ETV Bharat / state

NETA survey on Assam Tea Garden: অসমৰ চাহ বাগিচাত জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উত্তাপৰ প্ৰভাৱ

author img

By

Published : Feb 6, 2023, 3:17 PM IST

NETA survey on Assam Tea Garden
অসমৰ চাহ বাগিচাত জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উত্তাপৰ প্ৰভাৱ

জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিয়ে বিৰূপ প্ৰভাৱ পেলাইছে অসমৰ চাহ উদ্যোগত (Impact of Climate Change on Assams Tea Gardens)। নৰ্থ ইষ্ট টি এছ'চিয়েচন চমুকৈ নেটাৰ এক কৰ্মশালাত এই কথা স্পষ্ট হৈ পৰিছে । কাৰ্বি আংলঙৰ চাহ বাগিচাত ক্ষুদ্ৰ জলসিঞ্চন ব্যৱস্থাৰ আৰম্ভ হৈছে । এই ক্ষেত্ৰত নেটাৰ দুদিনীয়া কৰ্মশালা ।

তেজপুৰ, ৬ ফেব্ৰুৱাৰী : উত্তৰ-পূৰ্বাঞ্চলৰ চাহ বাগিচা জলবায়ুৰ ওপৰত অত্যন্ত নিৰ্ভৰশীল । জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিয়ে বিগত কেইবছৰমানৰ পৰা অসমৰ চাহ বাগিচাত বিৰূপ প্ৰভাৱ পেলাইছে (Impact of Climate Change on Assams Tea Gardens)। ই এনে এটা স্তৰত উপনীত হৈছে যে জলসিঞ্চন অবিহনে চাহ বাগিচাসমূহ জীয়াই ৰখাটো কঠিন হৈ পৰিছে । এই মন্তব্য উত্তৰ-পূব চাহ সন্থাৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিৰ ।

তেওঁ কয় যে অসমৰ চাহ উদ্যোগৰ শীৰ্ষ পাঁচটা প্ৰত্যাহ্বানৰ ভিতৰত জলবায়ু পৰিৱৰ্তন অন্যতম । নৰ্থ ইষ্ট টি এছ'চিয়েচন চমুকৈ নেটাই (North East Tea Association) শেহতীয়াকৈ গোলাঘাটস্থিত উত্তৰ-পূব চাহ সন্থাৰ মুখ্য কাৰ্যালয়ত "চাহত প্ৰযুক্তি চালিত জলসিঞ্চন আৰু সাৰ প্ৰয়োগৰ গুৰুত্ব" শীৰ্ষক দুদিনীয়া কৰ্মশালাৰ আয়োজন কৰে । উত্তৰ-পূব চাহ সন্থাৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে জনায় যে অসমত অনুষ্ঠিত Y20 সন্মিলনৰ প্ৰাকমুহূৰ্তত জলবায়ুৰ ওপৰত উত্তৰ-পূৰ্বাঞ্চলৰ চাহ বাগিচাসমূহৰ পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰা হয় (NETA workshop on Tea Garden)।

NETA survey on Assam Tea Garden
অসমৰ চাহ বাগিচাত জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উত্তাপৰ প্ৰভাৱ

তেওঁ কয় যে এই কৰ্মশালাৰ মূল বক্তা হিচাপে জৈন জলসিঞ্চন ব্যৱস্থা লিমিটেডৰ গ্ল'বেল এগ্ৰ'নমিষ্ট আৰু উদ্ভিদ শৰীৰ বিজ্ঞান বিশেষজ্ঞ ড৹ পি সোমনে গভীৰভাৱে আলোচনা কৰে । তেওঁ কয় যে কৃষি বিজ্ঞানৰ পৰিৱৰ্তনে শস্যৰ কাৰ্যক্ষমতা বৃদ্ধিত ক্ষুদ্ৰ জলসিঞ্চন প্ৰযুক্তিয়ে কেনেদৰে সহায় কৰে । গ্ৰুণ্ডফছ পাম্পৰ (Grundfos pumps) কাৰিকৰী বিশেষজ্ঞ বিনয় ৰাধাকৃষ্ণনে উন্নত প্ৰযুক্তিৰ হাইড্ৰ' নিউমেটিক পাম্পৰ গুৰুত্ব দাঙি ধৰে ।

এম ডি'ছ অৰ্গেনিক (জৈন জলসিঞ্চন চিষ্টেমছ লিমিটেডৰ বিতৰক)ৰ চিইঅ' পীয়ুষ গত্তানীয়ে চাহ বাগিচাত সাৰ আৰু স্বয়ংক্ৰিয়কৰণৰ সৈতে ড্ৰিপ জলসিঞ্চন স্থাপনৰ খৰচৰ অৰ্থনীতি দাঙি ধৰে । পশ্চিমবংগৰ জ্যেষ্ঠ চাহ ৰোপণকাৰী শিৱ সৰিয়াই চাহ বাগিচাত ক্ষুদ্ৰ জলসিঞ্চন ব্যৱহাৰ কৰি লাভ কৰা ব্যাপক অভিজ্ঞতা আৰু লাভৰ বিষয়ে ব্যক্ত কৰে (Minor irrigation system in tea gardens)।

দ্বিতীয় দিনাৰ কৰ্মশালাখন আছিল কাৰ্বি আংলঙৰ এখন চাহ বাগিচাত ব্যৱহাৰিক ক্ষেত্ৰ ভ্ৰমণ য'ত জৈন জলসিঞ্চন ব্যৱস্থাই ভাৰতত প্ৰথমবাৰৰ বাবে প্ৰায় ১০০ হেক্টৰ চাহ বাগিচাত ড্ৰিপ ইৰিগেচন উইথ ফাৰ্টিগেচন এণ্ড অট'মেচন সফলভাৱে স্থাপন কৰিছে (Drip Irrigation with Fertilization and Automation)। জৈন জলসিঞ্চনেও উক্ত চাহ বাগিচাখনৰ সৈতে হাতে কামে লাগি ইয়াত শেহতীয়া নিখুঁত মাইক্ৰ' জলসিঞ্চন প্ৰযুক্তি (Micro Irrigation Technology) অৰ্থাৎ আই অ' টি ভিত্তিক "জৈন লজিক" বা প্ৰয়োজন ভিত্তিক জলসিঞ্চন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে ।

NETA survey on Assam Tea Garden
অসমৰ চাহ বাগিচাত জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উত্তাপৰ প্ৰভাৱ

এই ব্যৱস্থাত উপগ্ৰহৰ ক্ষেত্ৰৰ তথ্য, মাটিৰ আৰ্দ্ৰতা সংবেদক আৰু অন্যান্য প্ৰয়োগৰ পৰা লাভ কৰা ইনপুটৰ ভিত্তিত কৃষি পথাৰত জলসিঞ্চন আৰু সাৰ দিয়াৰ সিদ্ধান্ত লোৱা হয় । উপদেষ্টা বৰকাকতিয়ে কয় যে অসমৰ মুঠ ৮০০ খন প্ৰধান চাহ বাগিচা আৰু ১,৫০,০০০ খন ক্ষুদ্ৰ চাহ বাগিচা আছে (Tea Garden in Assam)। ইয়াৰ ভিতৰত কাৰ্বি আংলং জিলাৰ ১০০ হেক্টৰ চাহ বাগিচাৰ এলেকাত প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে এই পদ্ধতিৰ প্ৰয়োগ কৰিছে বুলিও তেওঁ কয় ।

এম ডি'ছ অৰ্গেনিকৰ সহযোগত নেটা চাহ একাডেমীয়ে পৰিচালনা কৰা দুদিনীয়া কৰ্মশালাখনে বহনক্ষম কৃষি উন্নয়নৰ নতুন সম্ভাৱনাৰ প্ৰতি সজাগতাৰ সৃষ্টি কৰাৰ লগতে অসমৰ চাহ খেতিয়কসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ এক উপায় বুলি অভিহিত কৰে ।

লগতে পঢ়ক :Kamatapur Mahotsav: বঙাইগাঁৱত চিলাৰায় দিৱসৰ লগতে কমতাপুৰ উৎসৱ উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.