ETV Bharat / state

200 Years of Assam Tea : যোৰহাটত অসমৰ চাহৰ ২০০ বছৰীয়া জয়ন্তী উদযাপন

author img

By

Published : Jan 9, 2023, 9:03 PM IST

Assam Tea
Assam Tea

যোৰহাটত অসমৰ চাহৰ ঐতিহ্যমণ্ডিত ২০০ বছৰীয়া জয়ন্তী উদযাপন (glorious 200 years of Assam Tea) । অসমৰ চাহৰ ২০০ বছৰীয়া জয়ন্তী উপলক্ষে 'নেটা'ৰ চাহ উদ্যোগ সম্পৰ্কীয় গ্ৰন্থ প্ৰকাশ । 'নেটা'ৰ উদ্যোগত চাহ একাডেমী স্থাপন ।

অসমৰ চাহৰ ২০০ বছৰীয়া জয়ন্তী কেক কাটি উদযাপন
অসমৰ চাহৰ ২০০ বছৰীয়া জয়ন্তী কেক কাটি উদযাপন

তেজপুৰ, ৯ জানুৱাৰী : সোমবাৰে যোৰহাটত উত্তৰ-পূৰ্বাঞ্চল চাহ সন্থাৰ উদ্যোগত অসমৰ চাহৰ ২০০ বছৰীয়া জয়ন্তী উদযাপনৰ আয়োজন কৰা হয় (glorious 200 years of Assam Tea) । এই উপলক্ষে অৰূপ কুমাৰ দত্তৰ ৰচনা আৰু 'নেটা'ৰ (North East Tea Association) দ্বাৰা প্ৰকাশিত 'অসম চাহ উদ্যোগৰ উৎপত্তি' শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয় ।

গ্ৰন্থখন প্ৰকাশ কৰে অসমৰ অন্যতম পুৰণি চাহ ৰোপণকাৰী পৰিয়ালৰ স্বপ্না শৰ্মা আৰু বিদ্যানন্দ বৰকাকতীয়ে (NETA observed 200th anniversary of Assam Tea) । উল্লেখ্য, অসমতে পোন প্ৰথমে চাহৰ উৎপত্তি হোৱা বাবে অসমক ভাৰতীয় চাহৰ জন্মস্থান বুলি কোৱা হয় । তাৰ ওপৰত ভিত্তি কৰিয়েই ভাৰতীয় চাহ উদ্যোগৰ গঠন হয় ।

বিশিষ্ট চাহ গৱেষক আৰু সাহিত্যিক ডঃ প্ৰদীপ বৰুৱাৰ দ্বাৰা ৰচিত আৰু 'নেটা'ৰ দ্বাৰা প্ৰকাশিত এখন গ্ৰন্থ “Two hundred years of Assam Tea 1823-2023 : the genesis & development of Indian Tea” চাহ বোৰ্ড আৰু চাহৰ প্ৰাক্তন অধ্যক্ষ প্ৰভাত বেজবৰুৱাই মুকলি কৰে । চাহ গৱেষণা সংস্থাৰ (Tea Research Association) লগতে অসমৰ চাহ ৰোপণকাৰী সন্থা (Assam Tea Planters Association), ভাৰতীয় চাহ পৰিষদ (Indian Tea Board) আৰু উত্তৰ-পূৰ্বাঞ্চল চাহ সন্থাৰ (NETA) অধ্যক্ষ, উপাধ্যক্ষ আৰু আন বহুকেইজন পূৰ্বৰ অধ্যক্ষও অনুষ্ঠানটোত উপস্থিত থাকে ।

'নেটা'ৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতীয়ে অনুষ্ঠানত কয়, “এই গ্ৰন্থখন অসমত বন্যভাৱে উৎপাদিত চাহ আৱিষ্কাৰ হোৱাৰ পিছৰে পৰা অৰ্থাৎ দুশ বছৰ ধৰি অসম আৰু ভাৰতৰ চাহ উদ্যোগৰ বিস্তৃত বিৱৰণ । ১৮২৩ চনত মণিৰাম দত্ত দেৱান বৰভাণ্ডাৰ বৰুৱাৰ সহায়ত ৰবাৰ্ট ব্ৰুচে আৱিষ্কাৰ কৰা চাহৰ বিষয়ে ইয়াত উল্লেখ আছে । ইয়াৰ উপৰি ১৮২৩ চনৰ পৰা ২০২৩ চনলৈকে চাহ উদ্যোগৰ দুশ বছৰৰ সম্পূৰ্ণ কাৰ্যক্ৰম আছে গ্ৰন্থখনত । আনহাতে, গ্ৰন্থখনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বাৰ্তাও সন্নিৱিষ্ট কৰা হৈছে ।

অসমৰ চাহৰ ২০০ বছৰীয়া স্মৃতিত কেক কাটে বিশিষ্ট চিকিৎসক তথা ঐতিহাসিক জয়পুৰ চাহ বাগিচাৰ (অসম) স্বত্বাধিকাৰী ড৹ নিৰ্মল কৃষ্ণ চাহেৱাল্লা; বোকাখাত চাহ বাগিচাৰ লেখক, দানবীৰ আৰু স্বত্বাধিকাৰী অ' পি গট্টানী আৰু গুৱাহাটী চাহ নিলাম কেন্দ্ৰত (Guwahati Tea Auction Centre) পঞ্জীয়নভুক্ত অন্যতম পুৰণি চাহ ক্ৰয় প্ৰতিষ্ঠান অমিত আশিস এণ্টাৰপ্ৰাইজৰ আশিস শ্বাহে । ২০০ বছৰীয়া অসমৰ চাহৰ ঐতিহ্যৰ লগত সংগতি ৰাখি 'নেটা'ই মনোজ জালানক প্ৰথম সঞ্চালক হিচাপে লৈ এখন 'চাহ একাডেমী'ও আৰম্ভ কৰিছে । এই চাহ একাডেমীয়ে চাহ উদ্যোগৰ বাবে প্ৰশিক্ষিত জনশক্তি সৃষ্টিৰ বাবে দীৰ্ঘম্যাদী আৰু হ্ৰস্বম্যাদী পাঠ্যক্ৰম গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক :Job at Google : ইউটিউবত চাই শিকিছিল, বৰ্তমান বছৰত 60 লাখ টকা উপাৰ্জন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.