ETV Bharat / bharat

Job at Google : ইউটিউবত চাই শিকিছিল, বৰ্তমান বছৰত 60 লাখ টকা উপাৰ্জন !

author img

By

Published : Jan 9, 2023, 5:09 PM IST

learned by watching on YouTube
Job at Google

গুগলত এটা চাকৰি (job at google) ! প্ৰতি বছৰে 60 লাখ টকাৰ এক বৃহৎ দৰমহাৰ পেকেজ । গুণ্টুৰৰ যুৱতী ৰাভুৰী পুজিতাই পূৰণ কৰিছে যুৱপ্ৰজন্মৰ সপোন । কিন্তু তেওঁৰ সফলতাৰ ৰহস্য কি ? আচৰিত কথাটো হৈছে যে, তেওঁৰ সফলতাৰ সৈতে লকডাউনৰ কি সম্পৰ্ক আছে ? তেওঁৰ মুখেৰেই জানো আহক ।

নিউজ ডেস্ক, ৯ জানুৱাৰী : এই মুহূৰ্তত গুগলত এটা চাকৰি সকলোৰে বাবে এটা বৃহৎ প্ৰাপ্তি (job at google) ! তাতে যদি দৰমহাৰ পেকেজ প্ৰতি বছৰে 60 লাখ টকা হয় তেন্তে তাতকৈ আৰু ডাঙৰ সফলতা যুৱ প্ৰজন্মৰ বাবে আন একো হ'ব নোৱাৰে । সেই সপোনেই বাস্তৱায়িত হৈছে গুণ্টুৰৰ এগৰাকী যুৱতীৰ । ৰাভুৰী পুজিতাই পূৰণ কৰিছে যুৱ প্ৰজন্মৰ এই সপোন (Guntur girl 60 lakh rupees salary job in google) । কিন্তু তেওঁৰ সফলতাৰ ৰহস্য কি ? তেওঁৰ সফলতাৰ আঁৰত লকডাউনৰ (lockdown) কি সম্পৰ্ক আছে ? তেওঁৰ নিজৰ মুখেৰেই জানো আহক ।

''যেতিয়া কোভিড-১৯ আৰম্ভ হৈছিল, তেতিয়া মই B.Tech-ৰ প্ৰথম বছৰৰ ছাত্ৰী । ঠিক সেই সময়তে লকডাউনো আৰম্ভ হয় । আন বহুতৰ দৰে মোৰো ওচৰতে থকা কলেজখনলৈ গৈ পঢ়াৰ সুযোগ নাছিল । কিন্তু তাত মই একেবাৰে চিন্তিত হোৱা নাছিলোঁ । মই মহাবিদ্যালয়ৰ কৰ্মচাৰীসকলে অনলাইনত দিয়া বক্তৃতাবোৰ মনোযোগেৰে শুনিছিলোঁ (online classes) ।" তেওঁ কয় ।

লগতে তেওঁ কয়, "মই মোৰ সন্দেহ আৰু সমস্যাবিলাকৰ কথা শিক্ষক আৰু জ্যেষ্ঠসকলক যিমান সম্ভৱ সুধিছিলোঁ । আনহাতে, যেতিয়া মই কিবা এটা কৰিব নোৱাৰো, লগে লগে অনলাইন অনুসন্ধান কৰোঁ । মোৰ দেউতা ব্যক্তিগত বেংকৰ এজন বিষয়া । আনহাতে, মোৰ ভনীয়ে সপ্তম শ্ৰেণীত পঢ়ি আছে । কিন্তু কি পঢ়িব লাগে, কেনেকৈ পঢ়িব লাগে তাৰ নিৰ্দেশনা দিবলৈ কোনো নাছিল । সেয়েহে মই নিজেই সেয়া জানিবলৈ চেষ্টা কৰিছিলোঁ ।''

''জেইইত (JEE) মই ঝাৰখণ্ড বিআইটিএছত (Jharkhand BITS) নামভৰ্তিৰ সুবিধা পাইছিলোঁ । কিন্তু মোৰ মা-দেউতাই তেতিয়া কৈছিল যে ইমান দূৰলৈ গৈ কিয় পঢ়িব লাগে । গতিকে মই গুণ্টুৰৰ কে এল বিশ্ববিদ্যালয়ত (KL University in Guntur) B.Tech পাঠ্যক্ৰমত নামভৰ্তি কৰোঁ । যেতিয়া মই প্ৰথম বৰ্ষৰ প্ৰথম ছেমিষ্টাৰত আছিলোঁ, কেএল বিশ্ববিদ্যালয়ে সমস্যা সমাধানৰ পাঠ্যক্ৰম এটা আৰম্ভ কৰিছিল । এনেদৰে মোৰ কোডিং যাত্ৰা আৰম্ভ হৈছিল । দ্বিতীয় ছেমিষ্টাৰৰ শেষত লকডাউন আৰম্ভ হৈছিল । যদিও মই অনলাইন পাঠবোৰ বুজি বুজি পোৱা নাছিলোঁ, মই ইউটিউব ভিডিঅ' চোৱা আৰু কোডিং আয়ত্ত কৰা আৰম্ভ কৰোঁ ।'' ৰাভুৰী পুজিতাই এই প্ৰসংগ যোগ দিয়ে ।

''ছফ্টৱেৰ কোম্পানীবোৰে (Software companies) কোডিঙৰ (coding) বিষয়ে বহুতো প্ৰশ্ন কৰে । সেয়েহে ইয়াক আয়ত্ত কৰিবলৈ বহুতো ৱেবছাইট ব্যৱহাৰ কৰা হয় । মই মোৰ আজৰি সময়খিনি কোডিং, অন্যান্য সমস্যা আৰু চাকৰি এটা লাভ কৰাৰ বাবে প্ৰয়োজনীয় দক্ষতা শিকিবলৈ ব্যৱহাৰ কৰিছিলোঁ । মই দিনটোৰ আধা সময় অনলাইনত পাঠ গ্ৰহণ কৰোঁ । আৰু বাকী সময়খিনি মই মোৰ নিজৰ বাবে অনলাইন কাম শিকোঁ । মই নিজকে পৰীক্ষা কৰিবলৈ আৰম্ভ কৰোঁ । মই ক'ত ভুল কৰি আছোঁ সেয়া জানিবলৈ চোষ্টা কৰোঁ ।" নিজৰ অভিজ্ঞতা সঞ্চয়ৰ বিষয়ে তেওঁ এনেদৰে কয় ।

ৰাভুৰী পুজিতাই কয়. "Leatcode, CodeChef, Prepbytes, BinarySearch.com আদি ছাইটবোৰ কোডিঙৰ বাবে ভাল । মই সময় ব্যৱস্থাপনা শিকিছিলোঁ আৰু অনলাইন মূল্যায়ন আৰু সাক্ষাৎকাৰৰ অনুশীলন কৰিছিলোঁ । প্ৰায়ে মকড্ৰিল সাক্ষাৎকাৰত উপস্থিত আছিলোঁ । মই অনলাইনত জ্যেষ্ঠসকলৰ সৈতে যোগাযোগ কৰিছিলোঁ আৰু তেওঁলোকৰ অভিজ্ঞতাবোৰ তাৰ পৰা জানিবলৈ পাওঁ । এই সকলোবোৰে মোক সাক্ষাৎকাৰত বহিবপৰাকৈ প্ৰস্তুত কৰাত বহুত সহায় কৰিছিল । এনেদৰেই মই গুগল, এডোব (Adobe) আৰু আমাজন কোম্পানীত (Amazon company) সফলতা অৰ্জন কৰিছিলোঁ । তাত মই বহু আনন্দ উপভোগ কৰিছোঁ ।''

''আমাজন আৰু এডোব কোম্পানীৰ বাৰ্ষিক পেকেজ 45 লাখ টকা । কিন্তু গুগলে 60 লাখ টকাৰ এটা পেকেজৰ সুযোগ বাছনি কৰোঁ । অহা সপ্তাহত মই এটা ইণ্টাৰ্ণশ্বিপলৈ যাম । মোৰ লক্ষ্য হৈছে কামটোৰ স্বীকৃতি আৰু নিপুণতা লাভ কৰাৰ পিছত মানুহৰ বাবে উপযোগী সামগ্ৰী ডিজাইন কৰা ।'' নিজৰ সাফল্যত সুখী ৰাভুৰী পুজিতাই কয় ।

লগতে পঢ়ক :Youths arrested for misbehaving: বিমানত এয়াৰ হোষ্টেছৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত দুজন যুৱকক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.