ETV Bharat / state

International Museum Day: তেজপুৰত উত্তৰ পূব ভাৰতৰ ঐতিহ্য উপাদানৰ স্থায়িত্ব শীৰ্ষক আলোচনা চক্ৰ আৰম্ভ

author img

By

Published : May 18, 2023, 7:41 PM IST

International Museum Day in Tezpur
তেজপুৰত আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস

তেজপুৰত আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস আৰম্ভ । ইয়াৰ সৈতে সংগতি ৰাখি আয়োজিত “উত্তৰ-পূব ভাৰতৰ ঐতিহ্য উপাদানৰ স্থায়িত্ব” শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰত দেশৰ কেইবাগৰাকী গৱেষকৰ গৱেষণা পত্ৰ পাঠ (National Symposium in Tezpur) ।

তেজপুৰত আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস

তেজপুৰ, ১৮ মে': অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ অধীনস্থ সংগ্ৰহালয় সঞ্চালকালয়ৰ উদ্যোগত আৰু আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় পৰিষদৰ ভাৰতীয় উপ-সমিতিৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় সংগ্রহালয় দিৱস ২০২৩ কেন্দ্রীয়ভাৱে তেজপুৰত আৰম্ভ হৈছে (International Museum Day 2023)। এই উপলক্ষে চলিত বৰ্ষৰ বিষয় সংগ্ৰহালয়ৰ স্থায়িত্ব আৰু সমৃদ্ধিৰ লগত সংগতি ৰাখি "উত্তৰ-পূৰ্বাঞ্চলৰ ঐতিহ্য উপাদানৰ স্থায়িত্ব" শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ অনুষ্ঠিত হৈছে (International Museum Day in Tezpur) ৷

তেজপুৰৰ অগ্নিগড়ৰ নিকটৱৰ্তী গ্ৰাম্য পথ নেটৱৰ্ক ব্যৱস্থাপনা ইউনিতৰ সভাগৃহত দুদিনীয়াকৈ অনুষ্ঠিত কৰা এই আলোচনা চক্ৰৰ আজিৰ প্ৰথম দিনটোত তেজপুৰ বিশ্ববিদ্যালয়, আই আই টি, খড়গপুৰ, বেনাৰস হিন্দু বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়কে আদি কৰি দেশেৰ কেইবাখনো গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠানৰ গৱেষক, প্রতিনিধিয়ে ইয়াত গৱেষণাপত্র পাঠ কৰে ।

আজিৰ উদ্বোধণী অনুষ্ঠানত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱা, অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কিউৰেটৰ স্নিগ্ধা হাছনু, গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিজ্ঞান বিভাগৰ অধ্যাপক ড৹ দ্বীপেন বেজবৰুৱা, শোণিতপুৰ জিলা সংগ্ৰহালয় বিষয়া অভিলাষ ৰাজখোৱা, জিলা প্রশাসন আৰু সংগ্ৰহালয় সঞ্চালকালয়ৰ ভালেকেইগৰাকী বিষয়া উপস্থিত থাকে ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ব বিজ্ঞান বিভাগৰ অধ্যাপক ড৹ দ্বীপেন বেজবৰুৱাই এই অনুষ্ঠানত মূল বক্তৃতা প্রদান কৰে । আজি প্ৰথম দিনাৰ প্ৰথম কাৰিকৰী অধিৱেশনৰ সভাপতিত্ব কৰে অধ্যাপক দ্বীপেন বেজবৰুৱাই । আনহাতে, দ্বিতীয় অধিবেশনত সভাপতিত্ব কৰে কটন বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ সহযোগী অধ্যাপক ড৹ ঋতু থাওচেনে ।

দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা অহা গৱেষকসকলে এই কাৰিকৰী অধিবেশনত ভিন্ন বিষয়ৰ ওপৰত গৱেষণা পত্ৰ উপস্থাপন কৰে । আলোচনা চক্ৰৰ দ্বিতীয় দিনাও দুখন কাৰিকৰী অধিৱেশন অনুষ্ঠিত হ'ব । প্ৰথম অধিৱেশনৰ সভাপতিত্ব কৰিব অসম বিশ্ববিদ্যালয়ৰ ডিফু কেম্পাছৰ জনজাতি অধ্যয়ন বিভাগৰ মুৰব্বী ড০ সূৰ্যশিখা পাঠকে । ইপিনে, দ্বিতীয়খন কাৰিকৰী অধিৱেশনৰ সভাপতিত্ব কৰিব কাৰ্বি আংলঙৰ জিলা সংগ্ৰহালয় বিষয়া ড০ কৌস্তৱ শইকীয়াই ।

লগতে পঢ়ক;Deepor Bil conservation plan: আজিও ফাইলতে আৱদ্ধ দীপৰ বিলক সংৰক্ষণ তথা উন্নয়নৰ বিস্তৃত প্ৰকল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.