ETV Bharat / state

মুলসূঁতিলৈ ঘূৰি আহিল বাথা

author img

By

Published : Jul 22, 2021, 2:44 PM IST

nlfb chief m batha surrenders
মুলসূঁতিলৈ ঘূৰি আহিল বাথা

বিদ্ৰোহী সংগঠন নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অৱ বড়োলেণ্ড (NLFB)ৰ মুৰব্বী এম বাথা(M Batha)ই বৃহস্পতিবাৰে ওদালগুৰি জিলাৰ মাজবাটৰ চিকাৰীডাঙত অসম-অৰুণাচল সীমান্তত আত্মসমৰ্পণ কৰে । আত্মসমৰ্পণস্থলীত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ৷

তেজপুৰ, ২২ জুলাই : বৃহস্পতিবাৰে বিদ্ৰোহী সংগঠন নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অৱ বড়োলেণ্ড (NLFB)ৰ মুৰব্বী এম বাথা(M Batha)ই ওদালগুৰি জিলাৰ মাজবাটৰ চিকাৰীডাঙত অসম-অৰুণাচল সীমান্তত আত্মসমৰ্পণ কৰে । বাথাৰ সৈতে একেলগে প্ৰায় 20 জন কেডাৰেও অসম আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰে । আত্মসমৰ্পণকাৰীসকলৰ ভিতৰত অন্যতম হৈছে দুৰ্ধৰ্ষ নেতা বি বকো ৷

nlfb chief m batha surrenders
এম বাথা

উল্লেখ্য যে, 2020 চনৰ 27 জানুৱাৰীত তৃতীয়খন বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ আগে আগে নেশ্যনেল ডেমক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড(National Democratic Front of Boroland) মূলসুঁতিলৈ ঘূৰি আহিছিল ৷ সেই সময়ত এম বাথাই প্ৰথমতে শান্তি চুক্তিৰ বাবে আত্মসমৰ্পণ কৰিছিল ৷ কিন্তু পৰৱৰ্তী সময়ত পুনৰ হাতত অস্ত্ৰ তুলি NLFB ৰ জৰিয়তে সশস্ত্ৰ সংগ্ৰামৰ পথ বাছি লৈছিল ৷

nlfb-chief-m-batha-surrenders
NLFB ৰ আত্মসমৰ্পণকাৰী দলটো

বৃহস্পতিবাৰে দিনৰ ১.৪৫ মিনিটত অৰুণাচল সীমান্তৰে অসমত প্ৰৱেশ কৰে আত্মসমৰ্পণকাৰী দলটো ৷ এই সময়চোৱাত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা । ইয়াৰ লগতে বিটিআৰ(BTR)ৰ প্ৰধান প্ৰমোদ বড়োৱেও আত্মসমৰ্পণস্থলীত উপস্থিত থাকে ৷

লগতে পঢ়ক : আলফাৰ নাম লৈ কোনে চলাইছে ধন সংগ্ৰহ অভিযান ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.