ETV Bharat / state

Minister UG Brahma in Baksa: জিলা ঘোষণাৰ লগে লগে তামুলপুৰৰ উন্নয়ন তৰান্বিত হ’ব; মন্ত্ৰী ইউ জি ব্ৰহ্ম

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 3:43 PM IST

Minister UG Brahma in Baksa
মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম

‘‘তামুলপুৰৰ লগতে আন তিনিখন জিলাক পুনৰ জিলা ঘোষণা কৰাটো হিমন্ত চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ লগতে প্ৰশাসনীয় কিছু নীতি নিৰ্দেশনাৰ বাবে তামুলপুৰ জিলাৰ বিলুপ্তি ঘটাইছিল ৷’’ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ মন্তব্য ৷

মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম

বাক্সা, 26 আগষ্ট: অসম চৰকাৰৰ 100 সংখ্যক কেবিনেটত তামুলপুৰসহ চাৰিখন জিলাক পুনৰ জিলা হিচাপে ঘোষণা কৰা পাচতে আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে চাৰি জিলাত ৷ তামুলপুৰৰ লগতে আন তিনিখন জিলাক পুনৰ জিলা ঘোষণা কৰাটো মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এক ঐতিহাসিক সিদ্ধান্ত বুলি অভিহিত কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৷ তেওঁ লগতে কয়," ৰাইজৰ আনন্দত ময়ো আনন্দিত ৷ অসম চৰকাৰৰ 100 খন কেবিনেট বৈঠকত 1200 তকৈও অধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ লগতে প্ৰশাসনীয় কিছু নীতি নিৰ্দেশনাৰ বাবে তামুলপুৰ জিলাৰ বিলুপ্তি ঘটাই পূৰ্বৰ বাক্সা জিলাৰ লগত সংলগ্ন কৰা হৈছিল ৷ যদিও মুখ্যমন্ত্ৰীয়ে পুনৰ তামুলপুৰ জিলাখন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । তামুলপুৰ জিলাত এতিয়া দুটা বিধানসভা সমষ্টি অন্তৰ্ভূক্তিৰে গঠন হোৱাৰ লগতে তামুলপুৰ জিলাৰ পৰিসৰ বহল কৰা হ’ল। তামুলপুৰ জিলা এখন ব্যৱসায়িক অভিকেন্দ্ৰ । জিলা ঘোষণা হোৱাৰ পিচত তামুলপুৰখন অৰ্থনৈতিক ভাৱে যথেষ্ট আগবাঢ়ি যাব । পূৰ্ণ পৰ্যায়ৰ জিলা হিচাপে তামুলপুৰত সকলো বিভাগীয় কাৰ্যালয় স্থাপন কৰা হ'ব ৷’’

‘‘সকলো বিভাগীয় কাৰ্যালয় শীঘ্ৰে স্থাপনৰ ব্যৱস্থা কৰা হ’ব ৷ সকলো নীতি নিয়ম মতে আগবাঢ়ি গৈ আছে ৷ আমাৰ ইয়াত মেডিকেল কলেজ নিৰ্মাণৰত হৈ আছে ৷ জিলা ঘোষণাৰ লগে লগে উন্নয়ন তৰান্বিত হ’ব ৷ সীমান্ত অঞ্চল উন্নয়ন, ইয়াৰ স্বাস্থ্যখণ্ডৰ বাবে জিলা আয়ুক্তই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব পাৰিব ৷ অসমৰ প্ৰশাসনৰ ক্ষেত্ৰত এনে ব্যাপক পৰিৱৰ্তিনৰ ইতিহাসত এয়াই প্ৰথম ৷’’ আনহাতে তামুলপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰীলৈ তামুলপুৰৰ ৰাইজৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে মন্ত্ৰী ব্ৰহ্মই ৷

লগতে পঢ়ক:Manas National Park: বাক্সা জিলাৰ মানাহৰ ভূঞাপাৰাত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.