ETV Bharat / state

ৰেম্ব’ৰ বিদায় বেলাত চকুলো টুকিলে মৰিয়নী ৰে’ল আৰক্ষীয়ে

author img

By

Published : Oct 1, 2020, 10:28 PM IST

ৰেম্বুৰ অৱসৰত চকুলো টুকিলে প্ৰশিক্ষকে

বুধবাৰে ৰেল'ৱে পুলিচৰ অধীনত কৰ্মৰত এটা কুকুৰে অৱসৰ গ্ৰহণ কৰাৰ পাছতে চকুলো টুকিলে প্ৰশিক্ষকে ৷ এতিয়াৰে পৰা ৰেল বিভাগৰ আৰক্ষীৰ মৰিয়নী ষ্টেচনত কৰ্তব্যত দেখা পোৱা নাযাব ৰেল অভিযানত থকা কুকুৰটো । কৰ্তব্যৰ পৰা অৱসৰ গ্ৰহণ কৰিলে স্নিফাৰ স্কোৱাৰ্ড ৰেম্ব’ৱে ।

তেজপুৰ,১ অক্টোবৰ : ভাৰতীয় ৰেল বিভাগত দেখিবলৈ পোৱা গ’ল এক ব্যতিক্ৰমী দৃশ্য ৷ সাধাৰণতে সহকৰ্মী সকলৰ অৱসৰে বিদায়ৰ পৰত সকলোকে কন্দুৱাই থৈ যায় ৷ একেলগে পাৰ কৰা কৰ্মজীৱনৰ স্মৃতিবোৰে যোৱাৰ পৰত সকলোকে আবেগিক কৰি তোলে ৷ সাধাৰণ মানুহৰ ক্ষেত্ৰত এই পৰিস্থিতি স্বাভাৱিক ৷ কিন্তু তেজপুৰত দেখিবলৈ পোৱা গ’ল এক আচৰিত দৃশ্য ৷

ৰেম্বুৰ অৱসৰত চকুলো টুকিলে প্ৰশিক্ষকে
ৰেম্বুৰ অৱসৰত চকুলো টুকিলে প্ৰশিক্ষকে

বুধবাৰে ৰেল'ৱে পুলিচৰ অধীনত কৰ্মৰত এটা কুকুৰে অৱসৰ গ্ৰহণ কৰাৰ পাছতে চকুলো টুকিলে প্ৰশিক্ষকে ৷ এই বিষয়ে জনায় উত্তৰ-পূব ৰেলৱে জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই ৷ এতিয়াৰে পৰা ৰেল বিভাগৰ আৰক্ষীৰ মৰিয়নী ষ্টেচনত কৰ্তব্যত দেখা পোৱা নাযাব ৰেল অভিযানত থকা কুকুৰটো । কৰ্তব্যৰ পৰা অৱসৰ গ্ৰহণ কৰিলে স্নিফাৰ স্কোৱাৰ্ড ৰেম্ব’ৱে ।

ৰেম্ব’ৰ অৱসৰত চকুলো টুকিলে প্ৰশিক্ষকে

উল্লেখ্য যে, দিল্লীত প্ৰশিক্ষণ লৈ মৰিয়নীৰ ষ্টেচনত বিভিন্ন অভিযানত সফলতা অৰ্জন কৰিছিল ৰেম্ব’ৱে । কেৱল এয়াই নহয় দেশৰ বিভিন্ন ঠাইৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰিছিল ৰেম্ব’ৱে । ৰেল বিভাগৰ আৰক্ষী বিষয়াই অৱসৰৰ সময়ত সন্মানৰে বিদায় দিলে দীৰ্ঘদিন কৰ্মৰত এই কুকুৰটোক ।

সম্পূৰ্ণ চৰকাৰী নীতি নিৰ্দেশনাৰে বিগত ১১ বছৰ ধৰি কেন্দ্ৰীয় ৰেল বিভাগৰ আৰক্ষীৰ এক বিশেষ পদৰ পৰা অব্যাহতি দিলে ৰেম্ব’ক । এই অৱসৰৰ মুহূৰ্তত ৰেম্ব’ নামৰ এই কুকুৰটো আৰু চকুলো ৰেল আৰক্ষীৰ কৰ্তব্যৰত বিষয়া আবেগিক হৈ উঠিল । ডিঙিত এখন গামোছা পিন্ধি যোৰহাট জিলাৰ মৰিয়নী ৰেল ষ্টেচনৰ পৰা বিদায় ললে ৰেম্ব’ৱে । সম্প্ৰতি ৰেম্ব’ক গতাই দিয়ে যোৰহাটৰ এটা সংগঠনৰ হাতত ।

লগতে পঢ়ক : খিলঞ্জীয়া মুছলমানৰ সমস্যা সমাধানৰ দাবীৰে গাড়ীগাঁৱত মানৱ শৃংখল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.