ETV Bharat / state

Two rhino poachers arrested: গহপুৰত দুটা গঁড় চিকাৰী আটক

author img

By

Published : Feb 26, 2023, 10:34 PM IST

ৰাজ্যত পুনৰ চোৰাং চিকাৰীৰ দপদপনি ৷ আৰক্ষীৰ অভিযানকাৰী দলৰ তৎপৰতাত গহপুৰৰ দক্ষিণ অঞ্চলৰ লপাইচুকৰ পৰা দুটাকৈ কুখ্যাত গঁড় চিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে (Two rhino poachers arrested)৷

Two rhino poachers arrested at Gohpur
গহপুৰত দুটা গঁড় চিকাৰী আটক

গহপুৰত দুটা গঁড় চিকাৰী আটক

বিশ্বনাথ, ২৬ ফেব্ৰুৱাৰী: ৰাজ্যজুৰি বন্য জন্তুৰ সংৰক্ষণৰ বাবে চৰকাৰে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে (Rhino poachers arrested) ৷ তাৰ পিচতো গা লৰা নাই একাংশ অপৰাধীৰ ৷ বিশ্বনাথ আৰক্ষী আৰু গহপুৰৰ আৰক্ষীৰ যুটীয়া অভিযানত গহপুৰৰ দক্ষিণ অঞ্চলৰ লপাইচুকৰ পৰা দুটাকৈ কুখ্যাত গঁড় চিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে (Two rhino poachers arrested)৷ ধৃত গঁড় চিকাৰী দুটা পংকজ পেগু আৰু অৰবিন্দ পেগু বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে (Rhino poachers arrested at Gohpur)।

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত যোৱা ২৫ ফেব্ৰুৱাৰীত পুৱতি নিশা বিশ্বনাথ আৰক্ষী আৰু গহপুৰৰ আৰক্ষীৰ যুটীয়া দলে এক অভিযান চলাইছিল ৷ এই অভিযানত আৰক্ষীৰ দলদ্বয়ে চোৰাং চিকাৰী দুটাক প্ৰত্যক্ষ কৰি সোধা পোছা কৰে ৷ আৰক্ষীৰ জেৰাত চোৰাং চিকাৰী দুটাই কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা এটা গঁড় হত্যাৰ পৰিকল্পনা কৰাৰ কথা সদৰী কৰিছিল ৷

লগতে পঢ়ক: Rowta Police Encounter : আৰক্ষীয়ে গুলীয়ালে কাক; ডিম্বেশ্বৰ নে কেনাৰামক ?

যোৱা দুমাহ ধৰি গহপুৰৰ দক্ষিণ অঞ্চলত মুক্ত বিচৰণ কৰি থকা গঁড়টো হত্যা কৰিবলৈ বন্দুকৰ সন্ধান কৰিছিল চোৰাং চিকাৰীৰ দলটোৱে। কিন্তু উক্ত গঁড়টোক হত্যা কৰা পৰিকল্পনা বিফল হয় দুয়োটা কুখ্যাত গঁড় চিকাৰীয়ে।

ইফালে দুই গঁড় চিকাৰীৰ বিৰুদ্ধে গহপুৰ আৰক্ষীয়ে 120B/447 IPC ধাৰাত এটা গোচৰ ৰুজু কৰিছে ৷ সম্প্ৰতি দুয়োটা চোৰাং চিকাৰীক জেইল হাজোতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷ আনহাতে দুই গঁড় চিকাৰীক গ্ৰেপ্তাৰ কৰা কথা দেওবাৰে বিয়লি গহপুৰ আৰক্ষী থানাত এক সংবাদমেলৰ জৰিয়তে বিশ্বনাথ জিলা আৰক্ষী অপৰাধ অনুসন্ধানকাৰী অতিৰিক্ত আৰক্ষী বিষয়া অমিত কুমাৰ হোজাই (Additional Police Officer Amit Kumar Hojai) জানিবলৈ দিয়ে ৷ তেওঁ লগতে কয় যে আগন্তুক দিনত গঁড় চিকাৰী বিৰুদ্ধে অসম আৰক্ষী (Assam police) অধিক কঠোৰ হ'ব ৷

লগতে পঢ়ক: Suspicious suicide in Golaghat: গোলঘাটত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.