ETV Bharat / state

তেজপুৰত প্ৰাক্তন বিধায়ক প্ৰয়াত ৰাজেন বৰঠাকুৰৰ প্ৰতিমূৰ্তি উন্মোচন

author img

By

Published : Dec 10, 2020, 10:50 PM IST

ৰঙাপৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাজেন বৰঠাকুৰৰ বিয়োগৰ এবছৰ সম্পূৰ্ণ হয় ৷ সেই উপলক্ষে তেজপুৰৰ হলেশ্বৰত আয়োজিত স্মৃতিচাৰণ সভাৰ লগতে 'দুৰ্জয় ত্যাগ আৰু আদৰ্শ চানেকি ' নামৰ এখন গ্ৰন্থ উন্মোচন কৰে অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য আৰু লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

Rajen Borthakur statue inougrate
তেজপুৰত প্ৰাক্তন বিধায়ক প্ৰয়াত ৰাজেন বৰঠাকুৰৰ প্ৰতিমূৰ্তি উন্মোচন

তেজপুৰ, ১০ ডিচেম্বৰ : শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাজেন বৰঠাকুৰৰ বিয়োগৰ এবছৰ সম্পূৰ্ণ হয় ৷ সেই উপলক্ষে তেজপুৰৰ হলেশ্বৰত আয়োজিত স্মৃতিচাৰণ সভাৰ লগতে 'দুৰ্জয় ত্যাগ আৰু আদৰ্শ চানেকি ' নামৰ এখন গ্ৰন্থ উন্মোচন কৰে অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য আৰু লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
মন্ত্ৰী ড০ শৰ্মাই তেওঁৰ প্ৰয়াত ঘনিষ্ঠ সতীৰ্থৰ স্মৃতিচাৰণ কৰি আৰু কয় যে, "ৰাজেন বৰঠাকুৰৰ স্পষ্টবাদীতা সহজ সৰল জীৱনে সকলোকে আকৰ্ষিত কৰিছিল ৷ "

বিয়লি হলেশ্বৰত উপস্থিত হোৱা ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও হলেশ্বৰ যুৱক সংঘৰ প্ৰাংগণত নিৰ্মাণ কৰি উলিওৱা প্ৰয়াত ৰাজেন বৰঠাকুৰ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জনায় । পুৱা তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে ৰাজেন বৰঠাকুৰ সোঁৱৰণী প্ৰেক্ষাগৃহটো মুকলি কৰে ৷ আনহাতে খনামুখ মানশিৰি হৈ নপাম সংযোগী পথটি প্ৰয়াত ৰাজেন বৰঠাকুৰ নামৰে আনুষ্ঠানিক ভাৱে মুকলি কৰে লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Rajen Borthakur statue inougrate
তেজপুৰত প্ৰাক্তন বিধায়ক প্ৰয়াত ৰাজেন বৰঠাকুৰৰ প্ৰতিমূৰ্তি উন্মোচন
তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ সভাপতি বিৰাজ নাথৰ পৌৰহিত্যত অনুষ্ঠিত আৰু সভাখন দৰং মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক তথা শোণিতপুৰ বিজেপিৰ প্ৰাক্তন সভাপতি উপেন্দ্র নাথ শৰ্মাই প্ৰয়াত বৰঠাকুৰক স্মৃতিচাৰণ কৰি কয় যে, প্ৰয়াত বৰঠাকুৰে যিকোনো সমস্যা সদায় আলাপ আলোচনাৰ মাজৰে সমাধান কৰিছিল ছাত্ৰাৱস্থাতে। তেওঁ বৰঠাকুৰ দুৰ্লভ গুণৰ অধিকাৰী আছিল বুলিও কয়।
Rajen Borthakur statue inougrate
তেজপুৰত প্ৰাক্তন বিধায়ক প্ৰয়াত ৰাজেন বৰঠাকুৰৰ প্ৰতিমূৰ্তি উন্মোচন

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে নিজৰ ভাষণত বৰঠাকুৰ বিজেপিৰ এগৰাকী ভাল আৰু নিষ্ঠাবান কৰ্মী আছিল তথা কংগ্ৰেছ দলৰ বিধায়ক হৈ থকা সময়ছোৱাত আনৰ সৈতেও এক সু সম্পৰ্ক ৰক্ষা কৰি চলিছিল।

সভাখনত ৰাজ্যিক মন্ত্ৰী পিযুষ হাজৰিকা, পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ড০ চাৰু চহৰীয়া নাথ, অধ্যাপক হেমন্ত কুমাৰ বৰুৱা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলে স্মৃতিচাৰণ কৰা সভাখনত প্ৰয়াত বৰঠাকুৰৰ মাতৃ মিনু বৰঠাকুৰ আৰু পত্নী মনিষা বৰঠাকুৰ সহ বহু সংখ্যক লোকে অংশ লয় ৷
লগতে পঢ়ক: চিৰাঙত ৮০ শতাংশ ভোটদানেৰে সমাপ্ত হ'ল দ্বিতীয় পৰ্যায়ৰ বিটিচিৰ নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.