ETV Bharat / state

Majuli by election 2022: নিৰ্বাচন বৰ্জনৰ যোৱাৰ উঠিছে সত্ৰ নগৰী মাজুলীত

author img

By

Published : Feb 14, 2022, 4:54 PM IST

no-voting-slogan-among-voters-of-majuli
নিৰ্বাচন বৰ্জনৰ যোৱাৰ উঠিছে সত্ৰ নগৰী মাজুলীত

মাজুলীত উপ-নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ একাংশ মাজুলীবাসীৰ (No voting slogan among voters of Majuli ) ৷ উজনি মাজুলীৰ দুটাকৈ ভোট কেন্দ্ৰৰ ভোটাৰৰ ভোট বৰ্জনৰ হুংকাৰ ।

মাজুলী, 14 ফেব্ৰুৱাৰী : উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত (By election In Majuli) উন্নয়নৰ পৰা বঞ্চিত হোৱাৰ কথাৰে মাজুলী একাংশ ৰাইজৰ ভোট বৰ্জন কাৰ্যসূচী (No voting slogan among voters of Majuli ) । উপ নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ ফুটচাং বাসীৰ ৷ লুইতপৰিয়া পঞ্চায়তৰ দুটা ৱাৰ্ডৰ দীৰ্ঘ দিন ধৰি উন্নয়ন বঞ্চিত বৰ বিল, ফুটচাং, কপাহতলী, কান্ধুলি মাৰি গাঁৱৰ ৰাইজ এতিয়া লিপ্ত হৈছে প্ৰতিবাদত ।

বান-গড়াখহনীয়াত সৰ্বহাৰা হোৱা মাজুলীবাসীৰ যাতায়ত যোগা-যোগ ব্যৱস্থা সৰ্বানন্দ সোণোৱালে আহি বহুখিনি পৰিৰ্ৱতন কৰিলে যদিও মাজুলীৰ অতি স্পৰ্শকাতৰ অঞ্চলৰ সমস্যা সমাধানত ব্যৰ্থ হোৱাৰ অভিযোগ বিজেপি চৰকাৰৰ বিৰুদ্ধে ৷

নিৰ্বাচন বৰ্জনৰ যোৱাৰ উঠিছে সত্ৰ নগৰী মাজুলীত

উল্লেখ্য যে, জিলাখনৰ উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত লুইতপৰীয়া, গাওঁ পঞ্চায়তৰ কেইবাটাও গ্ৰাম্যপথৰ কদৰ্যময় অৱস্থা আৰু পথসমূহত থকা পুখুৰীসদৃশ গাঁতবোৰে পথচাৰিক বাৰুকৈয়ে জ্বলা-কলা খুৱাইছে ৷ বিশেষকৈ লুইতপৰীয়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত সদাব্যস্ত ফুটচাং-কান্ধুলীমাৰী সংযোগী পথ আৰু মোৱামাৰী গাঁৱৰ পথটোত বোকা-পানীৰে ভৰি পৰাৰ লগতে পথটোত থকা পুখুৰীসদৃশ গাঁতবোৰৰ বাবে পথচাৰীয়ে অতি কষ্টেৰে অহা-যোৱা কৰিব লগা হৈছে ।

এই ক্ষেত্ৰত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি অঞ্চলবাসীয়ে যাতায়াত-যোগাযোগত দীৰ্ঘদিনে ভূগি অহা সমস্যাসমূহ সমাধান কৰিবলৈ দাবী জনায় ৷ ইয়াৰ লগতে, আগন্তুক ৭ মাৰ্চৰ উপনিৰ্বাচনত ফুটচাঙৰ ২ আৰু ৪ নম্বৰ ভোট কেন্দ্ৰৰ ভোটাৰ সকলে ভোটাদান নকৰাৰ সিদ্ধান্তৰে এখন পথ সভা অনুষ্ঠিত কৰে ৷

লগতে পঢ়ক : মাজুলীত কেনেকৈ সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী হ’ল ভুৱন গাম ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.