ETV Bharat / state

শ্ৰীপুৰীয়া ফুটবল একাডেমীৰ দখলত বেংমৰা কাপ 2020

author img

By

Published : Jan 4, 2021, 1:24 PM IST

দেওবাৰে নিশা অনুষ্ঠিত হয় বেংমৰা কাপ-২০২০ৰ দিবা-নৈশ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল ৷ তিনিচুকীয়াৰ বৰগুৰি আঞ্চলিক খেলপথাৰত যোৱা ২৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈছিল ফুটবল প্ৰতিযোগিতাখন ৷ প্ৰতিযোগিতাখনত শেষ হাঁহি মাৰিবলৈ সক্ষম হয় শ্ৰীপুৰীয়া ফুটবল একাডেমীয়ে ৷

Bengmora Cup 2020 at tinsukia
শ্ৰীপুৰীয়া ফুটবল একাডেমীৰ দখলত বেংমৰা কাপ 2020

তিনিচুকীয়া,4 জানুৱাৰীঃ দেওবাৰে নিশা অনুষ্ঠিত হয় বেংমৰা কাপ-২০২০ৰ দিবা-নৈশ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল ৷ তিনিচুকীয়াৰ বৰগুৰি আঞ্চলিক খেলপথাৰত যোৱা ২৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈছিল ফুটবল প্ৰতিযোগিতাখনি ৷ সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তথা তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ সৌজন্যত আৰু বৰগুৰি আঞ্চলিক ক্ৰীড়া সংস্থা আৰু লেজাইহোলা-জানমুখ যুৱ সংঘৰ সহযোগত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাখনত শেষ হাঁহি মাৰিবলৈ সক্ষম হয় শ্ৰীপুৰীয়া ফুটবল একাডেমীয়ে ৷

ইপিনে চূড়ান্ত খেলখনত শ্ৰীপুৰীয়া ফুটবল একাডেমীৰে মুখামুখী হৈছিল দুলীয়াজান এফ চি ৷ খেলখনত দুয়ো দলে কোনো গল দিবলৈ সক্ষম নোহোৱাত শেষত পেনাল্টিৰ জৰিয়তে দুলীয়াজান এফ চিক হৰুৱাই শ্ৰীপুৰীয়া ফুটবল একাডেমীয়ে বেংমৰা কাপ-২০২০ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ৷ আনহাতে, বিজয়ী দলক ট্ৰফীসহ প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়।

লগতে পঢ়কঃ 2022 চনত প্ৰকাশ পাব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বহুভাষিক অভিধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.