ETV Bharat / state

Massive landslide in Meghalaya: মেঘালয়লৈ যোৱাৰ পথত ভূমিস্খলন; দেওবাৰে মুকলি কৰা হ’ল পথ

author img

By

Published : Jun 11, 2023, 10:40 PM IST

মেঘালয়ৰ ৬ নং ৰাষ্ট্ৰীয় ঘাই পথত ভূমিস্খলন । ধাৰাসাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ ফলত হাহাকাৰ পৰিস্থিতি । শনিবাৰে সন্ধিয়াৰভাগত হোৱা ভূমিস্খলনে বন্ধ কৰা পথ দেওবাৰে যাতায়তৰ বাবে মুকলি কৰা হয় ।

Massive landslide on National Highway 6 in Meghalaya
মেঘালয়ত ভয়ংকৰ ভূমিস্খলন

তেজপুৰ,১১ জুন: শনিবাৰৰ পৰা হোৱা মূষলধাৰ বৰষুণৰ ফলত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে চুবুৰীয়া ৰাজ্য মেঘালয়ত । ঠায়ে ঠায়ে হোৱা ভূমিস্খলনৰ ফলত শংকিত হৈ পৰিছে জনতা । মূষলধাৰ বৰষুণৰ ফলত মেঘালয়ৰ পূব জয়ন্তীয়া হিলছৰ ৬ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হৈ পৰে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ।

শনিবাৰে সন্ধিয়াৰভাগৰ পৰা হোৱা ভূমিস্খলনৰ ফলত যোগাযোগত ব্যাঘাত জন্মে পথচোৱাত । দেওবাৰে ভূমিস্খলনৰ পৰিমাণ কিছু কম হোৱাত তপথ চোৱা মুকলি কৰা হয় যদিও বৰ্তমানো বিপদৰ শংকা ঘণীভূত । সেয়ে, মেঘালয় আৰক্ষীয়ে পশ্চিম পাহাৰ জিলালৈ যোৱা বা জিলাখনৰ উভতি অহা পৰ্যটকসকলক বাহনৰ গতিবেগ কম কৰিবলৈ আহ্বান জনায় ।

আৰক্ষীয়ে এখন বাহনে আনখন বাহনক অভাৰটেক নকৰিবলৈ নিৰ্দেশ জাৰি কৰে । ভূমিস্খলনৰ ফলত পথটোত বোকা পানীৰে ভয়াৱহ হৈ পৰা বুলি জানিবপৰা গৈছে । ফলস্বৰূপে এক দুৰ্ঘটনা সংঘটিত হৈছে বুলিও এক তথ্য প্ৰকাশ পাইছে । ইয়াৰ বাবে সোণাপুৰ সুৰংগৰ সমীপৰ পৰা ৬নং ৰাষ্ট্ৰীয় ঘাই পথত অভাৱনীয়ভাৱে যান-বাহনৰ ভিৰ পৰিলক্ষিত হৈছে ।

আৰক্ষী আৰু প্ৰশাসনৰ দ্বাৰা পথটোত গতি নিয়ন্ত্ৰক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে যান-বাহনৰ উদ্ধাৰ কাৰ্যও অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে । পূব জয়ন্তীয়া পাহাৰ জিলাৰ আৰক্ষীৰ তৰফৰ পৰা জনোৱা অনুসৰি যোৱা ২৪ ঘণ্টাত অত্যাধিক বৰষুণ হোৱাত একেটা পথত লামচুক ষ্টাৰ চিমেণ্টৰ সম্মুখত পথৰ ওপৰত পানী জমা হৈ যাতায়তৰ বিঘ্নিত হৈ পৰিছে । সেয়েহে আৰক্ষীয়ে অন্য পথৰে যাতায়তৰ ব্যৱস্থা কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু সকলোকে এই নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ধাৰাসাৰ বৰষুণৰ ফলত বহুবাৰ ভয়ংকৰ ভূমিস্খলন দেখা গৈছিল মেঘালয়ত । যাৰ পৰিপ্ৰেক্ষিতত ভয়ংকৰ সমস্যাৰ সন্মুখীন হৈছিল পথচাৰীসকল । বহুকেইটা শোকাৱহ দুৰ্ঘটনাও সংঘটিত হোৱা পৰিলক্ষিত হৈছিল । সেয়ে বৰ্তমান আৰক্ষীয়ে জাৰি কৰা সতৰ্কতামূলক নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে মেঘালয় চৰকাৰে ।

লগতে পঢ়ক: CM Press meet: 14 মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.