ETV Bharat / state

গাড়ীচালকৰ প্ৰতিবাদত ব্যাহত তেজপুৰৰ স্বাভাৱিক জনজীৱন

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 7:35 PM IST

Assam Transport Strike : গাড়ীচালক সন্থাই স্তব্ধ কৰিলে তেজপুৰৰ স্বাভাৱিক জনজীৱন ৷ প্ৰস্তাৱিত হিট এণ্ড ৰাণ আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি শুকুৰবাৰে সন্থাই আহ্বান জনোৱা বন্ধত সমস্যাৰ সন্মুখীনো হ’ল বহু যাত্ৰী ৷

Assam Transport Strike
গাড়ী চালক সন্থা

গাড়ী চালকৰ প্ৰতিবাদত ব্যাহত তেজপুৰৰ স্বাভাৱিক জনজীৱন

তেজপুৰ, ৫ জানুৱাৰী : তেজপুৰৰ মিছন চাৰিআলিত শুকুৰবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । গাড়ীচালক সন্থাই গাড়ী ৰখাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ প্ৰতিবাদী লোকৰ । চালক সন্থাই আহ্বান জনোৱা বন্ধৰ ফলত স্তব্ধ হৈ পৰে সমগ্ৰ উত্তৰ অসমৰ জনজীৱন । তেজপুৰ চহৰৰ ই- ৰিক্সাৰ চলাচলো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰা দেখিবলৈ পোৱা যায় । আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আঁতৰাই পঠিয়াবলৈ চেষ্টা কৰে যদিও বিভিন্ন ঠাইত কোনোধৰণৰ যাত্ৰীবাহী বাছ আৰু ব্যক্তিগত গাড়ী পাৰ হ’বলৈ দিয়া দেখা নগ’ল প্ৰতিবাদকাৰীসকলে ।

উল্লেখ্য যে, সমগ্ৰ দেশৰ লগতে তেজপুৰৰ ট্ৰাক চালক আৰু বাছ চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ কেন্দ্ৰীয় চৰকাৰে দেশত নতুনকৈ প্ৰণয়ন কৰিবলৈ লোৱা হিট এণ্ড ৰাণ গোচৰৰ কাৰাদণ্ড বৃদ্ধি কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে চালকসকলে আজি তেজপুৰৰ বিভিন্ন স্থানত গাড়ী-মটৰ বন্ধ ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে ।

উক্ত বন্ধৰ ফলত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ সংযোগী আৰু তেজপুৰৰ পৰা ধেমাজি সংযোগী কোনো যাত্ৰীবাহী গাড়ী চলাচল হোৱা নাই । উল্লেখ্য যে উক্ত পথে উত্তৰ অসমৰ লগতে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ আৰু পূবে পাছিঘাট সংযোগ কৰিছে ৷ সেই অনুসৰি বাছ বন্ধৰ ফলত পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং , ব'মদিলা, ৰূপা, ডিৰাং অঞ্চলৰ যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । বহু যাত্ৰীয়ে ব্যক্তিগত বাহন লৈ আহে যদিও সমস্যাৰ সন্মুখীন হোৱা লগতে কিছু সংখ্যকে আৰক্ষীৰ সহায়ত মিছন চাৰিআলি পাৰ হয় ।

লগতে পঢ়ক: চকা বন্ধৰ বিৰোধিতা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.