ETV Bharat / state

তিনিচুকীয়াৰ আটকাধীন আবকাৰী অধীক্ষকৰ ভাড়াঘৰত তালাচী অভিযান

author img

By

Published : May 7, 2021, 11:51 AM IST

anti-corruption-branch-investigation-in-manas-jyoti-das-rent-house
আটকাধীন আবকাৰী অধীক্ষকৰ ভাড়াঘৰত তালাচী

তিনিচুকীয়াত উৎকোচ লৈ আটক হোৱা আবকাৰী অধীক্ষক মানস জ্যোতি দাসৰ বৰগুৰিস্থিত ভাড়াঘৰত তালাচী অভিযান দুৰ্নীতি নিবাৰক শাখাৰ ৷ তালাচী অভিযানত জব্দ হয় মুঠ 3 লাখ 91 হাজাৰ টকা, বহু নথি-পত্ৰ, লেপটপ আদি ৷

তিনিচুকীয়া,7 মে’ : বৃহস্পতিবাৰে তিনিচুকীয়াৰ আবকাৰী অধীক্ষক মানস জ্যোতি দাসে উৎকোচ লোৱাৰ সময়তে হাতে-লোটে ধৰা পৰাৰ পাচত নিশা আবকাৰী অধীক্ষকগৰাকীৰ ভাড়াঘৰত তালাচী চলায় দুৰ্নীতি নিবাৰক শাখাই ৷ বৰগুৰিস্থিত ভাড়াঘৰত চলোৱা তালাচী অভিযানত মুঠ 3 লাখ 91 হাজাৰ টকা জব্দ কৰে শাখাটোৱে ৷ লগতে বহু নথি-পত্ৰ, লেপটপো জব্দ কৰিবলৈ সক্ষম হয় ৷

আটকাধীন আবকাৰী অধীক্ষকৰ ভাড়াঘৰত তালাচী

উল্লেখ্য যে, তিনিচুকীয়াৰ বিলাতী সুৰাৰ বিপনীৰ পৰা প্ৰতিমাহে বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ অভিযোগত আবকাৰী অধীক্ষকগৰাকীৰ বিৰুদ্ধে অভিযান চলাইছিল দুৰ্নীতি নিবাৰক শাখাই ৷ বৃহস্পতিবাৰে দিনৰ ভাগত প্ৰায় 4 ঘণ্টা বিষয়াগৰাকীৰ কাৰ্যালয়ৰ ভিতৰত জেৰা চলোৱাৰ পাচত তেওঁক গ্ৰেপ্তাৰ কৰে ৷ অভিযুক্ত বিষয়াগৰাকীৰ লগতে আটক হয় অৰ্জুন বাস্ফৰ নামৰ আন এজন যুৱক ৷

লগতে পঢ়ক : নিৰ্বাচনী হিংসাৰ বলি হৈ কোকৰাঝাৰত আশ্ৰয় গ্ৰহণ পঃ বংগৰ 30 গৰাকী লোকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.