traced )?

Palash Moran missing case
Palash Moran missing case

অৰুণাচলৰ আপাৰ চিংহাঙত উদ্ধাৰ আলফা কেডাৰ পলাশ মৰাণৰ মৃতদেহৰ অৱস্থিতি

তিনিচুকীয়া, 26 এপ্ৰিল : আলফা স্বাধীনৰ ম্যানমাৰস্থিত শিবিৰৰ পৰা পলায়ন কৰা তিনিচুকীয়া জিলাৰ তৰাণি গাঁৱৰ পলাশ মৰাণ নামৰ কেডাৰজনৰ মৃতদেহৰ অৱস্থিতি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে তেওঁৰ পৰিয়ালৰ লোকে ৷ ভাৰত-ম্যানমাৰ সীমান্তৰ অৰুণাচলৰ আপাৰ চিংহাং নামৰ এক স্থানৰ অৰণ্যৰ ভিতৰত পলাশ মৰাণৰ মৃতদেহটো পুতি ৰখা স্থান নিশ্চিত কৰিছে তেওঁৰ ভাতৃয়ে ৷ পলাশৰ ভাতৃয়ে সেই অঞ্চলৰ স্থানীয় গাঁও প্ৰধানৰ সৈতে মৃতদেহটো গাঁতত পুতি ৰখা বুলি নিশ্চিত কৰে যদিও গভীৰ অৰণ্য হোৱা হেতুকে পলাশৰ এটা জেকেট উদ্ধাৰ কৰি ঘৰলৈ উভতি আহে (ULFA cadre escaped) ৷

কিন্তু, আন তিনি সহযোগীৰ সৈতে আলফা স্বাধীনৰ শিবিৰৰ পৰা পলায়ন কৰা পলাশ মৰাণৰ কেনেকৈ মৃত্যু হ’ল তাকে লৈ এতিয়া সৃষ্টি হৈছে গভীৰ ৰহস্যৰ ৷ কাৰণ ইতিমধ্যেই পলাশৰ তিনি সহযোগীয়ে সেনা-আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে ৷ কিন্তু ৰহস্যজনকভাৱে পলায়ন কৰা দলটোৰ মিণ্টু মৰাণ নামৰ সদস্যজনে আৰক্ষী আৰু পলাশ মৰাণৰ ভাতৃক আলফাৰ শিবিৰৰ পৰা পলায়ন কৰি আহি থকাৰ পথতে পলাশ মৰাণ নিৰুদ্দেশ হোৱা বুলি অৱগত কৰে ( Missing after fleeing the Ulfa camp) ৷

আলফাৰ শিবিৰৰ পৰা একেলগে চাৰি কেডাৰ পলায়ন কৰি অহাৰ পথত হঠাৎ পলাশ মৰাণ সন্ধানহীন হোৱা আৰু পৰৱৰ্তী পৰ্যায়ত পলাশ মৰাণৰ মৃতদেহ পুতি ৰখা গাঁত উদ্ধাৰ কৰা বিষয়টো স্বাভাৱিকতেই এক ৰহস্যজনক বিষয় ৷ ইফালে, আৰক্ষীৰ সূত্ৰয়ো পলাশ মৰাণক হত্যা কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে ৷

মঙলবাৰে খুনচাৰ সমীপৰ আপাৰ চিংহাং নামৰ ঠাইত পলাশ মৰাণৰ মৃতদেহৰ অৱস্থিতি ধৰা পেলোৱাৰ পাচতে তিনিচুকীয়া জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসে সদৰী কৰা অনুসৰি পলাশ মৰাণৰ কপালত আছিল গুলীৰ আঘাত ৷ তাৰ সমান্তৰালভাৱে, পলাশ মৰাণৰ ভাতৃয়ে সংবাদ মাধ্যমৰ আগত প্ৰদান কৰি ভাষ্য অনুসৰি পলাশ মৰাণক মূৰত গুলীয়াই হত্যা কৰা হৈছে ৷ কিন্তু কোনে আৰু কি কাৰণত পলাশ মৰাণক গুলীয়াই হত্যা কৰিলে তাকে লৈ এতিয়া সৃষ্টি হৈছে চাঞ্চল্যৰ (Additional Superintendent of Police of Tinsukia District) ৷

পলাশ মৰাণৰ ভাতৃয়ে দাবী কৰা অনুসৰি, পলাশ মৰাণক হত্যা কৰিলে আলফা স্বাধীনে ৷ পলাশ মৰাণৰ ভাতৃয়ে কয়, ‘‘পৰেশ বৰুৱা ডাঙৰীয়াক অনুৰোধ জনাইছো যে মোৰ ভাতৃৰ মৰাৰ দৰে যাতে এনেকুৱা আন কাৰোৰে লগত নকৰে ৷ কিন্তু কি কাৰণে মোৰ ভাতৃক হত্যা কৰা হ’ল সেয়া পৰেশ বৰুৱা ডাঙৰীয়াই স্পষ্ট কৰিব লাগে ৷’’ এই অভিযোগ সন্দৰ্ভত আলফা স্বাধীনৰ প্ৰতিক্ৰিয়া কি হ’ব সেয়া পৰৱৰ্তী সময়তহে লক্ষ্যনীয় হ’ব ৷ উল্লেখ্য যে, চলিত মাহৰ 6 এপ্ৰিল তাৰিখে পলাশ মৰাণৰ সতীৰ্থ মিণ্টু মৰাণ ওৰফে মদন অসমে আত্মসমৰ্পণ কৰা বুলি জানিব পৰা গৈছে ৷ ইয়াৰ কেইদিনমানৰ পাচত আত্মসমৰ্পণ কৰে আন দুই পলাতক সদস্য মহন্ত বৰুৱা ওৰফে অৰিন্দম অসম আৰু হিমাংশু ভূঞা ওৰফে ৰঞ্জু অসমে (ULFA I Cadre missing) ৷

শেহতীয়াকৈ এই সমগ্ৰ বিষয় সন্দৰ্ভত আলফা স্বাধীনৰ এক উচ্চস্তৰীয় সূত্ৰই ইটিভি ভাৰতৰ আগত সদৰী কৰা অনুসৰি, ‘‘মিণ্টু মৰাণ, মহন্ত বৰুৱা আৰু হিমাংশু ভূঞাই আত্মসমৰ্পণ কৰাৰ পাচতো পলাশ মৰাণ নিৰুদ্দেশ হোৱা বিষয়টো পোহৰলৈ অহা নাছিল ৷ আনহাতে, আৰক্ষীৰ তৰফৰ পৰাও পলাশ মৰাণ যে নিৰুদ্দেশ হৈছে সেই কথা পৰিয়ালৰ লোকক জনোৱা হোৱা নাছিল ৷ বৰঞ্চ আলফা স্বাধীনেহে পৰিয়ালৰ লোকক সমগ্ৰ বিষয়টো অৱগত কৰিছিল ৷’’ আলফা স্বাধীনে এই কথা নজনোৱা হ’লে পলাশৰ কথা কেতিয়াও পোহৰলৈ নাহিল হেতেন বুলিও দাবী কৰে আলফাৰ সূত্ৰই (Palash Moran deadbody traced in Arunachal border) ৷

যদিহে আলফা স্বাধীনৰ সূত্ৰই দাবী কৰাৰ দৰে পলাশ মৰাণ নিৰুদ্দেশ হোৱাৰ কথা আৰক্ষী অথবা আন তিনি সদস্যই কিয় পৰিয়ালৰ লোকক পোনচাটেই অৱগত কৰা নাছিল সেয়াও এক অতি ৰহস্যজনক বিষয় ৷ লগতে প্ৰশ্ন হয় যে, আৰক্ষীক আত্মসমৰ্পণ কৰা তিনি সদস্যই পলাশ মৰাণ লগত থকা বিষয়টো জনোৱা নাছিল নেকি (mystery about the death of Palash Moran) ?

ইফালে, আত্মসমৰ্পণ কৰাৰ সময়ত মিণ্টু মৰাণে আক্ষীক তিনিজাঁই সক্ৰিয় গুলীসহ এটা পিষ্টল জমা দিয়া বুলি ইতিমধ্যেই বহু সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে ৷ এতিয়া প্ৰশ্ন হয় যে আলফাৰ শিবিৰৰ পৰা অস্ত্ৰসহ পলায়ন কৰিছিল নেকি চাউল ক্ৰয় কৰিবলৈ অহা চাৰি সদস্যই ৷ এই সন্দৰ্ভতো আলফা স্বাধীনৰ স্থিতি জনাৰ প্ৰয়োজন আহি পৰিছে ৷ পলায়ন কৰা চাৰি সদস্যৰ মাজত হোৱা সংঘাতৰ পৰিণতিতে পলাশ মৰাণৰ মৃত্যু হ’ল নেকি সেয়াও এক প্ৰশ্নৰ বিষয় (Palash Moran news update)৷

উল্লেখ্য যে, 2021 চনত আলফা স্বাধীনত যোগদান কৰা পলাশ মৰাণৰ এগৰাকী পত্নীৰ লগতে আছে দুটি সন্তানো ৷ কিন্তু পলাশ মৰাণৰ মৃত্যুৰ খবৰে এতিয়া মৰ্মাহত কৰি তুলিছে পৰিয়ালটোক ৷ পলাশ মৰাণৰ দুৰ্ভগীয়া ভাতৃয়ে চৰকাৰৰ তৰফৰ পৰা বিচাৰিছে সহায় ৷

লগতে পঢ়ক : ULFA I Cadre missing: আলফা স্বাধীনৰ শিবিৰৰ পৰা পলায়ন কৰাৰ পিচতে নিৰুদ্দিষ্ট হৈ পৰিছে তিনিচুকীয়াৰ পলাশ; চাঞ্চল্য অব্যাহত

Last Updated :Apr 26, 2023, 4:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.