ETV Bharat / state

কাকপথাৰত চুতীয়া ছাত্ৰ সন্থাৰ "শ্মশান যাত্ৰা"

author img

By

Published : Aug 4, 2019, 9:25 PM IST

কাকপথাৰত চুতীয়া ছাত্ৰ সন্থাৰ "শ্মশান যাত্ৰা"

নৱম আৰু দশম শ্ৰেণীৰ "বৈচিত্ৰময় অসম" নামৰ দ্ৰুতপাঠত চুতীয়া জনগোষ্ঠীৰ ইতিহাস অন্তৰ্ভুক্ত নকৰাৰ প্ৰতিবাদত উত্তাল হৈ পৰে কাকপথাৰ ৷

শদিয়া, 4 আগষ্টঃ নৱম আৰু দশম শ্ৰেণীৰ "বৈচিত্ৰময় অসম" নামৰ দ্ৰুতপাঠত চুতীয়া জনগোষ্ঠীৰ ইতিহাস অন্তৰ্ভুক্ত নকৰাৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰে কাকপথাৰ ৷ চুতীয়া ছাত্ৰ সন্থা কাকপথাৰ আঞ্চলিক সমিতিয়ে আজি দিনৰ তিনিবজাত শিক্ষা বিভাগ তথা শিক্ষা মন্ত্ৰীৰ প্ৰতিমূৰ্ত্তি শ্মশান যাত্ৰাৰে দাহ কৰে ৷ কাকপথাৰ হিন্দী বিদ্যালয়ৰ পৰা আৰম্ভ কৰা শ্মশান যাত্ৰা কাকপথাৰ থানা চাৰিআলিত এখন প্ৰতিবাদী সভাৰ যোগেদি সামৰণি পৰে ৷ অনতিপলমে উচ্চ মাধ্যমিকৰ দ্ৰুতপাঠত চুতীয়া সকলৰ ইতিহাস অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায় সংগঠনটোৰ কাকপথাৰ আঞ্চলিক সমিতিয়ে ৷

কাকপথাৰত চুতীয়া ছাত্ৰ সন্থাৰ "শ্মশান যাত্ৰা"
Intro:কাকপথাৰত চুতীয়া ছাত্ৰ সন্থাৰ "স্মশান যাত্ৰা"

শদিয়া : নৱম আৰু দশম শ্ৰেণীৰ "বৈচিত্ৰময় অসম" নামৰ দ্ৰুতপাঠত চুতীয়া জনগোষ্ঠীৰ ইতিহাস অন্তভুক্ত নকৰাৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰে কাকপথাৰ ৷ চুতীয়া ছাত্ৰ সন্থা কাকপথাৰ আঞ্চলিক সমিতিয়ে আজি দিনৰ তিনিবজাত শিক্ষা বিভাগ তথা শিক্ষা মন্ত্ৰী প্ৰতিমুত্তি স্মশান যাত্ৰাৰে দাহ কৰে ৷ কাকপথাৰ হিন্দী বিদ্যালয়ৰ পৰা আৰম্ভ কৰা স্মশান যাত্ৰা কাকপথাৰ থানা চাৰিআলিত এখন প্ৰতিবাদী সভাৰ যোগেদি সামৰণি পৰে ৷ অনতিপলমে উক্ত দ্ৰুতপাঠত চুতীয়া সকলৰ ইতিহাস অন্তভুক্ত কৰিবলৈ দাবী জনায় সংগঠনটোৰ কাকপথাৰ আঞ্চলিক সমিতিয়ে ৷ "শিক্ষা বিভাগ হায় হায়" "ছেবাৰ কতৃপক্ষ হুছিয়াৰ" "বৈচিত্ৰময় অসমত চুতীয়াৰ ইতিহাস অন্তভুক্ত কৰক" ইত্যাদি শ্লগানে কাকপথাৰৰ আকাশ বতাঁহ কপাই তোলে চুতীয়া ছাত্ৰ সন্থাৰ কৰ্মীসকলে ৷ উল্লেখ্য যে আজি এসপ্তাহে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ বিভিন্ন শাখা, আঞ্চলিক, জিলা তথা কেন্দ্ৰীয় সমিতিয়ে উক্ত দ্ৰুতপাঠখনত চুতীয়াৰ ইতিহাস অন্তভুক্ত নকৰাৰ প্ৰতিবাদত আৰু অনতিপলমে অন্তভুক্ত কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও ৰাজ্য চৰকাৰে বিষয়টো বিশেষ গুৰুত্ব নিদিয়া পৰিলক্ষিত হৈ আহিছে ৷Body:Byte : Chutia LeaderConclusion:Mintu talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.