ETV Bharat / state

Pathetic condition of sub-health center: তিনিচুকীয়াত তথৈবচ অৱস্থাত উপ-স্বাস্থ্য কেন্দ্ৰ

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 5:46 PM IST

জৰাজীৰ্ণ উপ-স্বাস্থ্য কেন্দ্ৰৰ বাবে হাৰাশাস্তি ভুগিছে তিনিচুকীয়াৰ বৃহত্তৰ লাইপুলি অঞ্চলৰ ৰাইজ । ভগ্ন উপ-স্বাস্থ্য কেন্দ্ৰৰ গৃহ, নাই কোনো চিকিৎসক । এগৰাকী নাৰ্চে চলাই গৈছে চিকিৎসা সেৱা । শীঘ্ৰে উপ-স্বাস্থ্য কেন্দ্ৰটো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ উন্নীত কৰাৰ দাবী সচেতন ৰাইজৰ ।

Dilapidated condition of sub-health centre in Tinsukia
তিনিচুকীয়াত তথৈবচ অৱস্থাত উপ-স্বাস্থ্য কেন্দ্ৰ

তিনিচুকীয়াত তথৈবচ অৱস্থাত উপ-স্বাস্থ্য কেন্দ্ৰ

তিনিচুকীয়া,২৬ আগষ্ট: শাসিত চৰকাৰখনে স্বাস্থ্য বিভাগৰ উন্নয়নৰ ঢাক-ঢোল বজাই থকাৰ সময়তে গ্ৰামাঞ্চলসমূহত দেখিবলৈ পোৱা গৈছে ইয়াৰ এক বিপৰীত ছবি । যিখন ছবিয়ে চিন্তিত কৰি তুলিছে গ্ৰামাঞ্চলৰ সাধাৰণ জনতাক ৷ তিনিচুকীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰায় আঠখনতকৈ অধিক বৃহৎ বৃহৎ গাঁৱক সাঙুৰি থকা বৃহত্তৰ লাইপুলি অঞ্চলত পোহৰলৈ আহিছে উন্নয়নৰ প্ৰকৃত ছবি ৷

বৃহত্তৰ লাইপুলি অঞ্চলবাসীৰ বাবে আছে মাত্ৰ এটা উপ-স্বাস্থ্য কেন্দ্ৰ, তাকো জৰাজীৰ্ণ অৱস্থাত ৷ বৃহত্তৰ লাইপুলি অঞ্চলৰ সাধাৰণ জনতাই সৰু সৰু স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'লেই বহুদূৰ বাটকুৰি ঢপলিয়াই যাব লগা হয় বাণিজ্যিক চহৰ তিনিচুকীয়ালৈ ৷ যিটো কাৰণে সাধাৰণ জনতাৰ বহু সময় ব্যয় হোৱাৰ লগতে যথেষ্ট পৰিমাণৰ অৰ্থ ব্যয় হয় । স্বাস্থ্য বিভাগৰ ব্যাপক উন্নতি হোৱাৰ শ্ল'গান দি থকা হৈছে যদিও আজি পৰ্যন্ত বৃহত্তৰ লাইপুলি অঞ্চলটোৰ বাবে এটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ গঢ়ি তুলিবলৈ সক্ষম হোৱা নাই বিভাগটো ।

গতিকে স্থানীয় সচেতন ৰাইজে শাসনত থকা চৰকাৰখনক দাবী জনাইছে যে বৃহত্তৰ লাইপুলি অঞ্চলটোৰ বাবে স্থাপন কৰক এখন প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব পৰা এখন চিকিৎসালয় ৷ আনহাতে, বৃহত্তৰ লাইপুলি অঞ্চলৰ দহোতীয়াত থকা একমাত্ৰ উপ-স্বাস্থ্য কেন্দ্ৰটোৰো জৰাজীৰ্ণ অৱস্থা । বিগত কেইবাবছৰো ধৰি পৰি আছে এটা উপ-স্বাস্থ্য কেন্দ্ৰৰ জৰাজীৰ্ণ বাসগৃহ ৷

স্থানীয় ৰাইজ, পৰিচালনা সমিতিয়ে স্থানীয় বিধায়ক তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিষান, গাঁও পঞ্চায়তৰ লগতে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ উক্ত উপ-স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণ কৰিবলৈ আহ্বান জনাই আহিছে যদিও আজি পৰ্যন্ত নিৰ্মাণ হোৱা নাই জৰাজীৰ্ণ বাসগৃহটো । সমান্তৰালভাৱে, একমাত্ৰ উক্ত উপ-স্বাস্থ্য কেন্দ্ৰটো চলাব লগা হৈছে মাত্ৰ এগৰাকী নাৰ্চে । যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে অজস্ৰ সমস্যাৰ সন্মুখীন হৈছে ৷

উপ-স্বাস্থ্য কেন্দ্ৰটোত বৃহত্তৰ লাইপুলি অঞ্চলৰ গৰ্ভৱতী মহিলা আৰু শিশুসকলক টিকাকৰণৰ কাৰণে আনিলে সেই মহিলা আৰু শিশুসকলে বহিবলৈ নাই কোনো সুবিধা ৷ লগতে মূল পথৰ পৰা উপ স্বাস্থ্য কেন্দ্ৰটোলৈ প্ৰৱেশ কৰোতে অতিক্ৰম কৰিব লগা হয় এটা পথাৰসদৃশ বোকাময় পথেৰে যিটো পথত গৰ্ভৱতী মহিলাসকলে যিকোনো সময়ত পিছলি পৰি ঘটিব পাৰে অঘটন । গতিকে স্থানীয় সচেতন ৰাইজৰ দাবী যে অতি সোনকালে উক্ত লাইপুলি উপ-স্বাস্থ্য কেন্দ্ৰটোৰ প্ৰৱেশ পথটো নিৰ্মাণৰ লগতে কেন্দ্ৰটো উন্নত কৰি বৃহত্তৰ লাইপুলি অঞ্চলৰ এটা দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰক ।

লগতে পঢ়ক: Minister UG Brahma in Baksa: জিলা ঘোষণাৰ লগে লগে তামুলপুৰৰ উন্নয়ন তৰান্বিত হ’ব; মন্ত্ৰী ইউ জি ব্ৰহ্ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.