কৰ্তব্যৰত অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত একাংশ গৃহৰক্ষী জোৱানৰ দুৰ্বিসহ জীৱন: গুৰুত্ব নাই চৰকাৰৰ

author img

By

Published : Sep 7, 2021, 6:55 PM IST

story-of-injured-home-guard-jawans-in-assam-election-2021

বিধানসভা নিৰ্বাচনত কৰ্তব্যৰত অৱস্থাত ডিমাহাছাওত দুৰ্ঘটনাগ্ৰস্ত হোৱা ৰাজ্যৰ গৃহৰক্ষী জোৱানসকলে আজিও নাপালে ঘোষিত এক কালীন সাহায্য । এতিয়া দুৰ্বিসহ জীৱন যাপন কৰিছে আহত জোৱান সকল তথা পৰিয়ালে ।

লখিমপুৰ, 7 ছেপ্টেম্বৰ : বিগত বিধান সভা নিৰ্বাচনৰ সময়ত 29 মাৰ্চ তাৰিখে হাইলাকান্দিলৈ গৈ থকা অৱস্থাত ডিমাহাচাওত পাহাৰত দুৰ্ঘটনাগ্ৰস্ত হৈছিল গৃহৰক্ষী বাহিনীৰ জোৱান কঢ়িয়াই নিয়া প্ৰাণজিত নামৰ বাছখন ৷ বাছযোগে যাত্ৰা কৰা 38 জন কৰ্তব্যৰত অৱস্থাত থকা জোৱান আঘাট প্ৰাপ্ত হোৱাৰ লগতে চালক সহ নিহত হৈছিল এজন জোৱান ৷ নিৰ্বাচন আয়োগে ঘোষণা কৰিছিল নিৰ্বাচনৰ কামত এইদৰে দূৰ্ঘটনাৰ সমুখীন হোৱা জোৱান সকলক এককালীন সাহায্য দিয়াৰ কথা ৷

ইয়াৰ পিছতেই তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বিষয়টোত যথেষ্ট গুৰুত্ব দিয়া দেখা গৈছিল ৷ কিন্তু পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰ তথা নিৰ্বাচনী আয়োগে দূৰ্ঘটনাত এইদৰে আঘাটপ্ৰাপ্ত হোৱা গৃহৰক্ষী বাহিনীৰ জোৱান সকলৰ প্ৰতি কোনোধৰণৰ ব্যৱস্থা লোৱা পৰিলক্ষিত নহ’ল ৷

কৰ্তব্যৰত অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত একাংশ গৃহৰক্ষী জোৱানৰ দুৰ্বিসহ জীৱন: গুৰুত্ব নাই চৰকাৰৰ

দূৰ্ঘটনাত আঘাট প্ৰাপ্ত হৈ শাৰিৰীকভাৱে বাধাগ্ৰস্ত হৈ পৰা এইসকল জোৱানৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷

ঘৰ-সংসাৰ থকা এই সকল জোৱানৰ এতিয়া পৰিয়ালৰ ভৰণ পোষণ দিবলৈকো কঠিন হৈ পৰিছে ৷ এনে পৰিস্থিতিত তেওঁলোকৰ পত্নী সকলে হাজিৰা কৰি ঘৰ চলোৱাৰ কথাও স্বীকাৰ কৰিছে এজন দূৰ্ভগীয়া জোৱানে ৷ উপায়হীন গৃহৰক্ষী বাহিনীৰ জোৱান সকলে এতিয়া চৰকাৰে তেওঁলোকৰ বাবে কিবা এটা সু্-ব্যৱস্থা কৰাৰ কাতৰ আহ্বান জনাইছে ৷

লগতে পঢ়ক : KISAN MAHAPANCHAYAT: কৰ্ণালত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.