ETV Bharat / state

তিনিচুকীয়াৰ কাকপথাৰত কৃষি সজাগতা সভা

author img

By

Published : Aug 22, 2019, 7:07 PM IST

তিনিচুকীয়া জিলাৰ কাকপথাৰৰ তেজি গাঁৱত অনুষ্ঠিত হয় কৃষি সজাগতা সভা৷  অসম মৰাণ সভাৰ উদ্যোগত  কাকপথাৰ আঞ্চলিক সমিতি আৰু তিনিচুকীয়া জিলা কৃষি বিভাগৰ তত্ত্বাৱধানত অনুষ্ঠিত হোৱা এই কৃষি সজাগতা সভাত বিভিন্ন খেতিৰ লগতে মীন আৰু পশুপালনৰ ওপৰত কৃষি বিষয়াসকলে দিহা পৰামৰ্শ আগবঢ়ায়৷

তিনিচুকীয়াৰ কাকপথাৰত কৃষি সজাগতা সভাৰ আয়োজন

তিনিচুকীয়া, 22 আগষ্ট: তিনিচুকীয়া জিলাৰ কাকপথাৰৰ তেজি গাঁৱত অনুষ্ঠিত হয় কৃষি সজাগতা সভা৷ অসম মৰাণ সভাৰ উদ্যোগত কাকপথাৰ আঞ্চলিক সমিতি আৰু তিনিচুকীয়া জিলা কৃষি বিভাগৰ তত্ত্বাৱধানত অনুষ্ঠিত হোৱা এই কৃষি সজাগতা সভাত বিভিন্ন খেতিৰ লগতে মীন আৰু পশুপালনৰ ওপৰত কৃষি বিষয়াসকলে দিহা পৰামৰ্শ আগবঢ়ায়৷ কৃষক সকলে বছৰেকত এটা খেতি কৰিয়েই মাটি ডোখৰ পেলাই নথৈ কেনেদৰে কেইবাটাও খেতি কৰি স্বাৱলম্বী হ'ব পাৰি তাৰ ওপৰতো বিষদভাৱে আলোচনা কৰা হয় সভাখনত৷

তিনিচুকীয়াৰ কাকপথাৰত কৃষি সজাগতা সভাৰ আয়োজন

অঞ্চলটোৰ প্ৰায় শতাধিক কৃষক উপস্থিত থকা সজাগতা সভাখনত খেতিৰ উপৰিও মীন আৰু পশুপালনৰ ক্ষেত্ৰত চৰকাৰীভাৱে বহুতো সুবিধা দিয়াৰ কথা উল্লেখ কৰা হয়৷ লগতে নিৰ্দিষ্ট বিভাগৰ কাৰ্যালয়ত আগতিয়াকৈ যোগাযোগ কৰি চৰকাৰী সুবিধা লৈ কৃষক সকলে আধুনিক কৃষি প্ৰদ্ধতিৰে বিজ্ঞানসন্মত ভাবে আগবাঢ়ি আহিবলৈ কৃষকসকলক আহ্বান জনোৱা হয় উক্ত সভাখনত৷

Intro:কাকপথাৰ তেজিত কৃষি সজাগতা সভা

শদিয়া : তিনিচুকীয়া জিলা কাকপথাৰৰ তেজি গাৱঁত কৃষি সজাগতা সভা অনুষ্ঠিত হৈ যায় ৷ অসম মৰাণ সভাৰ উদ্যোগত কাকপথাৰ আঞ্চলিক সমিতি আৰু তিনিচুকীয়া জিলা কৃষি বিভাগৰ তত্ত্বাৱধানত বিভিন্ন খেতি, মিন আৰু পশুপালনৰ ওপৰত কৃষি বিষয়াসকলে দিহা পৰামৰ্শ আগবঢ়াই ৷ কৃষক সকলে বছৰেকত এটা খেতি কৰিয়েই মাটি ডখৰ পেলাই নথৈ কেনেদৰে কেইবাটাও খেতি কৰি স্বাৱলম্বী হ'ব পাৰি তাৰ ওপৰতো বিশদভাবে আলোচনা কৰা হয় ৷ অঞ্চলটোৰ প্ৰায় শতাধিক কৃষক উপস্থিত থকা সজাগতা সভাত খেতিৰ উপৰিও মিন আৰু পশুপালনৰ ক্ষেত্ৰত চৰকাৰীভাবে বহুতো সুবিধা দিয়াৰ কথা উল্লেখ কৰে ৷ নিদিষ্ট বিভাগৰ কাৰ্যালয়ত আগতিয়াকৈ যোগাযোগ কৰি চৰকাৰী সুবিধা লৈ কৃষক সকলে আধুনিক কৃষি প্ৰদ্ধতিৰে বিজ্ঞানসন্মত ভাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় ৷ নৱ প্ৰজন্মই চাকৰিৰ প্ৰতি ধাউতি কমাই খেতিৰ লগতে মিন, পশুপালন আদিৰ চৰকাৰী আচঁনিৰ যোগেদিও সংস্থাপনৰ পথ মোকলাব পাৰে বুলি উল্লেখ কৰে ৷ তিনিচুকীয়া জিলা কৃষি বিষয়া সুশিল গগৈ, মনালিছা গগৈ, মৰাণ সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধৰ্মেন্দ্ৰ নেওঁগ, সম্পাদক দুৰ্লভ গোহাঁই, কাকপথাৰৰ পশু চিকিৎসা বিষয়া সত্যজিৎ দেউৰিি, কাকপথাৰ মিন বিষয়া তৃখেশ্বৰ চেতীয়াকে ধৰি বহুকেইজন কৃষি, মিন আৰু পশুপালন বিভাগৰ বিষয়া, কৰ্মচাৰী উপস্থিত থাকে ৷ তেজিপথাৰ মজলিয়া বিদ্যালয়ত হোৱা সজাগতা সভাৰ যোগেদি অঞ্চলটোৰ কৃষক সকলে কিছু পৰিমানে হলেও উপৰ্কৃত হব বুলি আশা কৰিব পাৰি ৷ Body:Byte : 1/ Agriculture Officer
2/ Moran Hobah leaderConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.