ETV Bharat / state

ৰঙাপৰাত পঞ্চাশ ঊর্ধ্বৰ এগৰাকী মহিলাক হত্যা

author img

By

Published : Dec 3, 2020, 3:39 PM IST

rangapara-murder
ৰঙাপৰাত 50বছৰীয়া মহিলাক হত্যাৰ অভিযোগ তিনি যুৱকৰ

ৰঙাপৰাৰ কলাবিল গাঁৱত পঞ্চাশ বছৰীয়া এগৰাকী মহিলাক নৃশংস ভাৱে হত্যা ৷ হত্যাৰ লগত জড়িত থকাৰ সন্দেহত দুজন যুৱকক কৰায়ত্ত কৰিলে স্থানীয় ৰাইজে ৷ ঘটনাৰ লগত জড়িত আন এজন বৰ্তমানেও পলাতক ৷

ৰঙাপৰা,3ডিচেম্বৰ: শোণিতপুৰ জিলাৰ ৰঙাপৰাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । বুধবাৰে নিশা ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ৪ নং কলাবিল গাঁৱৰ নিৱাসী ত্ৰিনাথ ভূঞৰৰ পত্নী ভাগ্যৱতী ভূঞৰক একেখন গাঁৱৰে তিনি যুৱকে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ অভিযুক্ত যুৱক কেইজন মহেশ ওৰাং, অতুল ভূঞৰ আৰু হিৰেন ওৰফে ভুংলু ভূঞৰ বুলি জানিব পৰা গৈছে ৷ যুৱক কেইজনে মহিলা গৰাকীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

rangapara-murder
ৰঙাপৰাত 50বছৰীয়া মহিলাক হত্যাৰ অভিযোগ তিনি যুৱকৰ

ইফালে বৃহস্পতিবাৰে পুৱা ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত দুজন যুৱকক স্থানীয় ৰাইজে আটক কৰে ৷ আটক কৰা যুৱক দুজন মহেশ ওৰাং আৰু অতুল ভূঞৰ ৷ স্থানীয় ৰাইজে যুৱক দুজনক কৰায়ত্ত বান্ধি থোৱাৰ লগতে আৰক্ষীক অৱগত কৰে । ইয়াৰ পাচতে ঘটনাস্থলীত ৰঙাপৰা আৰক্ষী থানাৰ এটা আৰক্ষীৰ দল উপস্থিত হৈ যুৱক দুজনক উদ্ধাৰ কৰাৰ লগতে থানালৈ নি জেৰা অব্যাহত ৰাখিছে । বৰ্তমানেও পলাতক অৱস্থাত আছে হিৰেন ওৰফে ভুংলু ভূঞৰ ।

হত্যাকাণ্ডটি সংঘটিত হোৱাৰ প্ৰকৃত কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

অন্য এক খবৰৰ বাবে: যোৰহাটত তৰুণ গগৈক সুঁৱৰি সৰ্বধৰ্মীয় সভাৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.