ETV Bharat / state

Tinsukia Tai Cultural Center: শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে উন্মোচন কৰিলে চাওলুং ছ্যু-কা-ফাৰ প্ৰতিমূৰ্তি

author img

By

Published : Dec 29, 2022, 3:47 PM IST

তিনিচুকীয়া তাই সংস্কৃতি চৰ্চা কেন্দ্ৰত উন্মোচন কৰা হ’ল আহোম স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফাৰ(Chaolung Siu-Ka-Pha) প্ৰতিমূৰ্তি ৷ বৃহস্পতিবাৰে এই প্ৰতিমূৰ্তি উন্মোচন কৰিলে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৷ লগতে এই উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী যোগেন মহন ৷

Tinsukia Tai Cultural Center
শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে উন্মোচন কৰিলে ওলুং ছ্যু-কা-ফাৰ প্ৰতিমূৰ্তি

তিনিচুকীয়া, 29 ডিচেম্বৰ: তিনিচুকীয়া তাই সংস্কৃতি চৰ্চা কেন্দ্ৰত(Tinsukia Tai Culture Center ) চাওলুং ছ্যু-কা-ফাৰ(Chaolung Siu-Ka-Pha) প্ৰতিমূৰ্তি উন্মোচন শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ(Minister Ranuj Pegu) ৷ তিনিচুকীয়াৰ শ্ৰীপুৰীয়াস্থিত (ছ্যুকাংফা নগৰ) তাই সংস্কৃতি চর্চা কেন্দ্ৰত দুদিনীয়াকৈ আয়োজন কৰা হৈছে তিনিচুকীয়াৰ তাই সংস্কৃতি চর্চা কেন্দ্ৰৰ পূর্ণাংগ অধিৱেশন ও তাই সাংস্কৃতিক সমাৰোহ ৷ এই সমাৰোহৰ লগত সংগতি ৰাখিয়েই বৃহস্পতিবাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে উন্মোচন কৰে চাওলুং ছ্যু-কা-ফাৰ প্ৰতিমূৰ্তি ৷

শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে উন্মোচন কৰিলে ওলুং ছ্যু-কা-ফাৰ প্ৰতিমূৰ্তি

এই প্ৰতিমূৰ্তি উন্মোচন কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে,‘‘ চৰকাৰে যিটো সময়ত বীৰ লাচিত বৰফুকনৰ(Veer Lachit Borphukan) 400 বছৰীয়া জন্ম জয়ন্তী পালন কৰিছে তেনে সময়তে এই তাই সংস্কৃতি চৰ্চা কেন্দ্ৰটোয়ে নিজা পুঁজিৰে চাওলুং ছ্যু-কা-ফা ৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰিছে ৷’’ এই কেন্দ্ৰটোৱে(Tia Cultural Center) আহোমৰ কৃষ্টি-সংস্কৃতি(Tai Ahom Culture and Heritage) ধৰি ৰাখিব বুলি মন্তব্য কৰি উদ্যোক্তাসকলক ধন্যবাদো জ্ঞাপন কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷

লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, ‘‘ছাত্ৰ-ছাত্ৰীসকলে যাতে এই বীৰ-বীৰাংগনাসকলৰ বিষয়ে জানিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি পাঠ্যক্ৰমত স্বদেশ নামৰে এটা বিষয় সন্নিৱিষ্ট কৰা হৈছে আৰু ভূগোল বিষয়টো বাধ্যতামূলক কৰা হৈছে ৷ সমান্তৰালভাৱে মৰাণ-মটকসকলৰ বীৰ তথা ৰজাসকলৰ বিষয়েও যাতে যুৱ প্ৰজন্মই জানিব পাৰে তাৰ চিন্তা চৰ্চা কৰা হৈছে ৷’’

লগতে পঢ়ক: Tai Culture Center: তিনিচুকীয়া তাই সংস্কৃতি চর্চা কেন্দ্ৰৰ পূর্ণাংগ অধিবেশন

প্ৰথমদিনাৰ কাৰ্যসূচীত বুধবাৰে 42গৰাকী আহোম স্বৰ্গদেউৰ লগতে তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ ডামসকলৰ নামত গছপুলি ৰোপন অনুষ্ঠানত উপস্থিত আছিল পদ্মশ্ৰী অৰণ্য মানৱ যাদৱ পায়েং(Padma Shri Jadav Payeng) ৷ অৰণ্য মানৱগৰাকীয়ে এই অনুষ্ঠানতে নিজৰ অভয়াৰণ্যখনত বৰ্তমান 5টাকৈ গঁড় থকা বুলি সদৰি কৰে ৷ ৷ লগতে এই অনুষ্ঠানত উপস্থিত থাকি চাও চেং ৰেণ উন্মোচন কৰে ৰাজহ মন্ত্ৰী যোগেন মহনে(Minister Jogen Mohan) ৷

ইফালে, এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি গ্ৰন্থমেলা(Book Fair in Tai Culture Center at Tinsukia), প্ৰদৰ্শনী আৰু খাদ্যমেলাৰো(Food festival) আয়োজন কৰা হয় ৷

পৰৱৰ্তী সময়ত অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এখন মুকলি সভা অনুষ্ঠিত কৰাৰ লগতে কেইবাগৰাকীও অসমৰ সংগীত শিল্পীৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ(Cultural programme in Tai Culture Center) জৰিয়তে দুদিনীয়া কাৰ্যসূচীৰ সামৰণি পৰিব বুলি উদ্যোক্তাসকলে অৱগত কৰে ৷

লগতে পঢ়ক: Tribal Politics in Assam: 2022 বৰ্ষৰ অসমৰ জনজাতীয় ৰাজনীতিত এভুমুকি...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.