ETV Bharat / state

Corruption in PDS Flour at Jagun : জাগুনত চৰকাৰী আটাত দুৰ্নীতিৰ অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

author img

By

Published : Jul 18, 2023, 3:10 PM IST

Corruption in PDS Flour at Jagun
Corruption in PDS Flour at Jagun

তিনিচুকীয়া জিলাত চলি আছে বগা আটাৰ ক'লা ব্যৱসায় । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক ৰাহুল চেত্ৰীৰ । জাগুন পাৰ্বতীপুৰত অৱস্থিত শ্ৰীপ্ৰভাত ফুড প্ৰডাক্ট উদ্যোগটিৰ তথ্য দাখিল সংবাদ মাধ্যমক । ছাত্ৰ সংগঠনটোৰ তথ্য অনুসৰি, জুন মাহত আটা প্ৰস্তুতৰ বাবে শ্ৰীপ্ৰভাত ফুড প্ৰডাক্ট উদ্যোগটোৱে লাভ কৰা ঘেঁহুৰ পৰিমাণ আছিল ২,২৪২ কুইণ্টল ।

জাগুনত চৰকাৰী আটাত দুৰ্নীতিৰ অভিযোগ

তিনিচুকীয়া, ১৮ জুলাই : ৰাজ্যত চলি থকা বিভিন্ন ধৰণৰ চিণ্ডিকেটৰ সামান্তৰালভাৱে তিনিচুকীয়া জিলাত নতুনকৈ নাম সাঙোৰ খাইছে আটা চিণ্ডিকেটৰ । তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত অৱস্থিত খাদ্য উৎপাদন উদ্যোগসমূহলৈ অসামৰিক খাদ্য আৰু যোগান বিভাগে যোগান ধৰা ঘেঁহুৰে উক্ত উদ্যোগসমূহে আটা প্ৰস্তুত কৰি জিলা খাদ্য যোগান বিভাগক যোগান দিয়াৰ আনুষ্ঠানিকতা আছে । কিন্তু ইয়াৰ পৰিৱৰ্তে উদ্যোগসমূহে উৎপাদিত আটা ক’ত, কেতিয়া, কেনেকৈ হৰলুকি কৰে সেয়া এতিয়া এক লাখটকীয়া প্ৰশ্ন হৈ উঠিছে ।

তিনিচুকীয়া জিলাত চলি থকা বগা আটাৰ ক'লা ব্যৱসায়ৰ প্ৰতিক্ৰিয়াস্বৰূপে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক ৰাহুল চেত্ৰীয়ে জাগুন পাৰ্বতীপুৰত অৱস্থিত শ্ৰী প্ৰভাত ফুড প্ৰডাক্ট উদ্যোগটিৰ জুন মাহৰ কিছু তথ্য সংবাদ মাধ্যমৰ আগত দাঙি ধৰে । ছাত্ৰ সংগঠনটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি, জুন মাহত আটা প্ৰস্তুতৰ বাবে শ্ৰী প্ৰভাত ফুড প্ৰডাক্ট উদ্যোগটোৱে লাভ কৰা ঘেঁহুৰ পৰিমাণ আছিল ২,২৪২ কুইণ্টল ।

এনেদৰে তিনিচুকীয়া জিলাত অৱস্থিত প্ৰায় ১২ টাৰো অধিক ফুড প্ৰডাক্ট উদ্যোগে আটা প্ৰস্তুত কৰি অহাৰ পাছতো ৰেচন কাৰ্ড প্ৰাপ্ত দৰিদ্ৰ পৰিয়ালে মাহ মাহ ধৰি আটা নোপোৱাক কেন্দ্ৰ কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদকগৰাকীয়ে এই উদ্যোগসমূহত কোটি কোটি টকাৰ কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপন কৰে ।

ছাত্ৰ সংগঠনটোৱে সমগ্ৰ ৰাজ্যৰ লগতে বিশেষভাৱে তিনিচুকীয়া জিলাত অব্যাহত থকা আটাৰ এই ক'লা ব্যৱসায়টোত উজনি অসমৰ বিজেপিৰ প্ৰভাৱশালী নেতা, জিলা খাদ্য আৰু যোগান বিভাগ, উদ্যোগসমূহৰ মালিক পক্ষৰ লগতে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ কেইজনমান সাংবাদিক জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ।

ইয়াৰ উপৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই বিয়াগোম কেলেংকাৰীৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক অনতিপলমে স্বচ্ছ আৰু নিৰপেক্ষভাৱে তদন্ত আৰম্ভ কৰি দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনায় । অন্যথা অনাগত দিনত গণতান্ত্ৰিকভাৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ সকীয়নি প্ৰদান কৰে ।

লগতে পঢ়ক :Oil smuggling in Tinsukia: তিনিচুকীয়া আৰক্ষীৰ জালত তেল চুৰি চক্ৰৰ 2 সদস্য; অভিযান অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.