ETV Bharat / state

প্ৰসংগ ভাৰত-চীনঃ মেকমোহন লাইনত সষ্টম চীনা সৈন্য

author img

By

Published : Jul 2, 2020, 7:26 PM IST

Updated : Jul 3, 2020, 9:35 AM IST

India China mc mohan line
প্ৰসংগ ভাৰত-চীনঃ মেকমোহন লাইনত সষ্টম চীনা সৈন্য

ভাৰত-চীনৰ প্ৰতিটো বিবাদমান অঞ্চলত গতি-বিধি অব্যাহত ৰাখিছে চীনা সৈন্যই । প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ সমীপত চীনে কেতিয়াও ৱাফাৰ জ'ন ৰখা নাই, যাৰ ফলত ভাৰতৰ সীমান্তত ৱাফাৰ জ'নৰ প্ৰয়োজন নাই বুলিও জনাই সাংসদ তাপীৰ গাৱে ৷ এই ৱাফাৰ জ'নৰ পৰিৱৰ্তে শীঘ্ৰে সীমান্তৰ নিকটৱৰ্তী অঞ্চল যেনে লাডাখ, গালৱান, উত্তৰাখণ্ড, হিমাচল, ছিক্কিম বা অৰুণাচল প্ৰদেশলৈ যোৱা পথসমূহৰ সুৰক্ষা কটকটীয়া কৰিবলৈ ভাৰত চৰকাৰক অনুৰোধ সাংসদগৰাকীৰ ৷

তেজপুৰ, 2 জুলাইঃ মেকমোহন লাইনৰ সমীপত সষ্টম হৈ আছে চীনা সৈন্য ৷ অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তৰ সাংসদ তাপীৰ গাৱে এক সাক্ষাৎকাৰত জনাইছে এই তথ্য ৷ যি সময়ত গালৱান উপত্যকাত চীনা সৈন্যৰ হাতত 20 জনকৈ ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ এদিন পাছতে দেশৰ প্ৰধানমন্ত্ৰীয়ে চীনা সৈন্যই সীমা উলংঘন কৰা নাই বুলি মন্তব্য প্ৰদান কৰিছিল সেই সেই সময়তে, বিজেপি দলৰ সাংসদ তাপীৰ গাৱে ১৯৬২ চনৰ যুদ্ধৰ পাছতে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ চীনা সৈন্যই নীতি সলনি কৰিছিল বুলি মন্তব্য কৰে ৷ যাৰ পৰিপ্ৰেক্ষিতত ভাৰত-চীন সীমান্তৰ মাজত প্ৰকৃত নিয়ন্ত্ৰণৰেখা (LAC) এলেকাত চীনে আন্তঃগাঁথনি অধিক শক্তিশালী কৰি তুলিছিল ৷

প্ৰসংগ ভাৰত-চীনঃ মেকমোহন লাইনত সষ্টম চীনা সৈন্য

লগতে পঢ়কঃ চিকিৎসক আৰু নাৰ্ছৰ বাবে বছৰৰ শেষলৈ 25 শতাংশ ৰেহাইৰ সুবিধা ইণ্ডিগ'ৰ

ভাৰত-চীনৰ প্ৰতিটো বিবাদমান অঞ্চলত গতি-বিধি অব্যাহত ৰাখিছে চীনা সৈন্যই । ইয়াৰোপৰি প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ সমীপত চীনে কেতিয়াও ৱাফাৰ জ'ন ৰখা নাই সেয়ে ভাৰতৰ সীমান্তত ৱাফাৰ জ'নৰ প্ৰয়োজন নাই বুলিও জনায় সাংসদ তাপীৰ গাৱে ৷ এই বাফাৰ জ'নৰ পৰিৱৰ্তে শীঘ্ৰে সীমান্তৰ নিকটৱৰ্তী লাডাখ, গালৱান, উত্তৰাখণ্ড, হিমাচল, ছিক্কিম বা অৰুণাচল প্ৰদেশলৈ যোৱা পথসমূহৰ সুৰক্ষা টনকিয়াল কৰিবলৈ ভাৰত চৰকাৰক অনুৰোধ কৰিছে সাংসদগৰাকীয়ে ৷

প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালত সীমান্ত অঞ্চলৰ উন্নয়নৰ কাম হাতত লোৱা হৈছিল যদিও সেয়া বৰ্তমানহে কাৰ্যক্ষম হৈছে ৷ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত চীনৰ কোনো বিবাদ পোহৰলৈ অহা নাছিল বুলি অৱগত কৰে বিজেপি সাংসদগৰাকীয়ে ৷ কিন্তু বিজেপি চৰকাৰৰ কাৰ্যকালত ইতিমধ্যে ভাৰত-চীন সীমান্তৰ পথ উন্নয়নৰ কাম হাতত লৈছে ভাৰত চৰকাৰে ৷

লগতে পঢ়কঃ প্ৰতিৰক্ষা খণ্ডলৈ প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদৰ 38,900 কোটিৰ অনুমতি

Last Updated :Jul 3, 2020, 9:35 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.