ETV Bharat / state

Municipal Election 2022: ধন ঘটা উদ্যোগলৈ পৰিণত তেজপুৰ পৌৰসভা !

author img

By

Published : Feb 14, 2022, 6:48 PM IST

Municipal Election 2022
পথৰ অৱস্থাই জ্বলাকলা খোৱাইছে তেজপুৰবাসীক

সমাগত পৌৰসভা নিৰ্বাচন ৷ কঁকালত টঙালী বান্ধিছে শাসক বিৰোধী উভয় দলে ৷ সেই সময়তে তেজপুৰবাসীয়ে ক্ষোভ উজাৰিবলগীয়া হৈছে তেজপুৰ পৌৰসভাৰ বিৰুদ্ধে ৷ পৌৰসভাখনৰ বিগত কাৰ্যকালত উন্নয়নৰ নামত কেৱল প্ৰহসনহে হ’ল বুলি অভিযোগ তুলিছে তেজপুৰ চহৰবাসীয়ে (Farce in Cultural Capital)৷

তেজপুৰ, ১৪ ফেব্ৰুৱাৰী: ৰাজ্যত এতিয়া তুংগত উঠিছে পৌৰসভাৰ নিৰ্বাচনৰ প্ৰস্তুতি (Municipal Election 2022)। পুনৰ একোগৰাকী নতুন প্ৰাৰ্থী সাজু হৈছে পৌৰসভাৰ ভিন্ন ৱাৰ্ডক প্ৰতিনিধিত্ব কৰিবলৈ । তেজপুৰ পৌৰ সভাত বিগত পাঁচ বছৰত কি হ’ল (Development in Tezpur town)? পৌৰ সভাৰ অধিকাংশ সদস্যৰে বৰ্তমানৰ আন এক বৃত্তি হ’ল ঠিকাদাৰি; যাৰ ফলস্বৰূপে এইবাৰ ৯০% শতাংশ ৱাৰ্ড সদস্যৰ পাখি কাট খোৱাতো খাটাং ৷ তেজপুৰ পৌৰসভাক MONEY MAKING INDUSTRIES বুলিও ব্যক্ত কৰিছে স্থানীয় ৰাইজে ।

পথৰ অৱস্থাই জ্বলাকলা খোৱাইছে তেজপুৰবাসীক

বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ শাসন কালত একাংশ ৱাৰ্ড সদস্যৰ এই ঠিকাদাৰি প্ৰথাৰ অন্ত পাৰিবনে, এই প্ৰশ্ন এতিয়া তেজপুৰ চহৰবাসীৰ । তেজপুৰ পৌৰসভাৰ ১৯ টা ৱাৰ্ডৰ ৯ আৰু ১০ নম্বৰ ৱাৰ্ড দুটা নগৰখনৰ মাজমজিয়াতে অৱস্থিত । একেলগে থকা এই দুই ৱাৰ্ডৰে পাৰ হৈ যোৱা নগৰৰ মূল পথ কে চি পথৰ অৱস্থা একেবাৰে জৰাজীৰ্ণ ৷ যোৱা পাঁচ বছৰীয়া কাৰ্যকালত পৌৰ নিগমৰ তৰফৰ পৰা পথটোৰ মেৰামতিৰ ক্ষেত্ৰত একো কামেই নকৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় লোকসকলে । পথৰ দুৰৱস্থাৰ বাবে ৰিক্সাৰ পৰা পৰি পথচাৰীয়ে মৃত্যুক সাৱটি ল’বলগীয়াৰ দৰে ঘটনাও সংঘটিত হৈছে ।

একেধৰণে সেই অঞ্চলৰ নলাসমূহ নিৰ্মাণৰ বাবে বিগত সময়চোৱাত ৩.৫ লাখ টকা ধার্য কৰিছিল ৷ নলা নিৰ্মাণ হ’ল যদিও সেয়াও আধৰুৱা হৈ থকাত মূল পথৰ কাষত থকা নলাৰ ওপৰভাগ উন্মুক্ত হৈয়েই থাকিল । এনে বিভিন্ন সমস্যাৰে জৰ্জৰিত তেজপুৰৰ জনসাধাৰণে এইবাৰ কেনে এগৰাকী প্ৰতিনিধি নিৰ্বাচিত কৰে, সেয়া হ’ব মন কৰিবলগীয়া ৷

লগতে পঢ়ক: Majuli by election 2022: নিৰ্বাচন বৰ্জনৰ যোৱাৰ উঠিছে সত্ৰ নগৰী মাজুলীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.