ETV Bharat / state

IAF air show : বায়ুসেনা ষ্টেচনত IAF এয়াৰ শ্ব'ৰ বাবে সাজু ৰাফেল

author img

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 10:03 PM IST

বায়ুসেনা ষ্টেচন বৰঝাৰত বায়ুসেনাৰ বিমানৰ এয়াৰ শ্ব'ৰ প্ৰস্তুতি । বায়ুসেনাৰ প্ৰদৰ্শনীত সংযুক্ত হ'ব এডভান্স লাইট হেলিকপ্টাৰ এ এল এইচ, চিনুক, ডৰ্নিয়াৰ আদি ।

Indian Air Force
ভাৰতীয় বায়ুসেনা

তেজপুৰ, ১৪ অক্টোবৰ : ভাৰতীয় বায়ুসেনাই ৯১ বছৰীয়া জয়ন্তী সমগ্ৰ দেশৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিমান ঘাটি সমূহত উদযাপন কৰিছে । যোৱা ৮ অক্টোবৰত ভাৰতীয় বায়ুসেনা ৯১ বছৰীয়া জয়ন্তী উদযাপন কৰে । এই উপলক্ষে ১৫ অক্টোবৰত বায়ুসেনা ষ্টেচন বৰঝাৰত বায়ুসেনাৰ (আই এ এফ) বিমানে এক এয়াৰ শ্ব' প্ৰদৰ্শন কৰিব । এই অনুষ্ঠানত অৰ্ধসামৰিক আৰু প্ৰতিৰক্ষা বিভাগৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব বুলি সদৰী কৰিছে গুৱাহাটীৰ প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেন্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাতে ।

এইবাৰ বায়ুসেনাৰ প্ৰদৰ্শনীত সংযুক্ত হ'ব সাৰং হেলিকপ্টাৰ প্ৰদৰ্শন দলে, এডভান্স লাইট হেলিকপ্টাৰ এ এল এইচ, চিনুক, ডৰ্নিয়াৰ, চুখয় যুঁজাৰু জাহাজ ছু-৩০ আৰু বিশেষ ভাৱে সংযুক্ত হ'ব ৰাফেল । এই ৰাফেল বিমানে প্ৰদৰ্শন কৰিব বিভিন্ন কলা-কৌশল । আনহাতে, অসাধাৰণ আকাশী কৌশলৰ বাবে বিখ্যাত সাৰাং হেলিকপ্টাৰ প্ৰদৰ্শন দলে আকাশত নিজৰ ব্যতিক্ৰমী উৰণৰ দক্ষতা প্ৰদৰ্শন কৰিব । এই অনুষ্ঠানৰ জৰিয়তে ভাৰতীয় বায়ুসেনাৰ উৎকৃষ্টতাৰ প্ৰতি থকা সমৰ্পিততাক প্ৰত্যক্ষভাৱে প্ৰত্যক্ষ কৰাৰ সুযোগো লাভ কৰিব ।

উল্লেখ্য় যে ১৯৩২ চনৰ ৮ অক্টোবৰত আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হৈছিল ভাৰতীয় বায়ুসেনা ৷ এই ভাৰতীয় বায়ুসেনা বৰ্তমান বিভক্ত হৈ আছে ৭ টা কমাণ্ডত । ইয়াৰে আপাৰ শ্বিলঙত আছে ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ মুখ্য কাৰ্যালয় ৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে ইষ্টাৰ্ণ এয়াৰ কমাণ্ড হৈছে ভাৰতীয় বায়ুসেনাৰ অন্যতম শক্তিশালী গোট । ১৯৫৮ চনৰ ২৭ মে’ত ইষ্টাৰ্ণ এয়াৰ কমাণ্ডক কলকাতাৰ ৰাণীকুটিৰত স্থাপন কৰে পূব সীমান্তৰ প্ৰতিৰক্ষাৰ বাবে চৰকাৰে ৷ সেই সময়ত ইষ্টাৰ্ণ এয়াৰ কমাণ্ডক ১ নং অপাৰেচনেল গ্ৰুপ হিচাপে নিৰ্বাচিত হয় । তাৰ পাচত ১৯৫৯ চনৰ ১ ডিচেম্বৰত এই অপাৰেচনেল গ্ৰুপটোক কমাণ্ড হিচাপে উন্নীত কৰা হয় । ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ মুখ্য কাৰ্যালয় কলকাতাৰ ফ’ৰ্ট উইলিয়াম ৷

লগতে পঢ়ক:Transport department launches mobile app :সজাগতাৰ বাবে পৰিবহণ বিভাগে মুকলি কৰিলে মোবাইল এপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.