ETV Bharat / state

তেজপুৰৰ তলগেৰেকীত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Jan 7, 2021, 9:51 PM IST

Terrible fire in Tezpur
তেজপুৰৰ তলগেৰেকীত ভয়ংকৰ অগ্নিকাণ্ড

বৃহস্পতিবাৰে দিনৰ ভাগত তেজপুৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ ঘৰত কোনো নথকা অৱস্থাত লক্ষী দাস নামৰ এজন লোকৰ বাসগৃহত সংঘটিত হয় অগ্নিকাণ্ডটো ৷ অগ্নিকাণ্ডৰ ফলত অতি কমেও ১০ লক্ষাধিক টকাৰ সা-সম্পত্তি বিনষ্ট হয় ৷

তেজপুৰ, ৭ জানুৱাৰী: তেজপুৰৰ তল কলিবাৰীত বৃহস্পতিবাৰে দিনৰ ভাগত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ লক্ষী দাস নামৰ এজন লোকৰ বাসগৃহত সংঘটিত হয় অগ্নিকাণ্ডটো ৷ ঘৰত কোনো নথকা অৱস্থাত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত অতি কমেও ১০ লক্ষাধিক টকাৰ সা-সম্পত্তি বিনষ্ট হয় ৷ অগ্নিকাণ্ডত দুটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰো বিষ্ফোৰিত হয় যদিও বৰ্তমানলৈ অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই ৷ কিন্তু স্থানীয় একাংশই বৈদ্যুতিক বিজুতিৰ বাবেই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি ধাৰণা কৰিছে ৷

Terrible fire in Tezpur
তেজপুৰৰ তলগেৰেকীত ভয়ংকৰ অগ্নিকাণ্ড

বহু সময় ধৰি জ্বলি থকা জুইকুৰা দেখি স্থানীয় লোকে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ কিছু সময়ৰ ভিতৰত অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত জুই নিৰ্বাপিত কৰে ৷ সৌভাগ্য ক্ৰমে অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই যদিও লোকজনৰ বাসগৃহটো সম্পূৰ্ণৰূপে জুইত জাহ যায় ৷

লগতে পঢ়ক: বিধায়ক হোৱাৰ সপোন দেখা এজন ঝালমূৰীৱালা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.