ETV Bharat / state

সংৰক্ষিত গঁড়ৰ খড়্গ জ্বলাবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে ক’লেও নামানে জুবিন গাৰ্গে

author img

By

Published : Sep 7, 2021, 8:16 PM IST

Updated : Sep 7, 2021, 9:49 PM IST

অসম চৰকাৰে গঁড়ৰ খড়্গ জ্বলাব খোজা কাৰ্যৰ বিৰোধিতা জুবিন গাৰ্গৰ ৷ উঠি অহা নৱ প্ৰজন্মৰ বাবে ইয়াক সংগ্ৰাহালয়ত নিৰাপদে ৰখা উচিত বুলি তেওঁ মন্তব্য কৰে ।

Zubin
সংৰক্ষিত গঁড়ৰ খড়্গ জ্বলাবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে ক’লেও নামানে জুবিন গাৰ্গে

তেজপুৰ, ৭ ছেপ্টেম্বৰ : নৱ প্ৰজন্মৰ হাৰ্টথ্রব জুবিন গাৰ্গে তেজপুৰত ইটিভি ভাৰতৰ লগত হোৱা এক সাক্ষাৎকাৰত অসম চৰকাৰে বৰ্তমান পুনৰীক্ষণ কৰি থকা গঁড়ৰ খড়্গ সমূহ জ্বলাই দিয়াৰ বিৰোধিতা কৰে । তেওঁ কয় যে, পুনৰীক্ষণ কৰা গঁড়ৰ খড়্গ সমূহ জ্বলাই দিবলৈ ওলোৱা প্ৰচেষ্টাক সমূলি মানি ল’ব নোৱাৰি আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও যদি কয় তেওঁ মানি নলয় ।

সংৰক্ষিত গঁড়ৰ খড়্গ জ্বলাবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে ক’লেও নামানে জুবিন গাৰ্গে

কাৰণ এই গঁড়ৰ খড়্গ সমূহ আপুৰুগীয়া সম্পদ ৷ উঠি অহা নৱ প্ৰজন্মৰ বাবে ইয়াক সংগ্ৰাহালয়ত নিৰাপদে ৰখা উচিত বুলি তেওঁ মন্তব্য কৰে । বৰ্তমান বন্য-প্ৰাণী আৰু প্ৰকৃতিৰ সংৰক্ষণৰ ব্যৱস্থাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব লাগে বুলিও মন্তব্য কৰে জুবিন গাৰ্গে । উঠি অহা নৱ প্ৰজন্মৰ মাজত এই বিষয়ে তেওঁ যথেষ্ট পৰিমাণে গুৰুত্ব দিয়া বুলিও জানিবলৈ দিয়ে ।

লগতে পঢ়ক : ঠিকনা সলনি হ’ব ৰঞ্জন দৈমাৰীৰ

বন্য প্ৰাণীৰ সংৰক্ষণ কৰাৰ বাবে তেওঁ সদায় লাগি আছে আৰু লাগি থাকিব বুলি জনায় জুবিনে ৷ বিভিন্ন ধৰণৰ জীৱ-জন্তুৰ সংৰক্ষণৰ ব্যৱস্থাৰ বিষয়েও বিভিন্ন সময়ত মাত মাতি আহিছে আৰু এই বিষয়ে আগলৈও মাত মাতি যাব বুলি শিল্পীগৰাকীয়ে স্পষ্ট কৰি দিয়ে ।

উল্লেখ্য যে, চৰকাৰে ৰাজ্যৰ বিভিন্ন জিলাৰ কোষাগাৰত সংৰক্ষিত গঁড়ৰ খড়্গসমূহ জ্বলাই দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইতিমধ্যে এই সন্দৰ্ভত খড়্গসমূহৰ পুনৰীক্ষণৰ কামো আৰম্ভ কৰিছে বন বিভাগে ৷ কিন্তু কেৱল জুবিন গাৰ্গেই নহয় ৰাজ্যৰ আন বহু প্ৰকৃতিপ্ৰেমীয়ে ইয়াৰ বিৰোধিতা কৰা দেখা গৈছে ৷

লগতে পঢ়ক : কৰ্তব্যৰত অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত একাংশ গৃহৰক্ষী জোৱানৰ দুৰ্বিসহ জীৱন: গুৰুত্ব নাই চৰকাৰৰ

Last Updated :Sep 7, 2021, 9:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.