ETV Bharat / state

তেজপুৰত হেৰ’ইনসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

author img

By

Published : Sep 6, 2022, 10:21 PM IST

শোণিতপুৰ জিলাৰ খানামুখত হেৰ’ইনসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (Two drug peddler arrested at Khanamukh)৷ শোণিতপুৰ আৰক্ষীয়ে খানামুখৰ কেঁকুকুলি নেপালী গাঁৱত তালাচী অভিযান চলাওঁতে হেৰ’ইনখিনি উদ্ধাৰ হয় ৷

তেজপুৰত হেৰ’ইণসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
তেজপুৰত হেৰ’ইণসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ

তেজপুৰ, 6 ছেপ্টেম্বৰ: ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান চলাই থকাৰ পিছতো একাংশ অপৰাধীয়ে সুযোগ বুজি নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ অব্যাহত ৰাখিছে (Anti drugs operation)৷ শোণিতপুৰ জিলাৰ খানামুখত মঙলবাৰে হেৰ’ইনসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (Two peddler arrested at Khanamukh)৷

শোণিতপুৰ আৰক্ষীয়ে খানামুখৰ কেঁকুকুলি নেপালী গাঁৱত তালাচী অভিযান চলাওঁতে হেৰ’ইনখিনি উদ্ধাৰ হয় ৷ আৰক্ষীয়ে লগতে দুই সৰবৰাহকাৰী মান্নাচ আলী (30) আৰু আশীকুল ইছলাম (20)ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী দুটাৰ পৰা ১৫ টা সৰু সৰু কনটেনাৰৰ পৰা মুঠ ২১ গ্ৰাম হেৰ’ইন জব্দ কৰে (Heroin seized at Khanamukh) ।

আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত সৰবৰাহকাৰী দুটাক জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: থানাৰ ওচৰতে দুৰ্বৃত্তই ধন লুটি জ্বলাই দিলে এ টি এম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.