ETV Bharat / state

Poachers arrested: সোনাই-ৰূপাই অভয়াৰণ্যত বনকৰ্মীৰ গুলীবৰ্ষণ; জালত পৰিল চোৰাং চিকাৰী

author img

By

Published : Mar 7, 2023, 8:04 PM IST

Poachers arrested in Sonitpur
সোনাই-ৰূপাই অভয়াৰণ্যত চোৰাং চিকাৰীৰ দপদপনি

ৰাজ্যত পুনৰ চোৰাং চিকাৰীৰ দপদপনি ৷ এইবাৰ চোৰাং চিকাৰ কৰিবলৈ গৈ সোনাই-ৰূপাই অভয়াৰণ্যৰ ভিতৰৰ পৰা আটক কৰা হয় এটা চোৰাং চিকাৰী (Poachers arrested in Sonitpur) ৷ ধৃত চোৰাং চিকাৰীটোৰ নাম ৰঞ্জিত বড়ো ৷

সোনাই-ৰূপাই অভয়াৰণ্যত চোৰাং চিকাৰীৰ দপদপনি

ৰঙাপৰা, 7 মাৰ্চ : ৰাজ্যজুৰি বন্য জন্তু সংৰক্ষণৰ বাবে চৰকাৰে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ৷ কিন্তু ইমানৰ পিচতো গা লৰা নাই একাংশ অপৰাধী তথা চোৰাং চিকাৰীৰ ৷ এইবাৰ বন বিভাগৰ তৎপৰতাত সোনাই-ৰূপাই অভয়াৰণ্যৰ (Sonai Rupai Wildlife Sanctuary) ভিতৰৰ পৰা সোমবাৰে আটক কৰিবলৈ সক্ষম হয় এটা চোৰাং চিকাৰী (Poachers arrested in Sonitpur)৷ মঙলবাৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে বন বিষয়া বিভূতি মজুমদাৰে ৷

বন বিষয়া বিভূতি মজুমদাৰে উল্লেখ কৰা অনুসৰি, আটকাধীন চোৰাং চিকাৰীটোৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে এটা হাতে সজা বন্দুক আৰু গুলী ৷ ধৃত চোৰাং চিকাৰীটো চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত গামানিৰ বালিগাঁও থাৰাইবাৰীৰ ৰঞ্জিত বড়ো বুলি জানিব পৰা গৈছে ৷

বন বিষয়াগৰাকীয়ে সদৰী কৰা অনুসৰি, অইন দিনাৰ দৰে বন বিভাগৰ এটা দলে সোমবাৰেও সোনাই-ৰূপাই অভয়াৰণ্যৰ ভিতৰত নিয়মীয়া তহল দি আছিল ৷ তেনে সময়তে সোনাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ কলামাটিস্থিত আঞ্চলিক বন কাৰ্যালয়ৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত্ব থকা চফাপানি বন শিবিৰৰ অসম-অৰুণাচল সীমান্তৰ দুৰ্গম এলেকাৰে দুই চোৰাং চিকাৰীয়ে প্ৰৱেশ কৰিছিল অভয়াৰণ্যখনত ৷

এই কথা গম পাই বন বিভাগৰ দলটোৱে চোৰাং চিকাৰীকেইটাক বাধা প্ৰদান কৰে ৷ আনকি দুই চোৰাং চিকাৰীক কাৰায়ত্ত কৰিবলৈ বনকৰ্মীৰ দলটোৱে শূন্যলৈ গুলীচালনাও কৰে ৷ কিন্তু সুযোগ বুজি বন বিভাগৰ দলটোৰ চকুত ধূলি দি সেই স্থানৰ পৰা পলায়ন কৰে এটা চোৰাং চিকাৰী ৷ অৱশ্যে বন বিভাগৰ তৎপৰতাত আনটো চোৰাং চিকাৰীক মাৰণাস্ত্ৰসহ আটক কৰিবলৈ সক্ষম হয় ৷

বন বিষয়া বিভূতি মজুমদাৰে সদৰী কৰা অনুসৰি, চোৰাং চিকাৰীটোৰ বিৰুদ্ধে এছ আৰ /06 অফ 2022-23 নম্বৰত এটা গোচৰ ৰুজু কৰি ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে । ইফালে পলাই যাবলৈ সক্ষম হোৱা চোৰাং চিকাৰীটোৰ সন্দৰ্ভটো বন বিভাগে লাভ কৰিছে তথ্য ৷ শীঘ্ৰে পলাই যোৱা চোৰাং চিকাৰীটোক আটক কৰিব বুলি মন্তব্য কৰে বন বিষয়া বিভূতি মজুমদাৰে ৷

লগতে পঢ়ক : Two rhino poachers arrested: গহপুৰত দুটা গঁড় চিকাৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.