ETV Bharat / state

Arrival of autumn: দুভৰিৰে নিয়ৰ গচকি আহিনৰ বোকোচাত উঠি আহিছে শৰৎ

author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 2:28 PM IST

Updated : Sep 22, 2023, 6:15 AM IST

Natural beauty of Sarat
নিয়ৰৰ প্ৰতিটো টোপালৰ মুকুতা জিলিকে দুবৰি বনত

আকৌ আহিল আহিন ৷ আহিনৰ লগে লগে আগমন ঘটিল ঋতুৰাণী শৰতৰ ৷ আহিনৰ আগমন সম্পৰ্কে এক বিশেষ প্ৰতিবেদন...

নিয়ৰৰ প্ৰতিটো টোপালৰ মুকুতা জিলিকে দুবৰি বনত

তিনিচুকীয়া, ২১ ছেপ্টেম্বৰ : দুভৰিৰে নিয়ৰ গচকি আকৌ আহিল আহিন ৷ আহিন মানেই যেন এক সুকীয়া অনুভূতি ৷ আহিন মানেই যেন শৰতৰ আগমনি ৷ আহিনৰ লগতেই আহে শাৰদীয় উৎসৱ ৷ নিয়ৰৰ প্ৰতিটো টোপালৰ মুকুতা জিলিকে দুবৰি বনত ৷

ঋতু আহে, ঋতু যায় ৷ বৰ্ষাই সেউজী পৃথিৱী ধুই নিকা কৰাৰ পিচতেই আহিনৰ আঁচলত ধৰি ভুমুকি মাৰে শৰতে ৷ অসমীয়া সমাজৰ জন-জীৱনৰ এক মধুময় সময় এই আহিন মাহ । শাওণৰ পথাৰত গুজি দিয়া সেউজীয়া সপোনবোৰ লহপহকৈ বাঢ়ি আহে আহিনতে । গাখীৰতী ধানৰ থোকে দুচকুত আশা জগাই কৃষকৰ ৷ বিশাল আকাশৰ ডাৱৰ গুচাই নীলিমাই আৱৰি ধৰে ৷ চৌপাশ নিৰ্মল হৈ পৰে আহিনৰ পৰশত ৷

আহিনৰ সৌন্দৰ্য কেৱল পথাৰতেই দেখা নাযায় ৷ নৈ, বিলৰ পাৰত শুকুলা চাদৰৰ দৰে বতাহত হালি-জালি কহুৱাই দি যায় শৰতৰ আগমনৰ বতৰা ৷ চোতালৰ দুবৰি নিয়ৰত তিতে, নিশা আমোল-মোলাই শেৱালিৰ গোন্ধে আৰু পুৱা পদুলি উপচাই তলসৰা শেৱালিয়ে ৷

নদীৰ জলধাৰা শৰতৰ আগমনৰ লগে লগেই হৈ পৰে নিৰ্মল, উৎসৱৰ মাদকতাই পুলকিত কৰে সকলোৰে মন ৷ কবি-গীতিকাৰে সমল বিচাৰি পাই নতুন সৃষ্টিৰ ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও নিজৰ সৃষ্টিত শৰৎ ঋতুৰ বৰ্ণনা কৰি গৈছে ৷ অসমীয়া গীত-কবিতা-উপন্যাস আদিত শৰৎ আৰু আহিনৰ অনন্য বৰ্ণন পোৱা যায় ৷

আহিনৰ কথা ক’লে যেন কৈয়েই থাকিম, এনে লাগে ৷ কেইটামান শব্দত শেষ নহয় আহিনৰ বন্দনা ৷ শাৰদী ৰাণীৰ সান্নিধ্যৰে আহিন অতুলনীয় ৷

লগতে পঢ়ক : Advocate turns Blacksmith : জীৱনৰ ছন্দ বিচাৰি কোৰ্টৰ মজিয়াৰ পৰা কমাৰশাললৈ এজন ব্যক্তিৰ পৰিক্ৰমা

Last Updated :Sep 22, 2023, 6:15 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.