ETV Bharat / state

ৰঙাপৰাত উত্তপ্ত পৰিস্থিতি :পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ শূণ্যলৈ গুলি

author img

By

Published : Aug 16, 2021, 2:31 PM IST

Updated : Aug 16, 2021, 3:52 PM IST

ৰঙাপৰাৰ বৰজুলিত এগৰাকী কিশোৰী সন্ধানহীনক লৈ উত্তপ্ত পৰিস্থিতি ৷ শূণ্যলৈ গুলি চালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা আৰক্ষীৰ ৷ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে স্থানীয় ৰাইজে ৷

police-firing-to-zero-in-an-attempt-to-control-the-situation-etv-bharat-assam
ৰঙাপৰাৰ কিশোৰী সন্ধানহীন:পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টাত শূণ্যলৈ গুলি চালনা আৰক্ষীৰ

ৰঙাপৰা, 16 আগষ্ট: শোণিতপুৰ জিলাৰ ৰঙাপৰাত উত্তপ্ত পৰিস্থিতি । বিগত তিনিদিন ধৰি এগৰাকী কিশোৰী সন্ধানহীন হোৱাক কেন্দ্ৰ কৰি ৰঙাপৰাৰ সমীপৱৰ্তী বৰজুলিত পৰিস্থিতি উত্তপ্ত কৰি তোলে স্থানীয় ৰাইজে । ৰঙাপৰা আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ আৰু আত্মৰক্ষাৰ বাবে শূণ্যলৈ তিনিজাইকৈ গুলি চলাবলৈ বাধ্য হয়।

ৰঙাপৰাৰ হাটখোলাৰ নিৱাসী ফাৰুক আহমেদৰ একমাত্ৰ পুত্ৰজনে ৰঙাপৰা বৰজুলি চাহ বাগিচাৰ 17 নং শ্ৰমিক লাইনৰ বাসিন্দা বিক্ৰম দীঘালৰ কন্যা তথা ৰঙাপৰা মহাবিদ্যালয়ৰ দ্বিতীয় বৰ্ষত অধ্যয়নৰত ছাত্ৰী গৰাকীক পলোৱাই লৈ যায়। এগৰাকী হিন্দু কিশোৰীক এজন মুছলমান ধৰ্মাৱলম্বীৰ কিশোৰে গোপনে পলোৱাই নিয়াৰ ঘটনা বিয়পি পৰাত ক্ষুব্ধ হৈ পৰে অঞ্চলটোৰ ৰাইজ । কিশোৰী তথা ছাত্ৰী গৰাকীক বিচাৰি ফাৰুক আহমেদৰ ঘৰত বিচাৰি যোৱাৰ পাছতেই পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰে।

ৰাইজৰ অভিযোগ অনুসৰি, ফাৰুক আহমেদৰ ভাতৃ জুৱেৰ আহমেদে বৰজুলি 17 নং শ্ৰমিক লাইনৰ বাসন্তী দীঘাল, মৌচুমী দীঘাল, চিতা চাচনি, গোলপী ৰাজপুত আৰু মালতী কেওটক শাৰীৰিক ভাৱে প্ৰহাৰ কৰে । এই ঘটনা সংঘটিত হোৱাৰ পাছতেই ৰঙাপৰা আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূণ্যলৈ গুলি চালনা কৰিবলৈ বাধ্য হয় । তাৰোপৰি আৰক্ষীয়ে কৰা লাঠিচালনাত 17 নং শ্ৰমিক লাইনৰ দেৱিকা দীঘাল আৰু নমী চাচনি আঘাতপ্ৰাপ্ত হয় । ইফালে স্থানীয় ৰাইজে ন্যায় বিচাৰি ৰঙাপৰা-বৰজুলি সংযোগী পথচোৱা অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত কৰি ৰাখে ।

লগতে পঢ়ক:শ্বিলঙত সান্ধ্য আইন : কৰ্তন কৰা হ’ল ম’বাইল ইন্টাৰনেট সেৱা

Last Updated : Aug 16, 2021, 3:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.