ETV Bharat / state

Chief Justice of Manipur HC: মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ সিদ্ধাৰ্থ মৃদুলৰ

author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 8:27 PM IST

তেওঁ ১৯৮৬ চনত দিল্লীৰ বাৰ কাউন্সিলত অন্তৰ্ভুক্ত হয় আৰু পৰৱৰ্তী সময়ত দিল্লী উচ্চ ন্যায়ালয়কে ধৰি বিভিন্ন আদালতত নিয়োজিত হৈছিল । শিশু শ্ৰমিক পুনৰ্সংস্থাপন, অবৈধ নিৰ্মাণৰ মোকাবিলা কৰা আৰু চফদৰজং চিকিৎসালয় সম্পৰ্কীয় সমিতিত জড়িত হোৱালৈকে তেওঁৰ কাৰ্যকলাপ সম্প্ৰসাৰিত ।

Chief Justice of Manipur HC
Chief Justice of Manipur HC

তেজপুৰ, ২০ অক্টোবৰ : ন্যায়াধীশ সিদ্ধাৰ্থ মৃদুলে শুকুৰবাৰে মণিপুৰ উচ্চ ন্যায়ালয়ৰ সপ্তম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে । ইম্ফলৰ ৰাজভৱনত অনুষ্ঠিত এই শপত গ্ৰহণ অনুষ্ঠানত মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকীয়ে সিদ্ধাৰ্থ মৃদুলক শপতবাক্য পাঠ কৰায় ।

উল্লেখ্য যে বিগত ১৬ অক্টোবৰত মৃদুলক দেশৰ ৰাষ্ট্ৰপতিয়ে মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছিল । ন্যায়াধীশ মৃদুলৰ এই সন্মানীয় পদবীৰ বাবে যথেষ্ট আইনী অভিজ্ঞতা আছে । তেওঁ পূৰ্বতে দিল্লী উচ্চ ন্যায়ালয়ত কাৰ্যনিৰ্বাহ কৰিছিল ।

শপত গ্ৰহণৰ পিছত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত মণিপুৰ হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ সিদ্ধাৰ্থ মৃদুলে মণিপুৰ উচ্চ ন্যায়ালয়ত অমীমাংসিত হৈ থকা ৩,৩৩৫ টা গোচৰৰ খৰতকীয়া সমাধানৰ বাবে তেওঁ সমৰ্পিত বুলি ব্যক্ত কৰে । তেওঁ এই গোচৰসমূহ দ্ৰুততাৰে সমাধান কৰাৰ বাবে তেওঁ প্ৰতিশ্ৰুতিবদ্ধ বুলিও উল্লেখ কৰে, যাতে গোচৰসমূহত তাৎক্ষণিক ন্যায় প্ৰদান কৰিব পৰা যায় ।

আনহাতে, মুখ্য ন্যায়াধীশগৰাকীয়ে মণিপুৰত চলি থকা পৰিস্থিতি আৰু বিভিন্ন সম্প্ৰদায়ৰ মাজত শান্তি আৰু সম্প্ৰীতি পুনৰুদ্ধাৰৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ যৌথ প্ৰচেষ্টাৰ ওপৰতো গুৰুত্ব আৰোপ কৰি ৰাজ্যপালৰ সৈতে আলোচনা কৰে । দিল্লীৰ হিন্দু মহাবিদ্যালয়ৰ পৰা কলেজীয়া শিক্ষা সাং কৰা আৰু দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত আইনৰ ডিগ্ৰী লাভ কৰা ন্যায়াধীশ মৃদুলৰ আইনী কেৰিয়াৰ তেওঁৰ অধ্যৱসায়মূলক সেৱাৰ বাবে অতি উজ্জ্বল ।

তেওঁ ১৯৮৬ চনত দিল্লীৰ বাৰ কাউন্সিলত অন্তৰ্ভুক্ত হয় আৰু পৰৱৰ্তী সময়ত দিল্লী উচ্চ ন্যায়ালয়কে ধৰি বিভিন্ন আদালতত নিয়োজিত হৈছিল । শিশু শ্ৰমিক পুনৰ্সংস্থাপন, অবৈধ নিৰ্মাণৰ মোকাবিলা কৰা আৰু চফদৰজং চিকিৎসালয় সম্পৰ্কীয় সমিতিত জড়িত হোৱালৈকে তেওঁৰ কাৰ্যকলাপ সম্প্ৰসাৰিত ।

ন্যায়াধীশ মৃদুলৰ কেৰিয়াৰৰ গতিপথত তেওঁ ২০০৮ চনত দিল্লী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে । পিছত তেওঁ ২০০৯ চনৰ ২৬ মে'ত স্থায়ীভাৱে এই পদ গ্ৰহণ কৰে । মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে তেওঁৰ নিযুক্তি উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ পৰামৰ্শ অনুসৰি হৈছে । উত্তৰ-পূবৰ ৰাজ্যখনত জাতিগত অস্থিৰতাৰ পিছত এই সিদ্ধান্ত দ্ৰুততাৰে গ্ৰহণ কৰা হয় ।

উল্লেখ্য যে শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী এন বীৰেণ সিং, তেওঁৰ মন্ত্ৰী পৰিষদ, বিধায়কসকল আৰু শীৰ্ষপদস্থ অসামৰিক তথা আৰক্ষী বিষয়াকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । মুখ্যমন্ত্ৰী বীৰেণ সিঙে আশা ব্যক্ত কৰে যে এগৰাকী অভিজ্ঞ আৰু দক্ষ মুখ্য ন্যায়াধীশৰ নিযুক্তিয়ে ৰাজ্যখনত শান্তি আৰু স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।

লগতে পঢ়ক :PM Jan Dhan scheme: দেশৰ আৰ্থিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে প্ৰধানমন্ত্ৰী জন-ধন যোজনাই: সীতাৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.