ETV Bharat / state

Love Sex aur Dhokha: অবৈধ প্ৰেমিকৰ সৈতে অসংযত অৱস্থাত উদ্ধাৰ প্ৰেয়সীক; হত্যাৰ সিদ্ধান্ত ল’লে প্ৰেমিকে

author img

By

Published : Apr 17, 2023, 11:02 PM IST

Tezpur Bank employee  Murder news
এক চাঞ্চল্যকৰ হত্যাকাণ্ড

১৪ এপ্ৰিলৰ নিশা তেজপুৰত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ পঞ্জাৱ নেশ্যনেল বেংকৰ যুৱতী কৰ্মচাৰী এগৰাকীক ভাড়াঘৰৰ কোঠাতে হত্যা কৰা হৈছিল ৷ এতিয়া তেজপুৰ আৰক্ষীয়ে আলিপুৰ দুৱাৰৰ পৰা হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে (Tezpur murder case) ৷

তেজপুৰ, ১৭এপ্ৰিল : অৱশেষত তেজপুৰৰ পঞ্জাৱ নেশ্যনেল বেংকৰ যুৱতী কৰ্মচাৰী মনীষা বড়োৰ হত্যাকাণ্ডৰ লগত জড়িত দেৱশীষ কৰক তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । তেজপুৰ আৰক্ষীয়ে আলিপুৰ দুৱাৰৰ পৰা দেৱশীষ কৰ'ক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে । হত্যাকাণ্ডটো সংঘটিত হোৱাৰ পিচতে সমগ্ৰ তেজপুৰতে এক চাঞ্চল্যৰ সৃষ্টি হৈছিল । আৰক্ষী সূত্ৰত প্ৰকাশ যে. তেজপুৰৰ ঊষানগৰ অঞ্চলত এটা ঘৰত ভাড়াতীয়া হিচাপে থকা তথা পঞ্জাৱ নেশ্যনেল বেংকৰ কৰ্মচাৰী মনীষা বড়োৰ হত্যাকাণ্ডৰ লগত জড়িত মূল অভিযুক্ত দেৱশীষ কৰক আৰক্ষীয়ে সোমবাৰে গ্ৰেপ্তাৰ কৰে (Tezpur PNB lady employee murder case) ।

উল্লেখযোগ্য যে, ১৪ এপ্ৰিলৰ নিশা প্ৰায় ১২ বজাত যুৱতী গৰাকীক প্ৰেমিক দেৱাশীষ কৰে হত্যা কৰা বুলি অভিযোগ উঠাৰ বিপৰীতে নিশা যুৱতীগৰাকীৰ ভাড়াঘৰৰ কোঠাত একেটা বেংকৰে কৰ্মচাৰী ৰিচাৰ্ড দলেক উপস্থিত পাই আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে ৷ দেৱাশীষৰ আক্ৰমণৰ প্ৰথম লক্ষ্য আছিল ৰিচাৰ্ড দলে ৷

দৰাচলতে জোনাইৰ প্ৰকৃত নিবাসী দলে তেজপুৰৰ ৰত্নপুৰৰ শহুৰেকৰ ঘৰতে থাকে আৰু নিহত মনীষাৰ সৈতে তেওঁৰ অবৈধ সম্পৰ্ক আছিল বুলি নিজেই সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰিছে ৷ উল্লেখযোগ্য যে, শোণিতপুৰৰ বৰছলা সমষ্টিৰ বড়োচাপৰি গাঁৱৰ এটা আৰ্থিকভাৱে দৰিদ্ৰ পৰিয়ালৰ যুৱতী মনীষাই প্ৰায় দুবছৰ পূৰ্বে পঞ্জাৱ নেশ্যনেল বেংকৰ কৰ্মচাৰী হিচাপে যোগদান কৰিছিল আৰু ঊষানগৰৰ ভাড়াঘৰটোত থাকিবলৈ লৈছিল ৷ তেওঁৰ সৈতে ভনীয়েকো একেলগে থাকিছিল ৷ ঘটনাৰ দুদিন পূৰ্বৰে পৰা মনীষাৰ মাকো দুই জীয়াৰীৰ সৈতে তেজপুৰতে আছিল যদিও বিহু উপলক্ষে ভনীয়েক আৰু মাক ঘৰলৈ গুচি যায় আৰু মনিষা পিছদিনা পুৱা নিজ ঘৰলৈ যোৱাৰ কথা আছিল ৷

ইপিনে, ঠেলামৰাৰ মনীষা ক’ৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে একেটা বেংকতে কৰ্মৰত ৰিচাৰ্ড দলেৰ ৷ ১৪ এপ্ৰিলৰ নিশা মনীষা অকলশৰে থকা অৱস্থাত বিবাহিত তথা এটা সন্তানৰ পিতৃ দলে মনীষাৰ ভাড়াঘৰ পাই গৈ আৰু নিশা প্ৰায় ১২ বজাত দুয়ো অসংযত অৱস্থাত থকাৰ সময়তে মনীষাৰ প্ৰেমিক দেৱাশীষো ভাড়া ঘৰটোত উপস্থিত হয় ৷ দেৱাশীষে এনে পৰিস্থিতিত উগ্ৰমূৰ্তি ধাৰণ কৰি টেবুলত থকা এটা গিলাচেৰে ৰিচাৰ্ড দলেৰ মূৰত প্ৰহাৰ কৰে আৰু সেই প্ৰহাৰত দলেৰ মূৰ সামান্য পৰিমাণে ফাটি যায় (Tezpur Bank employee Murder news) ৷

ইপিনে পৰিস্থিতি বিষম দেখি কাষৰ লোক ওলাই আহে ৷ অবৈধ সম্পৰ্কৰ বিষয়ে সকলো ফাদিল হোৱাৰ ভয়ত দলেই সুযোগ বুজি তাৰ পৰা পলায়ন কৰে আৰু ৰত্নপুৰৰ ঘৰ পাইহি ৷ তাৰ পিছত মনীষাৰ লগত দেৱাশীষে কি কৰিলে সেই বিষয়ে অজ্ঞাত দলেয়ে এই সকলো কথা প্ৰকাশ কৰি লগতে কয় যে, নিশা প্ৰায় ১২-৩০ বজাত তেওঁক এজন সহকৰ্মীয়ে মনীষাক হত্যা কৰাৰ বিষয়ে ফোনযোগে জনাই আৰু তেতিয়া দলে পুনৰ ঘটনাস্থলীত উপস্থিত হয়গৈ আৰু তাৰ পাছত তেওঁক আৰক্ষীয়ে কৰায়ত্ত কৰে ৷

তদন্তকাৰী আৰক্ষীৰ প্ৰাথমিক জেৰাতে সকলো কথা পোহৰলৈ আহে আৰু দলেক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মনীষাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷ ইপিনে এই লোমহৰ্ষক হত্যাকাণ্ডটোত মূল অভিযুক্ত দেৱাশীষৰ লগতে আৰু দুই তিনিজন লোক জড়িত থকাৰ সন্দেহ কৰিছে তদন্তকাৰী আৰক্ষীয়ে ৷ ইতিমধ্যেই এই হত্যাকাণ্ডৰ চিআইডিয়ে তদন্ত আৰম্ভ কৰিছে আৰু গ্ৰেপ্তাৰ হোৱা দলেৰ ডি এন এ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷

লগতে পঢ়ক : Accidents in Nalbari : নলবাৰীৰ ৰাজপথত ড্ৰাগছ সৰবৰাহকাৰীৰ উদ্ভণ্ডালি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.