ETV Bharat / state

Kiren Rijiju praises ISRO:উত্তৰ পূৰ্বাঞ্চলৰ কৃষকৰ বাবে স্থাপন হ’ব চেটেলাইট:কিৰেণ ৰিজিজু

author img

By

Published : Jul 14, 2023, 8:54 PM IST

Kiren Rijiju praises ISRO
কিৰেণ ৰিজিজু

প্ৰধানমন্ত্ৰীয়ে মণিপুৰ হিংসাৰ সন্দৰ্ভত মাত নিদিয়াটোক লৈ কোনো বিতৰ্ক কৰি লাভ নাই- তেজপুৰত এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ ৷ শুকুৰবাৰে চন্দ্ৰযানৰ সফল উৎক্ষেপণত ISRO ক শলাগিলে মন্ত্ৰীগৰাকীয়ে ৷

তেজপুৰত কেন্দ্ৰীয় মন্ত্ৰী

তেজপুৰ, ১৪ জুলাই : শুকুৰবাৰে তেজপুৰত উপস্থিত হয় ভূ-বিজ্ঞান দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু ৷ সন্ধিয়া ইটানগৰৰ পৰা তেজপুৰত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে ভাৰতৰ চন্দ্ৰযান 3 অভিযান সম্পৰ্কত মত প্ৰকাশ কৰে ৷

ISRO য়ে শুকুৰবাৰে 2.35 বজাৰ লগে লগে সফলতাৰে চন্দ্ৰযান 3 উৎক্ষেপণ কৰিবলৈ সক্ষম হয় ৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই হেভিলিফ্ট এলভিএম3-এম4 ৰকেটৰ সহায়ত তৃতীয়টো চন্দ্ৰযান অভিযানৰ চন্দ্ৰযান 3 সফলতাৰে উৎক্ষেপণ কৰে ৷

এজন গৰ্বিত ভাৰতীয় হিচাপে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে চন্দ্ৰযান 3 ৰ সফল উৎক্ষেপণক লৈ আনন্দ প্ৰকাশ কৰে ৷ ভাৰতৰ এক দীৰ্ঘদিনীয়া প্ৰত্যাশা সফল কৰি তোলাৰ বাবে ISRO ৰ বিজ্ঞানীক ধন্যবাদ জনালে কেন্দ্ৰীয় Earth Science ৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে ।

তেজপুৰত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই চন্দ্ৰযান 3 অভিযান সফলতাৰে চন্দ্ৰ পৃষ্ঠত অৱতৰণ কৰাৰ বাবে তেওঁ প্ৰাৰ্থনা জনাইছে ৷ লগতে উল্লেখ কৰে যে চন্দ্ৰযান 3 অভিযানেৰে বিশ্বৰ চতুৰ্থখন দেশ হ’বলৈ গৈ আছে ভাৰতবৰ্ষ ।

এই চন্দ্ৰযান 3 অভিযানৰ অন্তত 1.4 বিলিয়ন ভাৰতবাসীৰ সপোন দিঠকত পৰিণত হ’ব বুলি তেওঁ আশাবাদী । লগতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে আজিৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ফ্ৰান্সৰ ৰাজধানী পেৰিচত অতিথি হিচাপে উপস্থিত থাকি প্ৰতিৰক্ষাৰ লগতে বিভিন্ন চুক্তিত স্বাক্ষৰ কৰি দেশৰ বাবে ভাল খবৰ আনিবলৈ সক্ষম হৈছে । মন্ত্ৰী ৰিজিজুৱে আজি অৰুণাচল প্ৰদেশত এটা নেচনেল চেণ্টাৰ অৱ্ এক্সিলেণ্ট ছাপোৰ্টছ চেণ্টাৰৰ শিলান্যাস কৰাৰ লগতে কৃষকৰ সুবিধাৰ্থে চেটেলাইৰো শিলান্যাস স্থাপন কৰে ।

আনহাতে মণিপুৰৰ বৰ্তমান পৰিস্থিতিৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে গৃহমন্ত্ৰীয়ে ৰাজ্যখনত তিনিদিন থাকি পৰিস্থিতি পৰ্যালোচনা কৰিছে আৰু গৃহমন্ত্ৰীয়েই প্ৰধানমন্ত্ৰীক প্ৰতিনিধিত্ব কৰে গতিকে প্ৰধানমন্ত্ৰীয়ে মণিপুৰ হিংসাৰ সন্দৰ্ভত মাত নিদিয়াটোক লৈ কোনো বিতৰ্ক কৰি লাভ নাই ।

লগতে পঢ়ক : Chandrayaan 3 : চন্দ্ৰ অভিযানৰ সফল আৰম্ভণি, সঠিক কক্ষপথত চন্দ্ৰযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.