ETV Bharat / state

Indian Traditional Agriculture Fair : ভাৰতীয় পাৰম্পৰিক কৃষি মেলাৰ ৰাষ্ট্ৰীয় অধিৱেশন সম্পন্ন

author img

By

Published : Jun 10, 2023, 2:35 PM IST

ভাৰতীয় পাৰম্পৰিক কৃষি মেলাৰ ৰাষ্ট্ৰীয় অধিৱেশন ।কৃষি মডেল প্ৰতিযোগিতাত অসম কৃষি বিশ্ববিদ্যালয় শ্ৰেষ্ঠ (National Conference of Indian Traditional Agriculture Fair) ।

Etv Bharat
Etv Bharat

তেজপুৰ, 10 জুন : ভাৰতীয় পাৰম্পৰিক কৃষি মেলাৰ ৰাষ্ট্ৰীয় অধিৱেশনৰ সৈতে সংগতি ৰাখি 5 জুনৰ দিনা 'অসম আৰু উত্তৰ-পূৱ ভাৰতৰ খিলঞ্জীয়া কৃষি পদ্ধতি প্ৰদৰ্শন ' শীৰ্ষক এক মডেল প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ মাজৰ শিক্ষাৰ্থীসকলৰ মাজত অনুষ্ঠিত হোৱা এই মডেল প্ৰতিযোগিতাত অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰীসকলে প্ৰথম তিনিটা স্থান লাভ কৰে । তেজপুৰ বিশ্ববিদ্যালয়ৰ উদ্যোগত 5 জুনৰ দিনা অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত স্নাতক পৰ্যায়ৰ মুঠ 9 টা আৰু স্নাতকোত্তৰ পৰ্যায়ৰ 3 টা দলে অংশগ্ৰহণ কৰে (National Conference of Indian Traditional Agriculture Fair) ।

দুজন সদস্যৰে গঠিত দলসমূহৰ ভিতৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি স্নাতক শাখাৰ দ্বিতীয় বৰ্ষৰ সৌৰভ জ্যোতি বৈশ্য আৰু সাৰংগপানী বৰাৰ দলে 'জাবো আৰু আপাটানি শস্য ব্যৱস্থা' প্ৰাচীন পদ্ধতিৰ আঁৰৰ বিজ্ঞান শীৰ্ষক প্ৰকল্পৰ বাবে প্ৰথম স্থান লাভ কৰে আৰু কৃষিৰ বাবে “অসমৰ বাৰী কৃষি ব্যৱস্থা”ৰ ওপৰত আৰ্হিৰ বাবে সম্পদৰ সুদক্ষ ব্যৱহাৰক বহনক্ষমভাৱে চিত্ৰিত কৰা শীৰ্ষক উপস্থাপনৰ বাবে স্নাতক দ্বিতীয় বৰ্ষৰ ভাস্কৰ জ্যোতি কলিতা আৰু অনুস্মিতা দত্তই দ্বিতীয় পুৰস্কাৰ লাভ কৰে ৷ দুয়োটা দললৈ আয়োজক সমিতিয়ে 10000 টকা আৰু 5000 টকাৰ প্ৰাইজমানি প্ৰদান কৰে ( Assam agricultural university ) ।

আনহাতে উদ্ভিদ ৰোগবিজ্ঞান বিভাগৰ স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ প্ৰজ্ঞা পাৰ্মিতা আচাৰ্য আৰু গ্ৰীস্মা ভাৰ্গিজৰ দলে “কৃষি-পৰিৱেশ পৰ্যটনৰ জৰিয়তে অসমৰ থলুৱা কৃষি পদ্ধতি উন্মোচন কৰা” বিষয়ক আৰ্হি দাঙি ধৰি তৃতীয় স্থানেৰে নগদ 3000 টকাৰ পুৰস্কাৰ লাভ কৰে । অধ্যাপক ড০ অনুৰাগ কাশ্যপ আৰু ড০ ভাৰত চন্দ্ৰ নাথে তেজপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা মডেল প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰা অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰতিযোগী ছাত্ৰ-ছাত্ৰীসকলৰ দলটোক নেতৃত্ব দিয়ে (Tezpur university) ।

লগতে পঢ়ক : aircraft crashed japan : দুখন বিমানৰ মাজত সংঘৰ্ষ; সংঘৰ্ষৰ পাচত বন্ধ কৰি দিয়া হয় ৰাণৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.