ETV Bharat / state

Crime in Tezpur : জালিয়াতিৰে এছ এছ বি'ৰ চাকৰিত ভৰ্তি বহিঃ ৰাজ্যৰ যুৱকৰ

author img

By

Published : Aug 19, 2023, 5:26 PM IST

Outstation youth Secured SSB job in Assam
অসমৰ স্থায়ী বাসিন্দাৰ ভুৱা প্ৰমাণ পত্ৰ

অসমৰ স্থায়ী বাসিন্দাৰ ভুৱা প্ৰমাণ পত্ৰৰে নিৰাপত্তা বাহিনীত চাকৰি লৈছে বহিঃ ৰাজ্যৰ যুৱকে ৷ শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ অতিৰিক্ত আয়ুক্তৰ ছীল-মোহৰ জালিয়াতিৰে প্ৰমাণ পত্ৰ দাখিল কৰিছে এছ এছ বি'ৰ নিযুক্তিত ৷

স্থায়ী বাসিন্দাৰ ভুৱা প্ৰমাণ পত্ৰৰে নিৰাপত্তা বাহিনীত চাকৰি

তেজপুৰ, 19 আগষ্ট : বিহাৰ, উত্তৰ প্ৰদেশৰ যুৱকে অসমৰ স্থায়ী বাসিন্দাৰ ভুৱা প্ৰমাণ পত্ৰৰে চাকৰি লৈছে নিৰাপত্তা বাহিনীত ৷ শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ অতিৰিক্ত আয়ুক্তৰ ছীল-মোহৰ জালিয়াতিৰে প্ৰমাণ পত্ৰ দাখিল কৰিছে এছ এছ বি'ৰ নিযুক্তিত ৷ ঘৰ বিহাৰত কিন্তু দেখুৱাইছে শোণিতপুৰৰ বাসিন্দা বুলি ৷ তেজপুৰত পোহৰলৈ আহিছে এই ঘটনা ৷

জানিব পৰা মতে জালিয়াতিৰে এছ এছ বিত চাকৰি লোৱা অভিযুক্ত বিহাৰৰ অংকিত কুমাৰ আৰু লোকেন্দ্ৰ চাহৰ তথা দাৰ্জিলিংৰ দিবাকৰে প্ৰমাণ পত্ৰ দাখিল কৰিছে শোণিতপুৰৰ চাৰিদুৱাৰ আৰু তেজপুৰৰ বুলি ৷ ভুৱা প্ৰমাণ পত্ৰৰে নিযুক্তি লাভ কৰা এই তিনিজনলোকে স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ আৰু চৰিত্ৰৰ প্ৰমাণ পত্ৰ দাখিল কৰিছে শোণিতপুৰ জিলাৰ অতিৰিক্ত আয়ুক্তৰ ছীল-মোহৰ আৰু স্বাক্ষৰ জালিয়াতি কৰি ৷ বিষয়টো পোহৰলৈ অহাত শোণিতপুৰ জিলা প্ৰশাসনে তেজপুৰ সদৰ থানাত তিনিও জনৰে বিৰুদ্ধে গোচৰ তৰাৰ লগতে বিভাগীয় কৰ্তৃপক্ষলৈও পত্ৰ প্ৰেৰণ কৰিছে ৷

উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীৰ বাবে শাৰীৰিক উচ্চতা আৰু বয়সৰ ক্ষেত্ৰত এছ এছ বি'ত আছে বিশেষ সুবিধা ৷ এই সুবিধা গ্ৰহণ কৰিবলৈ বহিঃ ৰাজ্যৰ বহু যুৱকে জালিয়াতিৰ আশ্ৰয় লৈ অসমৰ বাসিন্দাৰ প্ৰমাণ পত্ৰ দাখিল কৰি লাভ কৰিছে নিযুক্তি ৷ এই অসাধু চক্ৰৰ সৈতে অসম তথা তেজপুৰৰ কোনো ঠগ-প্ৰবঞ্চক জড়িত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰশাসনে ৷

এছ এছ বি'ৰ এই মকৰল বিগত 2022 চনত হৈছিল আৰু প্ৰশাসনে তেজপুৰ এছ এছ বি'ৰ ফ্ৰণ্টিয়াৰ হেডৰ লগত যোগাযোগ কৰি বৰ্তমান কৰ্মৰত হৈ থকা ব্যক্তি সকললৈ জাননী জাৰি কৰিছে বুলি অতিৰিক্ত আয়ুক্ত পংকজ বৰাই জনাইছে ৷ ইতিমধ্যে তেজপুৰ সদৰ আৰক্ষী থানাত Case No.662/23 u/s 120 (B),/468/471/420 IPC ৰ অধীনত যোৱা 11 আগষ্টত এই ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : Goalpara Congress: গোৱালপাৰা জিলা কংগ্ৰেছ কাৰ্যালয়ত উত্তেজনা; দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.