ETV Bharat / state

নিৰ্বাচনী আয়োগক বুঢ়া আঙুলি দেখুৱালে কেন্দ্ৰীয় মন্ত্ৰী আৰু প্ৰাক্তন বিধায়কে

author img

By

Published : Mar 26, 2021, 2:16 PM IST

নিৰ্বাচনী আয়োগে নিৰ্ধাৰিত কৰি দিয়া সময়ক অৱমাননা কেন্দ্ৰীয় মন্ত্ৰী আৰু প্ৰাক্তন বিধায়কৰ । ডিগবৈৰ উল্টাপুলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি ৷ প্ৰাক্তন বিধায়ক তথা বিজেপিৰ প্ৰাৰ্থী সুৰেণ ফুকন আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক আবদ্ধ কৰি ৰাখিলে গোপনাৰী অঞ্চলৰ ৰাইজে ৷ যাৰ ফলত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত ৷

নিৰ্বাচনী আয়োগক বুঢ়া আঙুলি দেখুৱালে কেন্দ্ৰীয় মন্ত্ৰী আৰু প্ৰাক্তন বিধায়কে
নিৰ্বাচনী আয়োগক বুঢ়া আঙুলি দেখুৱালে কেন্দ্ৰীয় মন্ত্ৰী আৰু প্ৰাক্তন বিধায়কে

তিনিচুকীয়া,26 মাৰ্চ: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মাজত আৰু কিছু ঘন্টাহে বাকী ৷ কিন্তু এনে সময়তে ১২৩ নং ডিগবৈ বিধানসভা সমষ্টিৰ উল্টাপুলত গোপনাৰীত বৃহস্পতিবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ জানিব পৰা মতে, ডিগবৈৰ প্ৰাক্তন বিধায়ক তথা বিজেপিৰ প্ৰাৰ্থী সুৰেন ফুকন আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ শেষৰ দিনৰ প্ৰচাৰ অভিযান চলাই থকাৰ সময়তে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

নিৰ্বাচনী আয়োগক বুঢ়া আঙুলি দেখুৱালে কেন্দ্ৰীয় মন্ত্ৰী আৰু প্ৰাক্তন বিধায়কে

গোপনাৰী নামৰ অঞ্চলৰ এটা বাসগৃহত অনুষ্ঠিত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি থকাৰ সময়তে চাহ জনগোষ্ঠীয় স্থানীয় ব্যক্তিৰ সৈতে উন্নয়নৰ কথা সোধাৰ ফলতে দুয়ো পক্ষৰ মাজত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ যাৰ ফলত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰাক্তন বিধায়ক তথা বিজেপিৰ প্ৰাৰ্থী সুৰেণ ফুকন আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক আবদ্ধ কৰি ৰাখে স্থানীয় ৰাইজে ৷ পৰৱৰ্তী সময়ত পৰিস্থিতি ক্ৰমাৎ অধিক অৱনতি হোৱাত ডিগবৈ আৰক্ষী প্ৰশাসন আৰু সেনা বাহিনীক মোতায়ন কৰা হয় ৷

উল্লেখ্য যে, স্থানীয় ৰাইজে দাবী কৰা অনুসৰি, নিৰ্বাচনী বিধি উলংঘন আৰু নিৰ্বাচনী প্ৰচাৰ সভাত ভোটাৰক পইচা বিতৰণ কৰাৰ অভিযোগ তুলি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু ডিগবৈ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক সুৰেন ফুকনক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত পথ অবৰোধ কাৰ্যক উঠাই নোলোৱাৰ দাবী উত্থাপন কৰিছে ৷ আনহাতে এক গোপন সূত্ৰে জানিব পৰা মতে, বিধায়ক সুৰেন ফুকন আৰু সাংসদ ৰামেশ্বৰ তেলী আবদ্ধ কৰি ৰখা ঘৰটোৰ পাছফালেৰে পলায়ন কৰে ৷

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালক মুকলি প্ৰত্যাহ্বান প্ৰদ্যুত বৰদলৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.