ETV Bharat / state

মেঘালয় আহি পালে ভাৰতীয় সেনাৰ 'স্বৰ্নিম বিজয় মাৰ্শ্বেল'

author img

By

Published : Jul 29, 2021, 6:10 PM IST

দেশৰ সশস্ত্ৰ বাহিনীৰ সাহসক শ্ৰদ্ধা জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত 'স্বৰ্নিম বিজয় মাৰ্শ্বেল'ৰ শুভ উদ্বোধন কৰিছিল । বৃহস্পতিবাৰে এই স্বৰ্নিম বিজয় মাৰ্শ্বেল মেঘালয়ত আহি পোৱাৰ পিছতে প'ল গ্ৰাউণ্ডত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ (Conrad Sangma) হাতত অৰ্পণ কৰা হয় ।

Conrad Sangma
মেঘালয় আহি পালে ভাৰতীয় সেনাৰ স্বৰ্নিম বিজয় মাৰ্শ্বেল

তেজপুৰ, ২৯ জুলাই : ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয় আৰু বাংলাদেশৰ মুক্তিৰ ৫০ বছৰৰ স্মৃতিত ২০২০ চনৰ ১৬ ডিচেম্বৰত দিল্লীৰ ৰাষ্ট্ৰীয় স্মাৰকৰ পৰা স্বৰ্নিম বিজয় মাৰ্শ্বেল (swarnim vijay marshal) ফ্লেগ অফ কৰা হৈছিল । দেশৰ সশস্ত্ৰ বাহিনীৰ সাহসক শ্ৰদ্ধা জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Narendra Modi) নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত 'স্বৰ্নিম বিজয় মাৰ্শ্বেল'ৰ শুভ উদ্বোধন কৰিছিল । উল্লেখ্য যে, বাংলাদেশ মুক্তিৰ ৫০ বছৰৰ স্মৃতিত এই বিজয় মাৰ্শ্বেল উলিয়াই ভাৰতীয় সেনাই (Indian Army) ।

swarnim vijay marshal
মেঘালয় আহি পালে ভাৰতীয় সেনাৰ স্বৰ্নিম বিজয় মাৰ্শ্বেল

সেই মাৰ্শ্বেল (অগ্নিশিখা) ভাৰতৰ বিভিন্ন প্ৰান্তলৈ লৈ যোৱা হয় । বৃহস্পতিবাৰে এই স্বৰ্নিম বিজয় মাৰ্শ্বেল মেঘালয়ত আহি পোৱাৰ পিছতে প'ল গ্ৰাউণ্ডত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ (Conrad Sangma) হাতত অৰ্পণ কৰা হয় । বিজয় মাৰ্শ্বেল ২৬ জুলাইত অসম-পশ্চিম বংগ সীমান্তত ভাৰতীয় সেনাৰ ১০১ এলেকাত প্ৰৱেশ কৰে আৰু তাৰ পিছত ২৭ জুলাইত শ্বিলঙৰ সেনাৰ কাৰ্য্যালয়লৈ অনা হয় । শ্বিলঙৰ পল' গ্ৰাউণ্ডত সেনা বাহিনীৰ প্ৰাক্তন বিষয় ববীয়া, সেনা বিষয়াৰ উপস্থিতিত মেঘালয়ৰ মুখ্যমন্ত্ৰী চাংমাই কয় যে ই ভাৰতৰ বাবে এক ইতিহাস আৰু গৌৰৱৰ দিন ।

swarnim vijay marshal
মেঘালয় আহি পালে ভাৰতীয় সেনাৰ স্বৰ্নিম বিজয় মাৰ্শ্বেল

ভাৰতীয় সেনাক ভালদৰে বুজি পাবলৈ নতুন প্ৰজন্মৰ বাবে ই এক প্ৰশংসনীয় পদক্ষেপ বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰ জৰিয়তে নতুন প্ৰজন্মই দেশ মাতৃৰ সেৱা আগবঢ়াই যোৱাত উৎসাহ পাব বুলিও তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে, ভাৰতীয় সেনাই শ্বিলঙৰ পল' গ্ৰাউণ্ডত আয়োজিত এক বিশাল অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ হাতত অৰ্পন কৰে বিজয় মাৰ্শ্বেল । পূৰ্বে এক অভ্যৰ্থনা অনুষ্ঠানত সংকোশ নদী দলঙত এই স্বৰ্নিম বিজয় মাৰ্শ্বেল গ্ৰহণ কৰা হয় । সংকোশ নদীৰ দলঙত এই বিজয় মাৰ্শ্বেল গ্ৰহণৰ কাৰ্যসূচী উদযাপনৰ সমাপ্তি হোৱাৰ পাচতে মেঘালয়ৰ তুৰালৈ বিজয় মাৰ্শ্বেল প্ৰেৰণ কৰা হয় । আনহাতে সেনাৰ মুখপাত্ৰই জনোৱা মতে, অহা ৮ আগষ্টলৈকে মেঘালয়ত থাকিব এই স্বৰ্নিম বিজয় মাৰ্শ্বেল আৰু তাৰ পিছত ইয়াক অসমলৈ অনা হ'ব ।

লগতে পঢ়ক :শক্তিশালী আঞ্চলিকতাবাদে সুৰক্ষিত কৰিব অসম : অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.