ETV Bharat / state

জীৱকূল তথা প্ৰকৃতিৰ বাবে অভিশাপস্বৰূপ বাঘজানৰ অগ্নিকাণ্ড

author img

By

Published : Jun 17, 2021, 1:00 PM IST

Baghjan FIRE
বাঘজান অগ্নিকাণ্ড

বাঘজান ঘটনাৰ কথা আপোনাক কোৱাৰ নিশ্চয় প্ৰয়োজন নাই । যি ঘটনাই কেৱল দেশতে নহয় বিশ্বত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । আৰ্থিক হিচাপত বাঘজান কাণ্ডৰ ক্ষতিৰ পৰিমাণ হৈছে ২৫ হাজাৰ কোটি টকা । এই ক্ষতি পূৰণ এদিন হ'লেও পূৰণ হ'ব কিন্তু পৰিৱেশ তথা জীৱকূলৰ যি ক্ষতি হৈছে সেয়া পূৰণ হোৱাটো সম্ভৱনে ! আপুনি শুনি আচৰিত হ'ব, ৫৫ শতাংশ জৈৱ বৈচিত্ৰ ধ্বংস হৈছে ভয়ংকৰ বাঘজান কাণ্ডত । মৃত্যু হৈছে প্ৰায় ২৯ হাজাৰ সংৰক্ষিত আৰু অসংৰক্ষিত প্ৰজাতিৰ প্ৰাণীৰ ।

বাঘজান,17 জুন : বাঘজান ঘটনাৰ কথা আপোনাক কোৱাৰ নিশ্চয় প্ৰয়োজন নাই । যি ঘটনাই কেৱল দেশতে নহয় বিশ্বত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । কিন্তু এই ঘটনাই কিমান ক্ষতি কৰিলে আপুনি জানেনে ? আপুনি অনুমানো কৰিব নোৱাৰে প্ৰকৃততে বাঘজানে আৰ্থিক ক্ষতিৰ উপৰিও জীৱকূল আৰু প্ৰকৃতিৰ ওপৰত কিমান ক্ষতি কৰিছে ।

এই দৃশ্য দেখিলে আপুনি বুজিব কিমান ভয়ানক আছিল বাঘজান অগ্নিকাণ্ড । অগ্নি নিৰ্বাপন হ'লেও চিৰদিনৰ বাবে এই তৈলখাদ অভিশপ্ত হৈ ৰ'ল বাঘজানবাসীৰ বাবে । আপুনি জানেনে এই বাঘজান অগ্নিকাণ্ডৰ ক্ষতি কিমান হ'ব পাৰে ! অসম চৰকাৰৰ বন বিভাগৰ মুখ্য বন সংৰক্ষক এম কে যাদৱৰ এক তথ্যই এতিয়া সকলোকে চিন্তিত কৰি তুলিছে ।

জীৱকূল তথা প্ৰকৃতিৰ বাবে অভিশাপস্বৰূপ বাঘজান অগ্নিকাণ্ড

আৰ্থিক হিচাপত বাঘজান কাণ্ডৰ ক্ষতিৰ পৰিমাণ হৈছে ২৫ হাজাৰ কোটি টকা । এই ক্ষতি পূৰণ এদিন হ'লেও পূৰণ হ'ব কিন্তু পৰিৱেশ তথা জীৱকূলৰ যি ক্ষতি হৈছে সেয়া পূৰণ হোৱাটো সম্ভৱনে ! আপুনি শুনি আচৰিত হ'ব, ৫৫ শতাংশ জৈৱ বৈচিত্ৰ ধ্বংস হৈছে ভয়ংকৰ বাঘজান কাণ্ডত । মৃত্যু হৈছে প্ৰায় ২৯ হাজাৰ সংৰক্ষিত আৰু অসংৰক্ষিত প্ৰজাতিৰ প্ৰাণীৰ ।

বিস্ফোৰণৰ পিছতে উদ্ধাৰ হৈছে বিলুপ্তপ্ৰায় শিশু, কাছ, বিভিন্ন প্ৰজাতিৰ চৰাই, মাছ আদিৰ মৃতদেহ । উদ্ধাৰ হৈছে লুপ্তপ্ৰায় হুলক গিবনৰ দুটাকৈ মৃতদেহ । এম কে যাদবৰ তথ্য মতে, বাঘজানৰ জুইত ৭.৯৭ বৰ্গ কিল’মিটাৰ অঞ্চল সম্পূৰ্ণৰূপে ভষ্মীভূত হয় । ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ১২.০৭ বৰ্গ কিল’মিটাৰ, ১৬.৩২ বৰ্গ কিল’মিটাৰ জলাশয়, ৫.২৩ বৰ্গ কিল’মিটাৰ ঘাঁহনি ১৯.৭৬ বৰ্গ কিল’মিটাৰ নদ-নদী আৰু ২.১৩ বৰ্গ কিল’মিটাৰ বনাঞ্চল ধ্বংস হৈছে এই জুইত । ইয়াৰ ফলত নিৰ্গত হৈছে বহু ক্ষতিকাৰক গেছ আৰু পদাৰ্থ ।

Baghjan FIRE
বাঘজান অগ্নিকাণ্ড

তথ্য মতে জীৱকূলৰ প্ৰতি ক্ষতিকাৰক হিচাপে চিনাক্ত কাৰ্বন-ডাই-অক্সাইড নিৰ্গত হৈছে ১.৬৪৯ মিলিয়ন টন, ০.৫৩৯ মিলিয়ন টন নাইট্ৰিক অক্সাইড, ০.৭৯৩ মিলিয়ন টন নাইট্ৰ’জেন ডাই অক্সাইড আৰু ৭৮,০০০ কেজি এলান্ধু নিৰ্গত হয় । এই তথ্যৰ পৰা এটা কথা নিশ্চত হ'ব পাৰি যে বাঘজানৰ বিস্ফোৰণে কিমান ভয়াৱহ ফলাফল আনিলে সমগ্ৰ মানৱ জাতিৰ বাবে । কেৱল এয়াই নহয় ইয়াৰ পৰা নিৰ্গত মাৰাত্মক পদাৰ্থ কৰ্কট ৰোগৰ কাৰণ হ'ব পাৰে ।

এতিয়া কথা হ'ল বিভিন্ন ধৰণৰ অনুসন্ধানৰ পিছত এইটো পোহৰলৈ আহিছে যে বাঘজানৰ Environmental Impact Assessment অৰ্থাৎ EIA তৃতীয় পক্ষৰ দ্বাৰা কৰা হৈছিল । যিটো অতি উদ্বেগজনক বিষয় । কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ ভুলৰ ফল আজি সমগ্ৰ বাঘজানবাসীয়ে ভুগিছে আৰু ভৱিষ্যতলৈও ভুগি থাকিব বুলি সন্দেহ কৰা হৈছে ।

ইফালে আজিলৈ ক্ষতিপূৰণৰ নামত চৰকাৰ তথা অইল ইণ্ডিয়াই বাঘজানবাসীক প্ৰৱঞ্চনা কৰাৰো অভিযোগ উত্থাপন হৈছে । ইয়াৰ মাজতে আছে আন এক বিস্ফোৰক খবৰ । বাঘজানবাসীয়ে জুইৰ ভয়ত কম্পমান হৈ থকাৰ মাজতে অইল ইণ্ডিয়াই পুনৰ স্থাপন কৰিছে আন এক তৈল খাদ । বিভিন্ন পশু-পক্ষীৰ বিচৰণস্থলী মাগুৰি বিলৰ পাৰত স্থাপন কৰা হৈছে এই তৈল খাদ । যাক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে প্ৰতিবাদো সাব্যস্ত কৰিছে দল-সংগঠনে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ AJYCP ৰ নগাঁও সমিতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.