ETV Bharat / state

Flash Flood in Sikkim : ছিকিমত ডাৱৰ বিস্ফোৰণত আকস্মিক বান; আক্ৰান্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 1:22 PM IST

তিস্তা নদীৰ আকস্মিক বানৰ কবলত উত্তৰ ছিকিম । ধন-জনৰ ব্যাপক ক্ষয়-ক্ষতিৰ আশংকা । ব্যাহত হৈছে পথ যোগাযোগ । ছিকিমৰ মুখ্যমন্ত্ৰীৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন ।

Flash Flood in Sikkim
Flash Flood in Sikkim

ছিকিমত ডাৱৰ বিস্ফোৰণৰ ফলত আকস্মিক বান

তেজপুৰ, ৪ অক্টোবৰ : উত্তৰ ছিকিমৰ লোনাক হ্ৰদৰ ওপৰত হঠাতে সংঘটিত ডাৱৰ বিস্ফোৰণৰ ফলত লাচেন উপত্যকাৰ তিস্তা নদীত সৃষ্টি হৈছে আকস্মিক বান । প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱটে এই কথা জনাইছে । তেওঁ প্ৰকাশ কৰিছে যে উপত্যকাটোৰ কাষৰ কিছু সেনা শিবিৰ এই বানৰ দ্বাৰা প্ৰভাৱিত হৈছে ।

উল্লেখ্য যে ডাৱৰ বিস্ফোৰণৰ ফলত চুংথাং বান্ধৰ জলস্তৰ বৃদ্ধি পোৱাত বান্ধটোৰ পানী এৰি দিয়া হয় । ইয়াৰ ফলতে আকস্মিক বানৰ সৃষ্টি হয় আৰু নিম্নাংশত ১৫-২০ ফুট উচ্চতালৈকে জলস্তৰ বৃদ্ধি পায় । ফলত চিংটামৰ ওচৰৰ বৰদাঙত ৰখাই থোৱা সেনাৰ বাহনসমূহ প্ৰভাৱিত হয় । আনহাতে, মুঠ ২৩ জন সেনা জোৱান সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে ।

জানিব পৰা মতে, তেওঁলোকৰ সন্ধানত অনুসন্ধান অভিযান চলি আছে । আনহাতে, এই আকস্মিক বানৰ ফলত উত্তৰ ছিকিমৰ কেইবাটাও পথ ক্ষতিগ্ৰস্ত হোৱাৰ ফলত পথ সংযোগ বিচ্ছিন্ন হৈ পৰিছে । ইফালে স্থানীয় ৰাইজে জনোৱা মতে, তিস্তা নদীৰ এই বানৰ ফলত কেইবাজনো লোকৰ প্ৰাণহানি হোৱা বুলি সন্দেহ কৰা হৈছে । শেহতীয়া তথ্যমতে, ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে তিস্তা নদী অৱবাহিকাত বানৰ ফলত হোৱা ব্যাপক ক্ষয়-ক্ষতিৰ মূল্যাঙ্কন কৰিবলৈ চিংটামত গৈ উপস্থিত হৈছে ।

আনহাতে, এছএছডিএমএৰ মতে, মংগন জিলাৰ উত্তৰ অংশতো সম্ভাৱ্য ডাৱৰ বিস্ফোৰণৰ ফলত বান সমস্যা উদ্ভৱ হোৱাৰ সন্দেহ কৰা হৈছে ৷ বৰ্তমান মুখ্যমন্ত্ৰী তামাঙে চিংটাম নগৰ পঞ্চায়ত কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছে । তাত তেওঁ শেহতীয়া পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ প্ৰশাসনিক বিষয়াসকলৰ সৈতে মিলিত হৈছে ৷ মুখ্যমন্ত্ৰীয়ে এই প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সকলোকে একত্ৰিত হৈ থকাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু সকলোকে সতৰ্ক হৈ থাকিবলৈও আহ্বান জনাইছে ।

ইয়াৰ উপৰি মুখ্যমন্ত্ৰী তামাঙে বাসিন্দাসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ নদী অৱবাহিকালৈ নাযাবলৈ পৰামৰ্শ দিছে । লগতে চৰকাৰে বানৰ দ্বাৰা উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ আৰু এই দুৰ্ভাগ্যজনক ঘটনাত ক্ষতিগ্ৰস্ত লোকসকলক প্ৰয়োজনীয় সাহায্য প্ৰদান কৰিবলৈ সক্ৰিয়ভাৱে কাম কৰি আছে ।

উল্লেখ্য যে মংগন জিলাৰ চুংথাঙৰ টুং দলংখন খহি পৰাৰ ফলত যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে । ইয়াৰ উপৰি ফিদাং দলং খহি পৰাৰ লগতে অঞ্চলটোৰ কেইবাটাও পকীঘৰ বানত প্ৰভাৱিত হৈছে । নৈকাষৰীয়া ঘৰবোৰ যথেষ্ট বিপজ্জনক অৱস্থাত আছে আৰু প্ৰশাসনে নৈপৰীয়া লোকসকলক উদ্ধাৰৰ চেষ্টা কৰি আছে । ইফালে গেংটকৰ পৰা পোৱা খবৰ অনুযায়ী, চাংখালাঙত দুজন জিআৰইএফ শ্ৰমিক সন্ধানহীন হৈ আছে । জিআৰইএফৰ বিষয়াৰ সূত্ৰত এই কথা প্ৰকাশ । আনহাতে, ফিদাঙৰ পৰা এজন লোক সন্ধানহীন হোৱা বুলিও স্থানীয় ৰাইজে জনাইছে ।

লগতে পঢ়ক :Flash Flood in Sikkim : ছিকিমত আকস্মিক বানত ২৩ সেনা জোৱান সন্ধানহীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.