ETV Bharat / state

Murder in Sonitpur: স্বামীৰ প্ৰহাৰত প্ৰাণ গ’ল তিনি সন্তানৰ মাতৃৰ

author img

By

Published : May 9, 2022, 7:59 PM IST

Murder in Sonitpur
শোণিতপুৰত স্বামীৰ প্ৰহাৰত প্ৰাণ গ’ল তিনি সন্তানৰ মাতৃৰ

শোণিতপুৰৰ মিছামাৰীত স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ ৷ পাৰিবাৰিক সংঘাতক লৈ স্বামীয়ে পত্নীৰ মূৰত আঘাত কৰাৰ ফলত মৃত্যু হয় তিনি সন্তানৰ মাতৃগৰাকীৰ (Man brutally murdered his wife in Sonitpur) ৷

ৰঙাপৰা, 9 মে’: শোণিতপুৰৰ মিছামাৰীত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড । তিনি সন্তানৰ মাতৃক মৰিয়াই হত্যা কৰিলে স্বামীয়ে (Man brutally murdered his wife in Sonitpur)৷ এই ঘটনাই সমগ্ৰ অঞ্চলত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷

মিছামাৰীৰ বেলিশিৰি আৰক্ষী চকীৰ অন্তৰ্গত খুটাপোটা গাঁৱৰ নিৱাসী বুলু কালন্দিয়ে (৪০) পত্নী তথা তিনিটা সন্তানৰ মাতৃ ৰীণা কালন্দিৰ সৈতে প্ৰথমে তৰ্ক বিৰ্তকত লিপ্ত হয় । বাক বিতণ্ডাত অগ্নিশৰ্মা হৈ স্বামী বুলুয়ে পত্নীক এডাল খৰিৰে মূৰত প্ৰচণ্ড জোৰেৰে প্ৰহাৰ কৰাত লগে লগে মাটিত ঢলি পৰে ৰীণা কালন্দি (Murder in Sonitpur)। উল্লেখ্য যে, দৰিদ্ৰ পৰিয়ালটোৰ স্বামী-পত্নীৰ মাজত প্ৰায়েই সংঘাট হৈ অহা বুলি জানিব পৰা গৈছে ।

শোণিতপুৰত স্বামীৰ প্ৰহাৰত প্ৰাণ গ’ল তিনি সন্তানৰ মাতৃৰ

ইফালে ঘটনাৰ খবৰ পোৱাৰ পাছতে বেলিশিৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কুৰবান আলি শ্বেখ ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী স্বামীক আটক কৰাৰ লগতে মৃতদেহটো উদ্ধাৰ কৰি মিছামাৰী আৰক্ষী থানালৈ লৈ যায় । আৰক্ষীয়ে থানাত এটি গোচৰ ৰুজু কৰাৰ লগতে হত্যাকাৰী স্বামীক আটক কৰি সোমবাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: Tense situation in Rangalu: অপৰাধীক কৰায়ত্ব কৰিবলৈ যোৱা আৰক্ষীক আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.