ETV Bharat / state

বিহালীত অবৈধ মাৰণাস্ত্ৰসহ সজীৱ গুলী উদ্ধাৰ

author img

By

Published : Jun 21, 2021, 3:53 PM IST

Pistol recovery at Bihali
বিহালীত অবৈধ মৰাণাস্ত্ৰসহ সজীৱ গুলী উদ্ধাৰ

আৰক্ষীয়ে নিত্য ঢাকালৰ বাসগৃহৰ পূজাস্থলীৰ পৰা উদ্ধাৰ পিস্তলসহ সজীৱ গুলিখিনি উদ্ধাৰ কৰে ৷ অৱশ্যে ইয়াৰে 2 টা ব্যৱহৃত কাৰ্টিজ ৷ আৰক্ষীৰ দলটোৱে মৰাণাস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাৰ লগত জড়িত থকা অভিযোগত আন দুজন যুৱক ক্ৰমে বটীয়ামাৰীৰ উত্তম ঢাকাল আৰু ৰাংছালী গোপচাৰৰ ৰাজু ওৰাঙক আটক কৰে ৷

বিশ্বনাথ, 21 জুন : বিহালী আৰক্ষীয়ে দেওবাৰে পুৱতি নিশা বিহালীৰ বটিয়ামাৰীত অভিযান চলাই দুটা নাইন এম এম (9MM) পিষ্টল(Pistol) সহ 8 জাঁই সজীৱ গুলী উদ্ধাৰ কৰে ৷ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে বটিয়ামাৰীৰ উত্তম ঢাকাল (40), ৰাংছালী গোপচাৰৰ ৰাজু ওৰাং(20) আৰু নিত্য ঢাকাল (44) নামৰ তিনিজন যুৱকক আটক কৰে ৷ বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কমল বড়োৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বটিয়ামাৰীৰ নিত্য ঢাকাল (44) নামৰ লোকজনৰ ঘৰত এই অভিযান চলাইছিল ৷

আৰক্ষীয়ে নিত্য ঢাকালৰ বাসগৃহৰ পূজাস্থলীৰ পৰা পিষ্টলসহ সজীৱ গুলীখিনি উদ্ধাৰ কৰে ৷ অৱশ্যে ইয়াৰে 2 টা ব্যৱহৃত কাৰ্টিজ ৷ আৰক্ষীৰ দলটোৱে মাৰণাস্ত্ৰ উদ্ধাৰ হোৱাৰ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত আন দুজন যুৱক ক্ৰমে উত্তম ঢাকাল আৰু ৰাজু ওৰাঙক আটক কৰে ৷ যুৱক তিনিজনে কি কাৰণত মাৰণাস্ত্ৰ মজুত ৰাখিছিল, সেই সম্পৰ্কত বৰ্তমানলৈকে বিহালী আৰক্ষীয়ে কোনো তথ্য সদৰী কৰা নাই ৷

Pistol recovery at Bihali
বিহালীত অবৈধ মাৰণাস্ত্ৰসহ সজীৱ গুলী উদ্ধাৰ

উল্লেখ্য যে, বিগত দুমাহৰ পূৰ্বে অৰুণাচলৰ পৰা এজন শ্ৰমিকে দুটা পিষ্টলসহ সজীৱ গুলীখিনি চুৰি কৰি আনি উক্ত লোক দুজনৰ এজনক দিয়া বুলি বিশেষ সূত্ৰে জানিব পৰা হৈছে ৷ কিন্তু বৰ্তমানলৈকে আৰক্ষীয়ে স্পষ্টকৈ প্ৰকাশ কৰা নাই, প্ৰকৃততে এই অস্ত্ৰ ক’ৰ পৰা কোনো আনিলে আৰু কি কামত ব্যৱহাৰ কৰিবলৈ এই অস্ত্ৰখিনি যুৱক তিনিজনে মজুত কৰি ৰাখিছিল ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : গেৰুৱা সাজ পিন্ধিলে সদ্য পদত্যাগী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.