ETV Bharat / state

আই এন এছ সিন্ধুৰক্ষকৰ সৈতে সাগৰৰ বুকুত শুই পৰা অসমীয়া ডেকাজন...

author img

By

Published : Aug 15, 2021, 6:07 PM IST

As_Tezpur_14Aug_02_Pix_Navy Sailor_Pranab Kumar Das_7203907
আই এন এছ সিন্ধুৰক্ষকৰ সৈতে সাগৰৰ বুকুত শুই পৰা অসমীয়া ডেকাজন

2013 চনৰ 14 আগষ্টত আই এন এছ সিন্ধুৰক্ষক (INS Sindhu Rakshak)ৰ সৈতে সাগৰৰ বুকুত বিলীন হৈ গৈছিল লখিমপুৰৰ নৰোত্তম ডেউৰী ৷ জীৱনৰ দ্বিতীয়টো ছাবমেৰিন যাত্ৰাই নৰোত্তম ডেউৰীৰ বাবে হৈ ৰ’ল অন্তিমটো যাত্ৰা ৷

তেজপুৰ, 15 আগষ্ট : এগৰাকী সুন্দৰ সুঠাম অসমীয়া ডেকা ৷ সৰুৰে পৰা নৈৰ পাৰত উমলি-জামলি ডাঙৰ-দীঘল হোৱা ডেকাজন জীৱনৰ অন্তিমটো ক্ষণত বিলীন হৈ গ’ল সাগৰৰ বুকুত ৷ 2013 চনৰ 14 আগষ্টৰ দিনটোতে ‘আই এন এছ সিন্ধুৰক্ষক’ (INS Sindhu Rakshak)ৰ সৈতে সাগৰৰ বুকুত চিৰদিনলৈ শুই পৰিল তেওঁ ৷

উল্লেখ্য যে, আজিৰে পৰা 9 বছৰ পূৰ্বে অৰ্থাৎ 2013 চনৰ 14 আগষ্টৰ পুৱতি নিশাৰ ঘটনা ৷ স্বাধীনতা দিৱসৰ বাবে প্ৰস্তুতি চলাই আছিল সমগ্ৰ দেশে ৷ কিন্তু সেই সময়তেই সংঘটিত হৈছিল এক ভয়ংকৰ অঘটন ৷ যি দুৰ্ঘটনাই স্তব্ধ কৰি গৈছিল সমগ্ৰ দেশবাসীক ৷ ভাৰতীয় নৌ সেনাৰ 'আই এন এছ সিন্ধুৰক্ষক' (INS Sindhu Rakshak) নামৰ ছাবমেৰিনখনত সংঘটিত হৈছিল এক ভয়ংকৰ বিস্ফোৰণ ৷ এই বিস্ফোৰণতে প্ৰাণ হেৰুৱাইছিল লখিমপুৰ নৰোত্তম দেউৰীয়ে ৷

নৰোত্তম দেউৰীৰ লগতে এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল শিলচৰৰ ত্ৰিমূৰ্তি সিনহা আৰু ভাৰতীয় নৌ সেনাৰ 18 গৰাকী নাবিকে ৷

লগতে পঢ়ক : 19 বছৰীয়া ভাৰতীয় স্বাধীনতা সংগ্ৰামী খুদিৰাম বসুৰ স্মৃতি...

1992 চনৰ 24 ফেব্ৰুৱাৰীত লখিমপুৰৰ নাৰায়ণপুৰৰ মাজৰ চাপৰি দেউৰী গাঁৱত জন্মলাভ কৰিছিল নৰোত্তম দেউৰীয়ে ৷ নৰোত্তম দেউৰী আছিল জ্যোতিষ চন্দ্ৰ দেউৰী আৰু যাজ্ঞসেনী দেউৰীৰ জ্যেষ্ঠ সন্তান ৷ মাধৱদেৱ মহাবিদ্যালয়ত কলেজীয়া জীৱন আৰম্ভ কৰাৰ মাজতেই নৰোত্তমে ২০১১ চনত ভাৰতীয় নৌ-সেনাৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হয় ৷

ইয়াৰ পিছতে ডেৰ বছৰীয়া প্ৰশিক্ষণ সামৰি বিশাখাপট্টনমত নৌ-সেনাৰ কাৰিকৰী শাখাত যোগদান কৰে নৰোত্তমে ৷ পৰৱৰ্তী সময়ত ২০১২ বৰ্ষত মেৰাইন ইঞ্জিনিয়াৰিং প্ৰৱেশ পৰীক্ষাত সফলভাৱে উত্তীৰ্ণ হৈ নিজৰ সপোনৰ দিশে আগবাঢ়িছিল নৰোত্তম । কিন্তু জীৱনৰ দ্বিতীয়টো ছাবমেৰিণ যাত্ৰাই নৰোত্তমৰ জীৱনৰ অন্তিম যাত্ৰা হৈ ৰ’ল ৷

নৰোত্তম দেউৰীৰ কনিষ্ঠ ভাতৃ ডেলতন দেউৰীও এতিয়া ভাৰতীয় নৌ সেনাতে কৰ্মৰত ৷ প্ৰতিৰক্ষা বিভাগে 2021 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ডেলতন দেউৰীক নৌ সেনাত নিযুক্তি প্ৰদান কৰিছে ৷ প্ৰতিবছৰে চাপৰি দেউৰী গাঁৱত বীৰ শ্বহীদ নৰোত্তম দেউৰীক শ্ৰদ্ধাৰে সোঁৱৰে গাঁওবাসীয়ে ৷ নৰোত্তম দেউৰীৰ স্মৃতিসৌধ বন্তি প্ৰজ্বলনেৰে তেখেতৰ ত্যাগক স্মৰণ কৰে সকলোৱে ৷

লগতে পঢ়ক : পথৰুঘাটৰ ৰণে ৰিঙিয়াই...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.