ETV Bharat / state

Road accident at Tezpur: দুর্ঘটনাত নিহত তেজপুৰ মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ ছাত্ৰ

author img

By

Published : Nov 11, 2022, 1:31 PM IST

one-dead-in-road-accident-at-tezpur
থিতাতে নিহত তেজপুৰ মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ ছাত্ৰ

তেজপুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা (Road accident at Tezpur) । দুৰ্ঘটনাৰ ফলত তেজপুৰ মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ এগৰাকী ছাত্ৰ থিতাতে নিহত হয় ৷

তেজপুৰ, ১১ নৱেম্বৰ: তেজপুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা (Road accident at Tezpur) । দুৰ্ঘটনাৰ ফলত তেজপুৰ মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ এগৰাকী ছাত্ৰ থিতাতে নিহত হয় ৷ ছাত্ৰগৰাকীয়ে মহাবিদ্যালয়ৰ পৰা পৰীক্ষা সম্পূৰ্ণ কৰি ঘৰলৈ ঘূৰি গৈ থকা অৱস্থাতেই সংঘটিত হয় এই শোকাবহ দুর্ঘটনাটো সংঘটিত হয় ৷

নিহত ছাত্ৰজন তেজপুৰ মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ মঞ্জিত ৰয় বুলি জানিব পৰা গৈছে (One dead in Road accident at Tezpur) ৷ মঞ্জিত ৰয় তৃতীয় ষান্মাসিকৰ ছাত্ৰ আছিল ৷ ইফালে, একেদিনাই গোলাঘাটতো সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত এজন কণমানি ছাত্ৰৰ মৃত্যু হয় ৷

ছাত্ৰজন বিদ্যালয়লৈ গৈ থকাৰ সময়তে পিছফালৰ পৰা তীব্ৰবেগী এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পিছফালৰ পৰা খুন্দিয়াই দিয়ে ৷ ফলত লগে লগে কণমানি ছাত্ৰজন পথতেই বাগৰি পৰে (Road accident in Golaghat) ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে কণমানি ছাত্ৰজনক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে ছাত্ৰজনক মৃত ঘোষণা কৰে ৷

ইফালে, নলবাৰীত ৰাসৰ আনন্দ উল্লাসৰ (Nalbari Raas mahotsav 2022) মাজতে বৃহস্পতিবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident in Nalbari) । নলবাৰীৰ হাজো-দৌলাশাল পথৰ লোহাৰকাঠা মাদলাবড়ীত বৰপেটাৰ চেঙাৰ দিশৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এখন চাৰিচকীয়া বাহন আৰু বিপৰীত দিশৰ পৰা যোৱা এখন পালচাৰ বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হয় ।

বাইক আৰু চাৰিচকীয়াৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এজন বাইক আৰোহী থিতাতে নিহত হয়( One dead in Road accident in Nalbari) ৷ ইয়াৰোপৰি, বিগত 9 নৱেম্বৰত পশ্চিম যোৰহাটত সংঘটিত হৈছিল এক শোকাৱহ পথ দুৰ্ঘটনা(Tragic road accident in Jorhat)। তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত এজন বাইক আৰোহী নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হ’ল এজন (Youth dies in road accident in Jorhat)৷

লগতে পঢ়ক: Ashirbad Hazarika arrested: গ্ৰেপ্তাৰ হ’ল দৰঙৰ পলাতক অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.